প্ৰকাশিত তাৰিখঃ ৬ জুলাই, ২০২০
কল্প ৰঞ্জন গগৈ –
আহোম ৰয়েল ছ’চাইটীৰ এজন কাৰ্যবাহী সদস্য হিচাপে মোৰ ব্যক্তিগত মতামত দাঙি ধৰিছোঁ যদিও ই আমাৰ সংগঠনৰ মত নহয়।
চীন দেশৰপৰা হুৱাংহু–ইয়াংজিকিয়াং সভ্যতা কঢ়িয়াই আনিছিল মহান নেতা চুকাফা আৰু তেওঁৰ সতীৰ্থসকলে। পাটকাই সভ্যতাৰ দেশত প্ৰৱেশ কৰিছিল আলহী হৈ– থলগিৰী মৰাণ–বৰাহী–চুতীয়াৰ লগত সম্বন্ধ গঢ়ি নিজেই হৈ পৰিল থলগিৰী। বন্ধু সৌম্যদ্বীপৰ মতে, তেওঁলোকে লগত লৈ আহিছিল ভগৱান বুদ্ধৰ বাণী সম্প্ৰসাৰণৰ লক্ষ্য লৈ (অসমৰ বৌদ্ধ কিৰাত)। এয়া আছিল সাংস্কৃতিক আক্ৰমণ। সাত ৰাজ মিলাই এক ৰাজ– সন্মিলিত মানৱ মৰ্চা গঠনৰ আহ্বান– জ্ঞানৰ ভঁৰাল বুৰঞ্জী ৰচনাৰ আৰম্ভণি। বুদ্ধৰ মহান বাণী আত্ম দীপো ভৱঃ– ঘৰে ঘৰে বুৰঞ্জী লিখিব লাগিব। সপোন দেশক ম্যুংডুনচুনখাম– সোণালী বাগিচা গঢ়াৰ। চুকাফা চৰাইদেউত থাকি গ’ল ১২২৮–১২৬৮ চনলৈ। একা–বেঁকা পথেদি গতি কৰা চুকাফাৰ উত্তৰসূৰীসকলে পালে আৰু এজন সাংস্কৃতিক যোদ্ধা– শ্ৰীমন্ত শংকৰদেৱ (১৪৪৯–১৫৬৮)। এই যুদ্ধ অবিৰাম চলি আছে।
আমাৰ সংগঠনৰ মতে, সকলো টাই আহোম হ’লেও সকলো আহোম টাই নহয়। আহোম শব্দটো অসমৰ সৃষ্টি। সেয়ে আহোম এটা জনগোষ্ঠী নহয়। বাঘ হাজৰিকা, ইছমাইল ছিদ্দিকীৰ পৰা আহোমৰ বাব খোৱা–নোখোৱা সাতঘৰীয়া গোহাঁই (বৰ, বুঢ়া, বৰপাত্ৰ), বৰবৰুৱা, বেজবৰুৱা, বৰফুকন, বৰদলৈ, খাউণ্ড, বৰাগীৰ পৰা হুছেইন বৰুৱা, আলী বৰুৱা হৈ ৰাভা, অগ্ৰৱাল জ্যোতি, পগাগ, মিছং, হাগ্ৰামা মহিলাৰীলৈ নৰনাৰায়ণ–চিলাৰায়ৰ বংশধৰসকললৈ সকলো আহোম– আজিৰ অসমীয়া– আমাৰ জ্ঞাতি। মনৰ দেশত, কৰ্ণফুলিৰ পাৰত, হস্তিনাপুৰত (ৰমণী গাভৰুৰ লগত যোৱাসকলৰ বংশধৰ আমাৰেই জ্ঞাতি)। আমাৰ পুলিন পুথাওৰ দেশ চীন–ম্যানমাৰ আদি।
কালক্ৰমত বহু পৰিৱৰ্তন হ’ল– আমাৰেই মতিচ্ছন্ন পূৰ্বসুৰীসকলে বেলিমাৰৰ পথ প্ৰশস্ত কৰিলে ভেদনীতিৰ সহায়ত– অৱশেষত চূড়ান্ত বেলিমাৰ ইয়াণ্ডাবুত (১৮২৬)। তাৰ পিছত ১৯৪৭লৈকে ঔপনিৱেশিক ভেদনীতি আৰু সেয়ে আজিলৈকে মতিভ্ৰম। দোষ নিদিও গৰ্গ চেটাৰ্জীক আৰু ভুল বুলিও নকওঁ– কাৰণ চাওলুং চুকাফাই আমাৰ সাংস্কৃতিক যুদ্ধৰ পাতনিহে মেলি থৈ গ’ল। অসম তথা ভাৰতবৰ্ষত এখন সাংস্কৃতিক যুদ্ধৰ প্ৰয়োজন যে আছে, তাকেই গৰ্গ চেটাৰ্জীয়ে দাঙি ধৰিছে। লগতে এইটো কথাও স্পষ্ট হৈ পৰিছে যে আজিৰ সময়ত সঠিক দৰ্শন, বুৰঞ্জীৰ অধ্যয়ন আৰু সমাজ বিকাশৰ বাবে মনোবিজ্ঞানৰ প্ৰয়োগ।
ইউৰোপ–আমেৰিকা জাগিছে ভেদনীতিৰ বিৰুদ্ধে– অসম তথা ভাৰতত এই সাংস্কৃতিক আন্দোলনৰ প্ৰয়োজন আছে। নতুন অনুভৱ, চিন্তাধাৰাৰ লগতে কথাবোৰ–ঘটনাবোৰ নতুন ধৰণে চাব পাৰিলেহে পৃথিৱীৰ পৰিৱৰ্তন হ’ব।