প্ৰকাশিত তাৰিখঃ ৩ মাৰ্চ, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট –
ৰাজ্যজুৰি ভূমিকম্প সদৃশ জোকাৰণিৰ সৃষ্টি কৰা বিশাল-চুমি ট্ৰেডিং কাণ্ডৰ ঢৌ মাৰ যোৱাই নাই। তেনে সময়তে এইবাৰ অনুৰূপ ঘটনা ঘটিল গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীত৷ এই ঘটনাৰ নায়ক ৰাণীৰ যুৱক চিন্ময় দাস। উচ্চ শিক্ষাৰে শিক্ষিত চিন্ময় দাসৰ পিতৃ–মাতৃ শিক্ষকতা বৃত্তিৰ লগত জড়িত।
পঢ়া–শুনাৰ অন্তত চিন্ময় দাসে ট্ৰেডিং ব্যৱসায়ৰ লগত জড়িত হৈ পৰিছিল। চিন্ময়ে ট্ৰেডিং ব্যৱসায়ৰ লগত জড়িত হৈ পৰ্বতসম ধন আহৰণ কৰক সেইটো কোনেও আপত্তি কৰিবলগীয়া নাছিল। কিন্তু চিন্ময়ে ৰাণী অঞ্চলৰ বহুলোকক ট্ৰেডিং ব্যৱসায়ৰ দ্বাৰা ধনী হোৱাৰ সপোন দেখুৱাই ধন বিনিয়োগ কৰিবলৈ উৎসাহ যোগাইছিল।
চিন্ময়ৰ চলাহী কথাত অঞ্চলটোৰ বহুলোকে ধন বিনিয়োগ কৰিছিল। আৰম্ভণি কালছোৱাত চিন্ময়ে বিনিয়োগকাৰী সকলক মূল ধনৰ বিপৰীতে মাহিলি ৫শতাংশ সুত ঘূৰাই দিছিল। চিন্ময়ৰ ট্ৰেডিং ব্যৱসায়ৰ বাবে সেয়াই আছিল টাৰ্ণিং পইণ্ট। সেয়ে অঞ্চলটোৰ বহুলোকে চিন্ময়ৰ হাতত লাখে লাখে টকা জমা দিছিল।
কিন্তু ৰাজ্যৰ বিশাল–চুমী ট্ৰেডিং কাণ্ডই চিন্ময়কো চুই গৈছিল। সেয়ে ফোন যোগাযোগ বিচ্ছিন্ন কৰি বহু মাহ ধৰি চিন্ময় দাসে ঘৰৰ পৰা পলাই আছিল। ইপিনে চিন্ময় দাসে ঘৰৰ পৰা পলাতক হোৱা খবৰে বিনিয়োগকাৰী সকলক মহা চিন্তাত পেলাইছিল।
উল্লেখ্য যে, চলিত ৬ মাৰ্চত চিন্ময় দাসৰ বিয়াৰ আয়োজন কৰিছিল। সেই অনুসৰি চিন্ময় দাস ঘৰলৈ আহিছিল। চিন্ময় দাস ঘৰলৈ অহাৰ খবৰ লাভ কৰাৰ লগে লগে বিনিয়োগকাৰী সকলে তেওঁৰ লগত যোগাযোগৰ চেষ্টা চলাইছিল।
বহু চেষ্টাৰ অন্তত ২৮ ফেব্ৰুৱাৰীত ৰাণীৰ অমৰ দাস নামৰ ধন বিনিয়োগকাৰী যুৱকজনে চিন্ময়ক লগ পাবলৈ সক্ষম হয় আৰু তেওঁ বিনিয়োগ কৰা ধন ঘূৰাই বিচাৰিছিল। কিন্তু চিন্ময়ে অমৰক ধন ঘূৰাই নিদিও বুলি কোৱাৰ লগতে ওলোটাই ভাবুকিহে দিয়ে।
উক্ত তাৰিখৰ নিশা ৰাণী আৰক্ষী চকীৰ ওচৰত চিন্ময় দাসৰ বিৰুদ্ধে অমৰ দাসে এজাহাৰ দাখিল কৰে। অমৰ দাসৰ এজাহাৰৰ ভিত্তিত লগে লগে ৰাণীৰ আৰক্ষীয়ে চিন্ময় দাসক আটক কৰে আৰু সোধ–পোছাৰ বাবে পলাশবাৰী আৰক্ষী থালালৈ লৈ আহে।
বিভিন্ন ধৰণৰ জেৰাৰ অন্তত আৰক্ষীয়ে চিন্ময় দাসক গ্ৰেপ্তাৰ কৰি জেল–হাজোতলৈ প্ৰেৰণ কৰে। এজাহাৰকাৰী অমৰ দাসে চিন্ময় দাসৰ ওচৰত ৬৫ লাখ টকা বিনিয়োগ কৰিছিল। চিন্ময় দাসে ট্ৰেডিং ব্যৱসায়ত ৫০কোটিৰ অধিক ধন বিনিয়োগ কৰা বুলি অমৰ দাসৰ পৰা জানিবপৰা গৈছে। এই ধনৰ সিংহভাগ ৰাণী অঞ্চলৰ লোকে বিনিয়োগ কৰা বুলি অমৰ দাসে প্ৰকাশ কৰে।
অৱশ্যে আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া চলি আছে। গতিকে তদন্তৰ শেষত নিশ্চয় ওলাই পৰিব ৰাণীৰ যুৱক চিন্ময় দাসে ট্ৰেডিং ব্যৱসায়ৰ নামত কিমান ধনৰ লেন–দেন কৰিছে।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ