Thursday, November 21, 2024
HomeARTICLEচানডুবি বিলৰ উৎপত্তি, বিৱৰণ আৰু ভ্ৰমণ সম্বন্ধনীয় কিছু তথ্য

চানডুবি বিলৰ উৎপত্তি, বিৱৰণ আৰু ভ্ৰমণ সম্বন্ধনীয় কিছু তথ্য

প্ৰকাশিত তাৰিখঃ ১৫ এপ্ৰিল, ২০১৬

অসমৰ নখন বিলৰ ভিতৰত চানডুবি বিল অন্যতম। লোকপ্ৰিয় গোপীনাথ আন্তৰ্জাতিক বিমান বন্দৰৰ পৰা মাত্ৰ ৪৫ কিলোমিটাৰ দূৰত্বত নামনি অসমৰ কামৰূপ জিলাৰ দক্ষিণে অসম-মেঘালয় সীমান্তত অৱস্থিত এই বিল প্ৰকৃতিৰ অনুপম সৃষ্টি। চাৰিওফালে পাহাৰেৰে আৱেষ্টিত এটা উপত্যকাত শান্ত আৰু নিৰ্জন পৰিৱেশৰ মাজত এই বিল। এই বিল অন্যতম এইবাবে যে, ইয়াৰ চাৰিওফালে প্ৰাকৃতিক পৰিৱেশ, বিভিন্ন প্ৰজাতিৰ গছ-গছনি, জন্তু, চৰাই-চিৰিকটি, পানীত থকা জলজ উদ্ভিদ, মাছ-কাছ, বিভিন্ন বিদশী পৰিভ্ৰমী চৰাই ইত্যাদি। আধুনিক যান্ত্ৰিক সভ্যতাই ঢুকি নোপোৱা চানডুবি বহু পৰিমাণে নিৰ্মল আৰু প্ৰদুষণমুক্ত।

উৎপত্তি আৰু বিৱৰ্তনঃ উৎপত্তি আৰু বিৱৰ্তন সম্পৰ্কত যথেষ্ট বিতৰ্কিত ব্যাখ্যা আৰু মন্তব্য আছে যদিও এটা কথাত প্ৰত্যেকেই একমত যে, ১৮৯৭ চনৰ ১২ জুনত হোৱা ভূমিকম্পৰ ফলত চ্যুতিৰ সৃষ্টি হয় আৰু চানডুবিৰ তলি তললৈ বহি যায়। এই ভূমিকম্প ৰিখ্‌টাৰ স্কেলত প্ৰাবল্য আছিল ৮.৭। কিছুমানে মন্তব্য আগবঢ়ায় যে, চানডুবি বিল ১৮৯৭ চনৰ ভূমিকম্পৰ বহু হাজাৰ বছৰ আগৰপৰাই আছিল, কিন্তু ই বৰ্তমানৰ ৰূপত নাছিল। ১৮৯৭ চনৰ ভূমিকম্পৰ ফলত আজিৰ অৱস্থালৈ ৰূপান্তৰিত হৈছে।

হিমালয়ৰ পাদদেশ অঞ্চলতে খাছি পাহাৰৰ বিভিন্ন নিজৰা লগ হৈ সৃষ্টি হোৱা নদী বিভিন্ন অঞ্চলত কাখ্ৰি, কাক্ৰেং, শ্ৰী(বৰ্তমান কুলচী) নামেৰে নামি আহি বৰ্তমানৰ অসম-মেঘালয়ৰ উকিয়ামৰ ওচৰত দ্ৰোণ, ঘাগাৰ লগ লাগে। তিনিওটা সৰু সৰু নৈ লগ হৈ নামনিলৈ নামি আহি বৰ্তমানৰ চানডুবি অঞ্চলেৰে বৈ গৈ কাংক্ৰি সাগৰত পৰিছে। কালক্ৰমত বিভিন্ন সময়ত হোৱা ভূ-আন্দোলনৰ ফলত বৰ্তমানে খুৱদিয়া-জুপাংবাৰীৰ ওচৰত নদীপথৰ তলি উঠি আহি নদীপথত প্ৰাচীৰৰ সৃষ্টি হৈছিল। বৰ্তমানৰ যাক ডগৰবুৰা জান বুলি জনা যায়। শ্ৰীনদীৰ পানী ওফন্দি উঠে আৰু পাহাৰৰ নামনিৰ দ’ ঠাইবোৰলৈ পানী বিস্তাৰিত হৈ পৰাত এটা সৰু অশ্বখুৰা হ্ৰদলৈ ৰূপান্তৰিত হৈছিল। স্থানীয়ভাষাত ইয়াক ডুবি, ডোভা বা বিল বুলি কয়। পিচত নদীৰ গতি সলনি হৈ কুলচী নাম লৈ চম্পকনগৰ হৈ ব্ৰহ্মপুত্ৰত বিলীন হয়। শেষলৈ ১৮৯৭ চনৰ ভূমিকম্পত ডুবিৰ তলি তললৈ বহি যায় আৰু আগতকৈ উপত্যকাৰ কিছু সমান অংশ তললৈ বহি যায় বুলি ধাৰণা কৰা হয়। বৰ্তমানে দক্ষিণে খুৱদিয়া-জুপাংবাৰীৰ পৰা আৰম্ভ কৰি গোটেই লোহাৰঘাট অঞ্চল, বিশেষকৈ পশ্চিম দিশত আলিহা, ঘাগ্ৰাচুক, বাতাবাৰী, ধনীপাৰা, খামাৰ, বেবেৰীপাৰা; উত্তৰ দিশত গণকপাৰা, মাৰাভিঠা, ভেলেৰা, বগাপানী, পাঠেলীপাৰা ইত্যাদি বহু হাজাৰ হেক্টৰ মাটিকালিৰে কাংক্ৰি সাগৰ আছিল বুলি ধাৰণা কৰা হয়। চান্দ সদাগৰৰ চম্পকনগৰ, বিষহৰি বা বেংখাইতী কানি, সতী বেউলা-লখিন্দৰৰ জনশ্ৰুতি এই কাংক্ৰি সাগৰৰ লগত জড়িত। গতিকে কাংক্ৰি সাগৰৰ অৱস্থিতি নুই কৰিব নোৱাৰি। অনুমান কৰা হয়, প্ৰাগজ্যোতিষপুৰৰ প্ৰবল প্ৰতাপী ৰজা ভগদত্তৰ সময়ত কাংক্ৰি সাগৰ থকাৰ কথা কিছুমান পণ্ডিতে ক’ব খোজে। মহাভাৰতৰ যুদ্ধত ভগদত্তই জোঁৱায়েক দুৰ্যোধনৰ পক্ষত যুঁজ দি পাণ্ডৱৰ হাতত মৃত্যুবৰণ কৰাৰ কথা আমি প্ৰত্যেকে জানো।

গতিকে কাংক্ৰি সাগৰ মহাভাৰতৰ যুগৰ বুলি ঠাৱৰ কৰিব পাৰি। ঐতিহাসিক প্ৰমাণৰ বাবে খনন কাৰ্যৰ প্ৰয়োজন আছে।

বিস্তৃতি আৰু অৱস্থিতিঃ ৯১.২৪˝ পূব আৰু ২৫.৫২˝ উত্তৰ। ই দীঘলে প্ৰায় ৭ কিলোমিটাৰ, বহল গড় হিচাপত প্ৰায় ১ কিলোমিটাৰ। বিলটোৰ আকৃতি দেখিবলৈ এটা ‘এমিবা’ৰ দৰে। মূল বিলটোক কেন্দ্ৰ কৰি ইয়াৰ বিভিন্ন প্ৰশাখা বহু দূৰলৈকে বিস্তৃত হৈ আছে।

মাটিকালিঃ চানডুবিৰ শাখা-প্ৰশাখাক কেন্দ্ৰ কৰি মুঠ মাটিকালিৰ পৰিমাণ ২০০০ হেক্টৰ।

উচ্চতাঃ ৭০ৰ পৰা ১৫০ মিটাৰ।

গভীৰতাঃ বৰ্তমান চানডুবিৰ গড় গভীৰতা তিনি মিটাৰ; কিন্তু ই পূৰ্বৰ গভীৰতাতকৈ আধা।

চানডুবি নামৰ উৎপত্তি সম্পৰ্কে বিভিন্ন মতঃ
(ক) ভাৰতবৰ্ষত প্ৰজাতান্ত্ৰিক গণতন্ত্ৰ স্থাপন হোৱাৰ আগতে বিভিন্ন অঞ্চলত কিছুমান সৰু সৰু ৰজাই বিশেষ শ্ৰেণী বা গোটৰ মাজত শাসন চলাইছিল।

অনুৰূপ কামৰূপ জিলাৰ বৰ্তমানৰ মেঘালয় সীমান্তৱৰ্তী অঞ্চলসমূহত বিভিন্ন জনজাতীয় ৰজা বা প্ৰতিপত্তিশীল চৰ্দাৰৰ অধীনত শাসন চলিছিল। উদাহৰণ স্বৰূপে বগাই ৰাজ্যত বগে ৰজা, ৰাণীত কোনো জনজাতীয় নাৰীৰ শাসন চলিছিল, বৰদুৱাৰত বৰদুৱাৰৰ ৰজা ইত্যাদি। তদ্ৰুপ ৰাজাপাৰাত সোণাৰি ৰজা। এই ৰাজাপাৰাৰ সোণাৰি ৰজা প্ৰকৃততে খাছি ৰজাৰ কৰতলীয়া ৰজা আছিল। খাছিসকলে চানডুবি অঞ্চলত ‘ডুবি’ৰ আশে-পাশে পাঁচটা স্থানত পাঁচটা দেৱ-দেৱীক পূজা কৰিছিল। খাছি ভাষাত পাঁচটা দেৱ-দেৱীক কোৱা হয় ‘চান উব্লেই। ‘চান’ মানে পাঁচ, ‘উব্লেই’ মানে দেৱতা। সেই দেৱ-দেৱীকেইটা আছিল কাৰলং-মহাদেৱ। বৰ্তমান যিখিনি ঠাইক কলং বুলি কোৱা হয়। সেহি স্থানতে কাৰলং পূজা কৰিছিল। খুৱদিয়াৰ কেঁচাইখাইতী থান, য’ত ১৪০০ খ্ৰীষ্টাব্দলৈকে নৰবলি প্ৰথা চলিছিল। ভগৱতী গোসাঁনী-বাতাহী পাহাৰ চানডুবিৰ উত্তৰে। ঘিলাঘাট– য’ত সিন্দূৰবঢ়াক পূজা কৰা হৈছিল, এই ঘিলাঘাটৰ সিন্দূৰবঢ়া স্থানত পূজা কৰা লোকসকল ভূমিকম্পৰ পাচত বৰ্তমানৰ ঘিলাঘাটলৈ উঠি যায়। ছাগলছাৰী পাহাৰৰ বগা শিলৰ ডাইনী ডুবিৰ দক্ষিণৰ পাহাৰখনেই হৈছে ছাগলছাৰী পাহাৰ। ১৮৯৭ চনৰ ভূমিকম্পত এই স্থানবোৰৰ কিছুমান ডুব গৈছিল।

গতিকে যিটো ‘ডুবি’ৰ পাৰত ‘চান উব্লেই’ক অৰ্থাৎ পাঁচটা দেৱতাক পূজা কৰা হৈছিল, সেই ডুবিটোৱে হ’ল পাঁচটা দেৱতাৰ বিল অৰ্থাৎ ‘চান উব্লেই ডুবি”। পিচলৈ ভৈয়ামৰ জনজাতি ৰাভা-কছাৰী লোকৰ মাজত উব্লেই বাদ পৰি কেৱল চান্দডুবি হয় (তথ্যঃ শ্ৰীনলিনী ৰাভা, ৰাজাপাৰা)।

(খ) কিংবদন্তি সদাগৰ চান্দ সদাগৰে পাহাৰীয়া জনজাতিসকলৰ লগত বেহা-বেপাৰৰ উদ্দেশ্যেৰে কুলচী নৈৰে উজাই আহি এই ডুবিতেই নাও বান্ধিছিল বুলি জনশ্ৰুতি আছে। চান্দ সদাগৰে নাও বন্ধা ডুবিটোৰ নাম শেষলৈ চানডুবি হ’ব পাৰে বুলি বিশ্বাস কৰে।

(গ) ইংৰাজ আমোলৰ সময়ছোৱাত কোনোবা ইংৰাজ চাহাবে ভূমিকম্পত উৎপত্তি হোৱা বিলটো চাবলৈ আহি ডুব যোৱা দৃশ্য উপভোগ কৰি আপ্লুত হৈছিল। ইংৰাজ শব্দ ‘চান’ (বেলি) ডুব যোৱা ঠাই বুলি অভিহিত কৰিছিল। ইংৰাজ চান আৰু অসমীয়া ডুব যোৱা শব্দৰ পৰাই চানডুবি হ’ব পাৰে বুলি বিভিন্নজনে মন্তব্য আগবঢ়ায়। বিভিন্নজনৰ ভিন্ ভিন্ মত পোৱা যায় যদিও মতসমূহৰ ভিতৰত খাছি শব্দ চান উব্লেইৰ পৰা ‘চান্দডুবি’, শেষলৈ ‘চানডুবি’ বেছি গ্ৰহণযোগ্য।

চানডুবিৰ চাৰিসীমাঃ চানডুবিৰ উত্তৰে বাতাহী পাহাৰ, জৰামুখুৰীয়া, জুপাংবাৰী, খুৱদিয়া, বৰদুৱাৰ ৰিজাৰ্ভ ফৰেষ্ট; দক্ষিণে ৰাজাপাৰা, ছাগলছাৰী পাহাৰ, বাঢ়ৈগাঁও, কঁঠালগুৰি; পূবে মুদুকী, হাতীগড়; পশ্চিমে শান্তিবিল, চাপাৰাকাটা, কুলচী নৈ, বৰদুৱাৰ ৰিজাৰ্ভ ফৰেষ্ট

জলবায়ুঃ গ্ৰীষ্মকালত উচ্চতম ২৭.৫০০ ছেলছিয়াছৰ পৰা ৩৩০ ছেলছিয়াছলৈ। নিম্নতম ১৮.৪০ ছেলছিয়াছৰ পৰা ১২০ ছেলছিয়াছলৈ।

শীতাকলত উচ্চতম ১৫০ ছেলছিয়াছৰ পৰা ২২০ ছেলছিয়াছলৈ। নিম্নতম ৭০ ছেলছিয়াছৰ পৰা ১২০ ছেলছিয়াছলৈ

চানডুবিক কেইটামান নিজৰাই বছৰজুৰি পানীৰ যোগান ধৰে। সেইবোৰৰ ভিতৰত উত্তৰ দিশৰ ছাগলছাৰী পাহাৰৰ পৰা নামি অহা জুপাংবাৰী নিজৰা, বৰগৰং নিজৰা আৰু জৰংখুৰীয়া নিজৰাই প্ৰধান। দক্ষিণ দিশত আছে ক’লীয়া নিজৰা, নীলিবাৰী নিজৰা আৰু নপ্ৰিং নিজৰা। নীলিবাৰী আৰু নপ্ৰিং নিজৰা দুটি চানডুবিত পৰাৰ আগতে চৰাইখুৰুং নদীৰ লগত মিলিত হৈছে। এইকেইখন নিজৰাৰ উৎপত্তিস্থল হ’ল চানডুবিৰ দক্ষিণ দিশত অৱস্থিত মায়ং পাহাৰ। পূব দিশৰ মুদুকীৰ পৰা বৈ অহা গুটিপাৰা নিজৰা এটি ঋতুজাত নিজৰা আৰু ই কেৱল বাৰিষা সময়তহে প্ৰাণ পাই উঠে

চানডুবিলৈ কেনেকৈ যাবঃ

(ক) বিমানেৰে ভাৰতবৰ্ষৰ যিকোনো ঠাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত অৱতৰণ কৰিব। বিমানবন্দৰৰ সমীপত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা যি কোনো বাছ, টাটা চুম’ (গোৱালপাৰা অভিমুখী) পাব। বিমানবন্দৰৰ পৰা পশ্চিমে মাত্ৰ ১০ কিলোমিটাৰ পথ অতিক্ৰম কৰিলে সৰু নগৰ মিৰ্জা পোৱা যায়। মিৰ্জাৰ পৰা দক্ষিণমুৱাকৈ থকা ৰাস্তাৰে পোনে পোনে ৩৫ কিলোমিটাৰ অতিক্ৰম কৰিলে পোৱা যায় চানডুবি বিল। মিৰ্জাৰ পৰা প্ৰায় পোন্ধৰ কিলোমিটাৰ দূৰত্বত অৱস্থিত লোহাৰঘাটৰ পৰা আপুনি প্ৰকৃতিৰ প্ৰেমত পৰিবলৈ আৰম্ভ কৰক, যাতে আপোনাৰ যাত্ৰামনে উদাস অনুভৱ নকৰে। কিছু দূৰত্ব অতিক্ৰম কৰি চাহৰ বাগিচা। চাহৰ বাগিচা অতিক্ৰম কৰি মুদুকী চ’ক পাব। মুদুকী চ’কৰ পৰা যেতিয়া আপুনি পশ্চিম দিশত গাড়ী ঘুৰাব, নতুন যৌৱন ঘুৰাই পাব। লানি লানি চেগুন, আজাৰ, শালগছৰ মাজেৰে গৈ থাকোঁতে গাড়ীৰ গতি কমাই কিছু অক্সিজেন আপোনাৰ হাওঁফাওঁৰ মোনাত বেছিকৈ ভৰাই লওক। যান্ত্ৰিক জগতৰ সকলো অৱসাদ শাঁত পৰিব আৰু আপুনি উপস্থিত হ’বগৈ চানডুবি বিলত

চানডুবিত কি চাব বা কৰিবঃ

প্ৰকৃতিৰ অনুপম সৃষ্টি চানডুবি বিল প্ৰথমে প্ৰাণভৰি চাই লওক। চাৰিওফালে থকা গছ-লতা, পাহাৰ, চৰাই-চিৰিকটি ইত্যাদি বিধে বিধে নিৰীক্ষণ কৰাৰ পিচত নৌকা ভ্ৰমণলৈ যাব পাৰে। স্থানীয় যুৱকে সুদক্ষ হাতেৰে চলোৱা ডিঙা নাৱত উঠি ইমুৰৰ পৰা সিমুৰলৈ যাব পাৰে। বৰশী বোৱা চখ থকাসকলে বৰশী বাব পাৰিব। হাতী যি কোনো মুহূৰ্ততে দেখিব পাৰে। ভাগ্য থাকিলে এটা হাতীৰ জাকত পঞ্চাশৰ পৰা এশটালৈ হাতী দেখাৰ সৌভাগ্য ঘটিব পাৰে। তাৰবাবে অৱশ্যে ৰাত্ৰি যাপন কৰিব লাগিব। জাকে জাকে বগলী আৰু শৰালিৰ চিত্ৰ তুলি চানডুবিৰ স্মৃতি কেমেৰাত বন্দী কৰি ল’ব পাৰিব।

চাবডুবিৰ আশে-পাশে থকা পৰ্যটনৰ ঠাইসমূহঃ

(ক) কুণ্ডিল মুখঃ চানডুবিৰ পৰা পূবে দহ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই কুণ্ডিলমুখ। মিৰ্জা–চানডুবি পথৰ মিৰ্জাৰ পৰা প্ৰায় আঠাইশ কিলোমিটাৰ দূৰত্বত অৱস্থিত মুদুকী চ’কৰ পৰা পূব দিশে সোমাই যোৱা ৰাস্তাৰে চাৰে চাৰি কিলোমিটাৰ অতিক্ৰম কৰিলে পোৱা যায় কুণ্ডিলমুখ।

ইয়াৰ মূল বৈশিষ্ট্য হৈছে, সম্পূৰ্ণ ‘বাথা’ নৈখন এখন পাহাৰৰ তলত অদৃশ্য হৈ প্ৰায় ডেৰশ মিটাৰ বৈ গৈ পুনৰ দৃশ্যমান হয়। অতি উপভোগ্য ঠাই। চাৰিওফালে পাহাৰ, একা-বেঁকা ৰাস্তা। কুণ্ডিল শব্দটো ‘ধুন্দুল’ শব্দৰ পৰা অহা। পাতিৰাভাৰ শব্দ ধুন্দুল মানে হ’ল আলি, প্ৰাচীৰ বা ওখ মাটিৰ ঢাপৰ তলেৰে ফুটা বা বিন্ধাৰে পানী সৰকি যোৱা বা ওলাই যোৱা। এই ধুন্দুল মুখ শব্দৰ পৰাই ক্ৰমান্বয়ে শুনিবলৈ শুৱলাকৈ ‘কুণ্ডিলমুখ’ বুলি কোৱা হয়। এতিয়া ওচৰে-পাঁজৰে থকা স্থানীয় জনজাতীয় লোকসকলে ‘ধুন্দুলমুখ’ বুলি কোৱা শুনা যায়। কুণ্ডিল মুখ বাৰিষা চাবলৈ ভয়ানক। পানী বেছি হ’লে প্ৰচণ্ড চাকনৈয়া হৈ হৈ পানীবোৰ তললৈ সোমাই গৈ থাকে। শীতকালিও পৰ্যটকসকলক আশ্বৰ্য আৰু আনন্দ দিব। শিক্ষামূলক ভ্ৰমণকাৰীসকল বেছি লাভৱান হ’ব। চ’কৰ পৰা আহি থাকোঁতে পথৰ দাঁতিত থকা জনজাতীয় গাঁৱৰ বৈশিষ্ট্য, মানুহৰ জীৱনধাৰণ প্ৰক্ৰিয়া চাই যাব পাৰিব। কুণ্ডিল মুখলৈ গৈ নিশ্চয় প্ৰচুৰ আনন্দ কঢ়িয়াই আনিব।

(খ) বৰনিজৰা জলপ্ৰপাতঃ চানডুবিৰ পৰা কুণ্ডিল মুখলৈ যোৱা পথেৰে প্ৰায় ৮ কিলোমিটাৰ দূৰত্বত কুণ্ডিল মুখ নোপোৱাৰ আগতে দক্ষিণ-পূবলৈ যোৱা এটা ৰাস্তা পোৱা যায়। সৰু লুংলুঙীয়া একা-বেকাঁ পাহাৰীয়া ৰাস্তাৰে প্ৰায় ১.৩০ ঘণ্টা খোজকঢ়াৰ পিচত উপস্থিত হ’ব পাৰি বৰনিজৰা জলপ্ৰপাত (স্থানীয় গাইডৰ প্ৰয়োজন আছে)। এই জলপ্ৰপাতৰ উচ্চতা প্ৰায় ৩০ মিটাৰ। বৰনিজৰা অৰ্থাৎ সৰু নৈ, চিধাই ৩০ মিটাৰ তলত সৰি পৰে কাৰণে জলপ্ৰপাতটোৰ দৃশ্য মনোমোহা। জলপ্ৰপাত চাবলৈ যোৱাসকলে খোজকঢ়াৰ মানসিকতাৰে আগবাঢ়িব। অন্যথা জলপ্ৰপাত পোৱাৰ আগতে ওভতনি যাত্ৰা ল’ব লাগিব। চাৰিওফালে সেউজীয়াৰ মাজেৰে যাব যেতিয়া সেউজীয়া অনুভূতি লৈ ঘৰলৈ উভতিব।

(গ) ঝলকাট জলপ্ৰপাতঃ চানডুবিৰ পৰা প্ৰায় ৮ কিলোমিটাৰ দক্ষিণে ৰাজাঘুমাইৰ ওচৰত অৱস্থিত এই জলপ্ৰপাত। ইয়াৰ উচ্চতা প্ৰায় ২০ মিটাৰ। চাৰিওফালে পাহাৰেৰে পৰিৱেষ্টিত এক মনোৰম পৰিৱেশৰ মাজেৰে নামি অহা চৰাইখুৰুং নদীৰ গতিত সৃষ্টি হোৱা এই জলপ্ৰপাতে যিকোনো পৰ্যটকৰ মন শীতল কৰিব পাৰে। ৰাজাপাৰাৰ পৰা প্ৰায় ৩ কিলোমিটাৰ ৰাস্তা খোজকাঢ়ি অতিক্ৰম কৰাৰ পিচতহে পোৱা যায় এই ঝলকাট জলপ্ৰপাত। একা-বেঁকা আৰু লুংলুঙীয়া পাহাৰীয়া ৰাস্তাৰে একান্তমনে প্ৰকৃতিৰ স’তে আপুনি কথা পাতি গ’লে ঝলকাট জলপ্ৰপাতক আত্মীয়ভাৱে লগ ধৰিব পাৰিব।

(ঘ) হাতীগড়ঃ চানডুবিৰ আটাইতকৈ ওচৰত এই হাতীগড়। চানডুবিৰ পৰা মাত্ৰ ৬ কিলোমিটাৰ। ৰাজাপাৰা পাবলৈ প্ৰায় ১০ কিলোমিটাৰ বাকী থাকোঁতে দক্ষিণলৈ সোমাই যোৱা এটা ৰাস্তা পোৱা যায়। এই ৰাস্তাৰে ১.৫ কিলোমিটাৰ ৰাস্তা সোমাই গ’লেই পোৱা যায় হাতীগড়। হাতীগড় হ’ল বনৰীয়া হাতী ধৰা গড়– হাতী ধৰা ফন্দী বা কৌশল। আনুমানিক প্ৰায় ১০০ৰ পৰা ১৫০ বছৰ আগতে এই গড় হাতী ধৰিবৰ কাৰণে ব্যৱহাৰ কৰিছিল বুলি এজন স্থানীয় প্ৰায় আশী বছৰীয়া বৃদ্ধৰ মন্তব্য– তেওঁ জনাত তেওঁৰ আতা অৰ্থাৎ ককাকৰ দিনতহে ইয়াত হাতী ধৰিছিল বুলি কয়। পুৰণি দিনৰ বনৰীয়া হাতী ধৰাৰ কৌশল চাবলৈ বা অধ্যয়ন কৰিবলৈ চানডুবিৰ পৰা নিকটৱৰ্তী হাতীগড়লৈ যাবলৈ নাপাহৰিব। হাতীগড় চাবলৈ যাওঁতে হাতী ৰখা টং বা টঙীঘৰ পথাৰৰ দাঁতিত চাই যাব পাৰিব নাইবা তাত এবাৰ আৰোহণ কৰিব পাৰিব।

(ঙ) ৰামচন্দ্ৰ আশ্ৰমঃ মিৰ্জা-চানডুবি পথত, চানডুবি পাবলৈ ১২ কিলোমিটাৰ থাকোঁতে এই আশ্ৰম পোৱা যায়। অৰ্থাৎ মিৰ্জাৰ পৰা প্ৰায় ২৩ কিলোমিটাৰ, বাগান চ’কৰ পৰা ২.৫ কিলোমিটাৰ। চাৰিওফালে সুদৃশ্য মনোৰম চাহ বাগিচাৰ মাজত এখন ওখ জোঙা পাহাৰৰ গুৰি অঞ্চলত অৱস্থিত এই আশ্ৰম। কোনো পাহাৰ শ্ৰেণীৰ লগত ইয়াৰ সংযোগ নাই। ১৯৫৬ চনতেই সুদূৰ মধ্যপ্ৰদেশৰ জব্বলপুৰৰ পৰা অহা নাগা বাবা বীৰেন্দ্ৰপুৰীয়ে সিদ্ধি লাভৰ উদ্দেশ্যে আহি বাছি লৈছিল অসমৰ এটি দুৰ্গম অঞ্চল। ইয়াত তেওঁ কঠোৰ তপস্যা কৰাৰ পিচত সিদ্ধি লাভ কৰে আৰু আশ্ৰম প্ৰতিষ্ঠা কৰে।

ৰামচন্দ্ৰ আশ্ৰমক জমাগুৰি আশ্ৰম বুলিও জনা যায়। এই আশ্ৰমৰ পাহাৰৰ নামনিত দেৱ-দেৱীসকলৰ শিলমূৰ্তি দেখিবলৈ পোৱা যায়। গণেশৰ হাতীৰ মূৰ্তি, গৰুৰ মূৰ্তি আৰু খোজৰ চিহ্ন, নাগফণা বা অনন্তনাগ ইত্যাদি প্ৰাকৃতিকভাৱে স্পষ্টৰূপত বিদ্যমান হৈ আছে। এই আশ্ৰম দৰ্শন কৰিলে পুণ্য হয় বুলি মানুহে বিশ্বাস কৰে। কোনো জাতক-জাতিকাই গন্ধৰ্ব বিবাহ কৰিব বিচাৰিলে এই আশ্ৰমৰ হোমৰ জুইৰে গন্ধৰ্ব বিবাহ কৰিব পাৰে। অনন্তনাগৰ ওচৰত পূজা এভাগ দিলে মনে বিচৰা বস্তুটো পোৱা যায়। কেৱল আশ্ৰমত প্ৰৱেশ কৰাৰ আগতে শুদ্ধচিত্তে সোমাব। দৰ্শনাৰ্থীসকলে পূজা এভাগৰ বাবে মাহ-বুট, নাৰিকল ঠালত সজাই আনিব পাৰে।

(চ) কুলচীঃ মিৰ্জা-চানডুবি পথৰ মিৰ্জাৰ পৰা প্ৰায় ১৪ কিলোমিটাৰ অতিক্ৰমি পোৱা যায় সতপুৰ চাৰিচ’ক। সতপুৰ চাৰি চ’কৰ পৰা পশ্চিমলৈ যোৱা ৰাস্তাৰে ৭ কিলোমিটাৰ দূৰত্বত অৱস্থিত কুলচী পৰ্যটনস্থলী। এচিয়াৰ ভিতৰত দ্বিতীয় সৰ্ববৃহৎ মূল্যৱান চেগুণ গছ ৰোপণ কৰিছিল ১৮৭২ চনত বৃটিছ এ. চি. এফ. বিষয়া এইলমাৰে কুলচীত। তাৰ ইতিহাস বহন কৰি এতিয়াও জীয়াই আছে প্ৰকাণ্ড চেগুণ গছবোৰ। অৱশ্যে দুষ্ট চক্ৰৰ কৱলত পৰি তাৰ মাজৰ বহু বৃটিছ ইতিহাসৰ হাতৰ পৰশ নাইকিয়া হ’ল। এতিয়াও বৃটিছে নিৰ্মাণ কৰা পৰ্যবেক্ষণ বঙলা (আই বি) পৰ্যটকসকলে দেখিবলৈ পাব। পৰ্যটকসকলে কুলচীলৈ আহিলে নিশ্চয় আনন্দ আৰু অভিজ্ঞতা অৰ্জন কৰিব।

চানডুবিৰ আশে-পাশে থকা পৰ্যটনৰ ঠাইসমূহৰ দূৰত্বঃ

(ক) হাতীগড় ৬ কিলোমিটাৰ (খ) কুণ্ডিল মুখ ৯ কিলোমিটাৰ (গ) বৰনিজৰা জলপ্ৰপাত ১২ কিলোমিটাৰ (ঘ) ঝলকাট জলপ্ৰপাত ৮ কিলোমিটাৰ (ঙ) ৰামচন্দ্ৰ আশ্ৰম ১২ কিলোমিটাৰ (চ) কুলচী ২৯ কিলোমিটাৰ।

চানডুবি উৎসৱলৈ যাব নেকিঃ ২০১০ চনৰ পৰা প্ৰতি বছৰে ৩১ ডিচেম্বৰৰ পৰা কেবাদিনীয়াকৈ চানডুবি উৎসৱ অনুষ্ঠিত কৰা হৈছে। গতিকে চানডুবি উৎসৱলৈ গ’লে তলত উল্লেখ কৰা ব্যৱস্থাসমূহ উপভোগ কৰিব পাৰিব–

(ক) লোক-কলা সংস্কৃতি (খ) লোক-নৃত্য (গ) লোকাচাৰ (ঘ) পৰম্পৰাগত খাদ্যাভ্যাস (ঙ) নৌকা বিহাৰ (চ) ৰাভা জনগোষ্ঠীৰ আৰ্হি গৃহস্থ (ছ) হস্তী আৰোহণ (ঝ) জল আৱাসত এখন্তেক জিৰণি।

চহৰৰ যান্ত্ৰিকতাৰ পৰা এখন্তেক আঁতৰি চানডুবি উৎসৱলৈ আহি জনজাতীয় জীৱনলৈ ঘুৰি যাওক। এই উৎসৱৰ প্ৰধান উদ্দেশ্য হ’ল– লোককলা-সংস্কৃতি জীয়াই ৰখা আৰু পৰিৱেশ সংৰক্ষণ কৰা।

পৰ্যটকসকলে মানি চলিবলগীয়া নিয়ম–নীতিসমূহঃ

(ক) চানডুবিত প্লাষ্টিক ব্যৱহাৰ কৰা নিষিদ্ধ।
(খ) উচ্চ স্বৰৰ শব্দযন্ত্ৰ (লাউদস্পীকাৰ, মাইক, ডেকচেট ইত্যাদি) ব্যৱহাৰ কৰিবলৈ দিয়া নহয়।
(গ) পানীৰ বটল (মিনাৰেল ৱাটাৰ) লৈ আহিলেও প্লাষ্টিকৰ বটল ঘূৰি যোৱাৰ সময়ত লৈ যাব লাগিব।

ওপৰত উল্লেখিত নিয়ম-নীতিসমূহ মানি নচলিলে ৫০০ টকা পৰ্যন্ত জৰিমনা ধাৰ্য কৰা হৈছে।

শেষত আপোনাৰ যাত্ৰা শুভ হোৱাৰ কামনাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।

 

উৎসঃ চানডুবি উৎসৱ উদ্‌যাপন সমিতি

RELATED ARTICLES

6 COMMENTS

  1. নমস্কাৰ মোৰ নাম কনক ৰাভা এইটো post টোৰ জৰিয়তে আজি চানডুবি বিলৰ বহুতো নজনা কথা নাজানো, ধন্যবাদ আপোনালোকক ??❣️

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward