প্ৰকাশিত তাৰিখঃ ৯ জুন, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট –
পলাশবাৰী ৰাজহ চক্ৰৰ আমৰাঙ্গা-বৰিহাটৰ জগলীয়াপাৰ আঞ্চলিক চিনিয়ৰ চেকেণ্ডেৰী স্কুলত ১ জুনত এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। পৰিচালনা সমিতিৰ সভাপতি, অৱসৰী অধ্যক্ষ তথা বিশিষ্ট ইতিহাসবিদ ড° গজেন্দ্ৰ অধিকাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে জগলীয়াপাৰ আঞ্চলিক চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ অধ্যক্ষা তথা পৰিচালনা সমিতিৰ সম্পাদিকা ৰুণুমী কলিতাই।
উক্ত সভাত অসম অলিম্পিক সন্থাৰ সহকাৰী সম্পাদক তথা বিজেপিৰ ৰাজ্যিক আমন্ত্ৰিত সদস্য হিমাংশু শ্বেখৰ বৈশ্যই অংশ গ্ৰহণ কৰে। যুৱনেতাগৰাকীয়ে স্কুলখনৰ শৈক্ষিক, প্ৰশাসনিক, চৰকাৰীকৰণ তথা সামগ্ৰীক উন্নতি সম্পৰ্কত সহায়ৰ বাবে ৰাইজক আশ্বাস প্ৰদান কৰে। স্কুলখনৰ সৈতে যোগাযোগ ৰাখি যাব বুলি কোৱাৰ লগতে স্কুলখনৰ চৌহদত দুসপ্তাহৰ ভিতৰত সৌৰ শক্তিচালিত চাকি যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিয়ে।
এই সভাত বিদ্যালয়খনত ছাত্ৰ–ছাত্ৰীৰ নাম ভৰ্তি, আন্তঃগাঠনি উন্নয়ন, কোঠালি নিৰ্মাণকে আদি কৰি কেইবাটাও দিশৰ ওপৰত আলোচনা কৰা হয়।
সভাত বিজেপিৰ ৰাজ্যিক অনুসূচীত জাতি মৰ্চাৰ উপ-সভাপতি, সমাজ সেৱক কুশল মালাকাৰকে ধৰি বিষয়ববীয়া যতীন কলিতা, প্ৰাণেশ্বৰ কলিতা, ধ্ৰুৱজ্যোতি দাস, হেমন্ত কুমাৰ দাস, গজেন্দ্ৰজিৎ দাসৰ লগতে অঞ্চলটোৰ বহুকেইজন বিশিষ্টলোক, শিক্ষক-শিক্ষয়িত্ৰী, অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয়ববীয়া আৰু ৰাইজে অংশ গ্ৰহণ কৰি স্কুলখনৰ সামগ্ৰীক উন্নয়নৰ দিশত সহায় সহযোগ কৰি যাব বুলিও ভাষণ প্ৰদান কৰে।
লগতে মহাবিদ্যালয় পৰ্যায়ত চৰকাৰীকৰণ কৰাৰ বাবে চৰকাৰলৈ ৰাইজে দাবী উত্থাপন কৰি প্ৰয়োজনীয় পদক্ষেপ লোৱাৰ বাবে প্ৰস্তাব গ্ৰহন কৰে।
সেই প্ৰস্তাৱ অনুসৰি জগলীয়াপাৰ আঞ্চলিক চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ এটি প্ৰতিনিধি দলে ৬জুনত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা বিদ্যালয় প্ৰাদেশিকীকৰণ খচৰা বিধেয়ক পৰ্যালোচনা কেবিনেট উপ-সমিতিৰ অন্যতম সদস্য জয়ন্ত মল্ল বৰুৱাক দিছপুৰস্থিত জনতা ভৱনৰ কাৰ্যালয়ত সাক্ষাৎ কৰে। ১৯৯৯ চনতেই স্থাপন কৰা জগলীয়াপাৰ আঞ্চলিক চিনিয়ৰ চেকেণ্ডাৰী স্কুলক মহাবিদ্যালয় পৰ্যায়লৈ উন্নীত কৰাৰ বাবে এই স্মাৰক পত্ৰ প্ৰদান কৰা হয়। অসম অলিম্পিক সন্থাৰ সহকাৰী সম্পাদক, বিজেপি অসম প্ৰদেশৰ ৰাজ্যিক আমন্ত্ৰিত সদস্য তথা পলাশবাৰী সমষ্টিৰ যুৱনেতা হিমাংশু শেখৰ বৈশ্যৰ বিশেষ তৎপৰতাত এই কাৰ্য সম্পন্ন হৈ উঠে। এই ক্ষেত্ৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব বুলি প্ৰতিনিধি দলটোক আশ্বাস প্ৰদান কৰে। প্ৰতিনিধি দলটোত হেমন্ত দাস, যতীন কলিতা, প্ৰাণেশ্বৰ কলিতা, ধ্ৰুৱজ্যোতি দাস আৰু মিতুমনি দাস উপস্থিত আছিল।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ