প্ৰকাশিত তাৰিখঃ ৮ ফেব্ৰুৱাৰী, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট –
২ ফেব্ৰুৱাৰী বিশ্ব জলাশয় দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি তথা জলাশয় সমূহৰ প্ৰয়োজনীয়তাৰ প্ৰতি সজাগতা সৃষ্টিৰ লক্ষ্যৰে গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণী আঞ্চলিক বন বিষয়া কাৰ্য্যালয়ৰ উদ্যোগত সজ্জনপৰা প্ৰাথমিক বিদ্যালয় আৰু ৭৩৬নংমৈৰাপুৰ প্ৰথমিক বিদ্যালয়ত দুই ফেব্ৰুৱাৰীৰ দিনটোত কণ কণ ছাত্র-ছাত্রীৰ মাজত জলাশয় বিষয়ক চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ইয়াৰ উপৰিও চৰাই নিৰীক্ষণৰ এক কাৰ্যসূচীও গ্ৰহণ কৰা হয়।
প্ৰতিযোগিতাৰ শেষত দুয়োখন বিদ্যালয়ত উপস্থিত হয় ৰাণী আঞ্চলিক বন বিষয়া ৰ’জী বৰ্মন আৰু বিজয়ী ছাত্ৰ-ছাত্ৰীসকলক পুৰস্কাৰ আৰু মানপত্ৰ বিতৰণ কৰে। পুৰস্কাৰ বিতৰণ অনুষ্ঠানত চমু ভাষণত বন বিষয়াগৰাকীয়ে কয় যে মানুহকে ধৰি জীৱ–জগত জীয়াই থাকিবৰ বাবে জলাশয় সমূহৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ যাৰ বাবে ১৯৭১ চনৰ দুই ফেব্ৰুৱাৰীৰ দিনটোত ইৰাণৰ ৰামচাৰ চহৰত জলাশয় সংৰক্ষণ বিষয়ক এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হৈছিল। তেতিয়াৰে পৰা দুই ফেব্ৰুৱাৰীৰ দিনটোত সমগ্ৰ বিশ্বতে বিশ্বজলাশয় দিবস হিচাপে পালন কৰি অহা হৈছে। সেয়ে সময় থাকোতেই প্ৰকৃতিক বচাওক, জলাশয় সংৰক্ষণ কৰক বুলি বন বিষয়াগৰাকীয়ে সকলোকে আহ্বান জনায়।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ