Monday, December 15, 2025
HomeNEWSনাটক সমগ্ৰ আৰু অন্যান্য সৃষ্টি’ শীৰ্ষক গ্ৰন্থ উন্মোচন

নাটক সমগ্ৰ আৰু অন্যান্য সৃষ্টি’ শীৰ্ষক গ্ৰন্থ উন্মোচন

প্ৰকাশিত তাৰিখঃ ১৫ ডিচেম্বৰ, ২০২৫

চানডুবি নিউজ ৰিপ’ৰ্ট –

কটন কলেজ এলুমিনি হলত ১৩ ডিচেম্বৰত বিশিষ্ট নাট্যকাৰ অবিনাশ শৰ্মা ৰচিত ‘নাটক সমগ্ৰ আৰু অন্যান্য সৃষ্টি’ নামৰ এখনি গ্ৰন্থ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। অসম বুক ট্ৰাষ্টৰ নিতুল নেওগৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট নৃত্যশিল্পী পদ্মশ্ৰী যতীন গোস্বামীয়ে। চিকিৎসক শিবাশ্ৰুতি ৰাজখোৱাৰ সৰস্বতী বন্দনাৰে শুভাৰম্ভণ কৰা অনুষ্ঠানটোৰ আঁত ধৰে বিশিষ্ট নাট পৰিচালক নয়ন প্ৰসাদে।

উক্ত অনুষ্ঠানত কেইবাগৰাকীও বক্তাই অবিনাশ শৰ্মাৰ নাট্য সৃষ্টিৰ গুৰুত্ব আৰু অসমীয়া নাট্য সাহিত্যলৈ তেওঁৰ অৱদানৰ বিষয়ে বিশেষভাৱে আলোকপাত কৰে। লগতে শৰ্মাৰ গ্ৰন্থ উন্মোচনী বতৰাই নাট্যপ্ৰেমী আৰু সাহিত্য অনুৰাগীসকলৰ মাজত ব্যাপক সঁহাৰি লাভ কৰিব বুলিও ব্যক্ত কৰে।

অনুষ্ঠানত বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া, কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰ, জ্যেষ্ঠ সাংবাদিক মনোজ গোস্বামী, নাট সমালোচক আশা কোঠাৰী, সাহিত্যিক জ্যোতি খাটনিয়াৰ আদি কৰি অসমৰ সাহিত্য–সংস্কৃতি জগতৰ বৰেণ্য ব্যক্তি সকল উপস্থিত থাকে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward