প্ৰকাশিত তাৰিখঃ ৩ নৱেম্বৰ, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট
গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীৰ জয়পুৰত ২ নৱেম্বৰত আৰক্ষীয়ে বাহনসহ গৰুৰ চোৰাং সৰবৰাহকাৰীক আটক কৰে। এই ঘটনাৰ বিষয়ে আগতীয়াকৈ উমান পাই ৰাণীৰ আৰক্ষীয়ে উক্ত স্থানত অভিযান চলাইছিল। অভিযানকালত জয়পুৰ গাঁওখনৰ অন্তিম দিশৰ শুকুৰবৰীয়াৰ হাবিৰ মাজত লুকাই ৰখা অৱস্থাত AS 01 LV 6616, AS 25 CC 4520 আৰু AS 22 C 9157 নম্বৰৰ ৩খন বাহনসহ ১১টা গৰু আৰু চাৰিগৰাকী লোকক আটক কৰি ৰাণী আৰক্ষী চকীলৈ লৈ আহে। আটক কৰা লোক কেইগৰাকী হ’ল মিৰ্জাৰ সৰপাৰাৰ মুস্তাফা আলী, মফিদুল ইছলাম, ৰাণীৰ ইছলামপুৰৰ আনোৱাৰ হুছেইন, তামুলপুৰ কুমাৰীকাটাৰ য়ুৱৰাজ যোগী।
উল্লেখযোগ্য যে, ৰাজ্যত গো–মাতাৰ সুৰক্ষাৰ বাবে এখন কটকটীয়া আইন আছে। ইপিনে ৰাজ্য চৰকাৰ তথা গো–ৰক্ষা বাহিনী সমুহে গো–ধন সুৰক্ষাৰ বাবে কটকটীয়া ব্যৱস্থা গঢ়ি তোলা বুলি কৈ আহিছে যদিও বাস্তৱত সেয়া ওলোটা ছবি এখনহে দেখা যায়। তাৰ উপযুক্ত উদাহৰণ দক্ষিণ কামৰূপৰ অসম–মেঘালয় আন্তঃৰাজ্যিক সীমাৰ বিভিন্ন পথ। দক্ষিণ কামৰূপৰ অসম–মেঘালয় আন্তঃৰাজ্যিক সীমাৰ ৰাণী–জয়পুৰ, উমশ্ৰু, বাখালাপাৰা আদি পথেৰে এতিয়াও চলি আছে গৰুৰ ৰমৰমীয়া চোৰাং সৰবৰাহ।
উল্লেখ্য যে অসম–মেঘালয় সংযোগী ৰাণী–মাইৰাং পথেৰে গৈ নালাপাৰাৰ সৰুপানীৰ পৰা কিছু দূৰৈৰ জয়পুৰ গাঁৱৰ মাজেৰে মেঘালয়ৰ শুকুৰবৰীয়া বজাৰত উঠিব পৰা এটি গাঁৱলীয়া পথ আছে। গাঁওবাসীয়ে অভিযোগ কৰা অনুসৰি আজিকালি তেওঁলোকৰ গাঁওখনৰ পথটো গৰুৰ চোৰাং সৰবৰাহকাৰীসকলে ব্যৱহাৰ কৰিবলৈ লৈছে। এই পথেৰে দৈনিক ১৫–২০খন বাহনত গৰুৰ চোৰাং সৰবৰাহ হয় বুলিও তেওঁলোকে ব্যক্ত কৰিছে।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ

