প্ৰকাশিত তাৰিখঃ ৪ আগষ্ট, ২০২৫
কল্প ৰঞ্জন গগৈ –
ডাঙৰী নুমলী বৰগোঁহায়ে লিখিছিল জলমবটাৰ কথা– চকৰী ফেঁটি বুৰঞ্জী যাৰ বাবে ডাঙৰীয়া বৰবৰুৱা কীৰ্তিচন্দ্ৰই আৰম্ভ কৰিছিল বুৰঞ্জী নিধন যজ্ঞ। চকৰী ফেঁটি কিন্তু ৰজাৰ বুৰঞ্জীহে প্ৰজাৰ মুক্তিৰ বুৰঞ্জী নহয়।
সেয়ে আজি গণ যুগৰ বুৰঞ্জীত ৰজা–ডাঙৰীয়াসকলৰ কথা থাকিলেও মুখ্য অংশ হ’ব লাগিব মানুহৰ মুক্তিৰ কথা। বৰভেটি গঢ়ি মায়া মাৰি প্ৰজাৰ মুক্তি সংগ্ৰামৰ বুৰঞ্জী, দলিত–শোষিত প্ৰজাৰ দুখ বেদনাৰ কথা, উচ্ছেদিত হৈ মৃত্যু হোৱা প্ৰজাৰ কথা, কাহিনী হ’ব লাগিব এই বুৰঞ্জীৰ মূল কথা, প্ৰজা হ’ব মধ্যমণি।
আজি সুদীৰ্ঘ সাতটা দশকৰ উত্তৰ ঔপনিৱেশিককালৰ নতুন বুৰঞ্জীৰ অনুশীলন আৰম্ভ হৈছে। প্ৰাক্ ঔপনিৱেশিককালৰ শান্তিপূৰ্ণ ধৰ্মময় ভগৱান বুদ্ধৰ অহিংস ভাৰতবৰ্ষ য’ত আধ্যাত্মিক চৰ্চা আছিল ধৰ্মৰ কেন্দ্ৰবিন্দু। ঔপনিৱেশিক অৱক্ষয়ৰ যুগত প্ৰৱেশ কৰাৰ লগে লগে বিচ্যুৎ হৈ ৰূপ ল’লে ধৰ্মীয় ঘৃণাৰ কেন্দ্ৰীয় কাৰ্যালয় ৰূপে।
উত্তৰ বৌদ্ধ যুগৰ অশোকৰ দ্বন্দ হৈছে প্ৰগতিশীল বনাম আহোপুৰণি চিন্তাৰ। দেশৰ ‘দেৰ কঠা মাটিৰ জমিদাৰৰ’ লগত ‘দেৰ ফুটীয়া মেধাজীৱসকলৰ এই যুগত জনগণ বিৰোধী।
আজি দেশখনৰ ৰাজনৈতিক পৰিস্থিত এক উত্তৰণশীল পৰ্যায়ত। হয়তো স্বাধীনতা– ব্ৰিটিছৰ বেদখলমুক্ত এটা শতিকাত ই সংবিধানৰ প্ৰস্তাৱনাৰ কথাবোৰে এক বলিষ্ঠ ৰূপ ধাৰণ কৰিব। দেশৰ Man Making, Character Building, Nation Building Programme পুৰণিৰ আৱৰ্জনাময় পৰিৱেশৰ পৰা মুক্ত হৈ নৱৰূপ সমন্বয়ৰ ভাৰতবৰ্ষৰ জনতাৰ মাজৰ অবৈৰীমূলক দ্বন্দক পৰৱৰ্তী সময়ত বেদখলকাৰী ইৰাজে সহযোগী জগত চেঠ্ বনিয়া সকলৰ সহায়ত বৈৰীমূলক দ্বন্দৰূপে থৈ গ’ল।
বেদখলকাৰীসকলৰ বিৰুদ্ধে জনগণক জাগৰিত কৰা জাতিৰ পিতা মহাত্মাক হত্যা কৰাৰ পিছত দেশদ্ৰোহী সকলৰ হাতলৈ ক্ষমতা আহি গ’ল। সেয়ে আজিও দেশৰ প্ৰগতিশীল– বিজ্ঞানমনস্ক দেশবাসীয়ে নঙঠা ফকীৰজনৰ বাবে হাহাকাৰ কৰি আছে।
আজি সমাজখনৰ মুখ্য ল’ব আৰু এক প্ৰাণময় অৰ্থনীতি য’ত সকলো নাগৰিক ভোটদাতাৰ অন্ন, বস্ত্ৰ, বাসস্থান, চিকিৎসা, শিক্ষা, সংস্থাপন থাকিব, এক প্ৰচ্যুৰ্যে ভৰা সংস্কৃতিয়ে ১৪২ কোটি জনগণৰ বাবে জলপান হিচাপে গঢ় ল’ব – তেনে এক পূৰ্ণাংগ বিকশিত দেশৰ বাবে প্ৰতিজন নাগৰিক হ’ব লাগিব দায়ৱদ্ধ।
কীৰ্তিচন্দ্ৰই সঠিকভাৱে প্ৰমাণ কৰিছিল যে তেওঁ জলমবটা নাছিল কিন্তু জনগণবিৰোধী হোৱা বাবে ৰাইজৰ ৰোষৰ বলি হৈছিল, পতনমুখী ৰাজতন্ত্ৰৰ অংগ হোৱা বাবেহে ৰক্ষা নেপালে। ঠিক যেনেকৈ বৰৰজা ফুলেশ্বৰীয়ে নিজৰ মাতৃ চৰিত্ৰ ত্যাগ কৰি ঘূণে খোৱা ৰাজতন্ত্ৰৰ চোলা পিন্ধি গুৰু –গোসাঁই – বিজ্ঞজনক অপমান কৰি ৰাজতন্ত্ৰৰ কফিনটোত শেষ গজাল মাৰিছিল।
ম্যুং–ড্যুং–চ্যুন–খাম নামৰ গতিশীল সপোনটো ছাৰখাৰ হৈ গৈছিল। ডাঙৰীয়া কীৰ্তিচন্দ্ৰ, ৰাজেশ্বৰ সংহ, লক্ষী সিংহৰ দিনৰে পৰা ১৮ শতিকা– থৰক বৰকলৈ আগবাঢ়ি ১৮২৬ খ্ৰীষ্টাব্দৰ ২৪ ফেব্ৰুৱাৰীৰ পৰা সম্পূৰ্ণৰূপে ধূলিস্যাৎ হৈ গ’ল।
নৈ বৈ যায় আৰু পানীয়ে সীমা নেমানে। সেয়ে আজি অসমৰ ন বৰভেটি গঢ়াৰ প্ৰস্তুতি চলিছে।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ