Tuesday, November 4, 2025
HomeNEWSজুবিনৰ মৃত্যুৰ প্ৰকৃত ন্যায় বিচাৰি চছলপাৰাত জোঁৰ সমদল

জুবিনৰ মৃত্যুৰ প্ৰকৃত ন্যায় বিচাৰি চছলপাৰাত জোঁৰ সমদল

প্ৰকাশিত তাৰিখঃ ৩ নৱেম্বৰ, ২০২৫

চানডুবি নিউজ ৰিপ’ৰ্ট –

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু ৰহস্যজনক! এই মৃত্যুৰ প্ৰকৃত ন্যায়ৰ দাবীত ৩১ অক্টোবৰত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ বৰদুৱাৰ–ভোলাগাঁও অঞ্চলৰ বিভিন্ন সংগঠনৰ উদ্যোগত লোহাৰঘাটৰ চছলপাৰা ৰাজহুৱা খেলপথাৰত এক প্ৰতিবাদী সভাৰ আয়োজন কৰা হয়। হাজাৰ হাজাৰ লোকৰ উপস্থিতি আৰু প্ৰতিবাদী ধ্বনিয়ে অঞ্চলটোৰ আকাশ–বতাহ কঁপাই তোলে। ৰাইজ সমবেত হোৱা এই ক্ষেত্ৰখনৰ পৰাই জুবিন গাৰ্গ অমৰ হওক, জুবিন হত্যাৰ প্ৰকৃত অপৰাধীক শাস্তি দিয়ক, বিজেপি হুচিয়াৰ, বিজেপি চৰকাৰ গ’বেক আদি ধ্বনি আকাশে–বতাহে বিয়পাই দিয়ে।

এই অনুষ্ঠানলৈ বাগানৰ জাৰাপাটা ৰাজহুৱা খেলপথাৰৰ পৰা ম’ম জ্বলাই পদযাত্ৰা কৰি আহে অসংখ্য লোক। আনহাতে গাৰোপাৰা, সতপুৰ–লেংটা, ধাংগাৰ গাঁও আদি বিভিন্ন গাঁৱৰ পৰাও দলে দলে মানুহ আহি উক্ত সভাত যোগ দিয়ে।

উল্লেখ্য যে চছলপাৰা খেলপথাৰত সভা আৰম্ভ হোৱাৰ আগতে সমবেত ৰাইজে জোঁৰ লৈ খেলপথাৰখনৰ চাৰিও দিশে প্ৰতিবাদী সমদল যাত্ৰাও কৰে। অনুষ্ঠানটোত শিল্পীগৰাকীৰ একালৰ বাদ্যযন্ত্ৰী ৰাজা বৰুৱা, সহশিল্পী পাঞ্চুনা ৰাভায়ো অংশ গ্ৰহণ কৰে।

বাদ্যযন্ত্ৰী ৰাজা বৰুৱাই শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত পূষ্পাঞ্জলী প্ৰদান কৰাৰ পিছত আবেগ বিহ্বল কণ্ঠৰে পাঞ্চুনা ৰাভাই কয়– কলিজাৰ টুকুৰাটোৰ ছবিখনক এনেদৰে পুষ্পাঞ্জলি দিম বুলি কাহানিও কল্পনা কৰা নাছিলো। কিন্তু ধুমুহাৰ গতিৰে জুবিনদাক আমাৰ মাজৰ পৰা কাঢ়ি লৈ গ’ল। জুবিনদাৰ হত্যাকাৰীয়ে প্ৰকৃত শাস্তি পাবই লাগিব।’

বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতিৰ উপদেষ্টা আদিত্য ৰাভাই জুবিন গাৰ্গৰ কলেজীয়া জীৱনৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয়– চৰকাৰে জুবিন হত্যাৰ উচিত বিচাৰ নকৰিলে আমিও বহি নাথাকো। ভ্ৰষ্টাচাৰী চৰকাৰক ৰাইজে কেতিয়াও ক্ষমা নকৰে। সেই কথা শাসকীয় চৰকাৰে বুজি পোৱা উচিত।’

অনুষ্ঠানটোত নিখিল ৰাভা জাতীয় পৰিষদৰ মুখ্য সম্পাদক গোবিন্দ ৰাভা, বৰিহাট নাগৰিক সমাজৰ ৰেকৰ্ড আলী, প্ৰাণেশ্বৰ কলিতা, বৰিহাট মাহিলী বৈঠকী লগতে অঞ্চলটোৰ বিভিন্ন দল, সংগঠনে সহযোগ আগবঢ়ায়।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward