Wednesday, October 16, 2024
HomeARTICLEজগত জেঠ সকলৰ ‘চেকেণ্ড হেণ্ড’ কথা

জগত জেঠ সকলৰ ‘চেকেণ্ড হেণ্ড’ কথা

প্ৰকাশিত তাৰিখঃ ২৬ আগষ্ট, ২০২৪

কল্প ৰঞ্জন গগৈ –

১৭৫৭ চনত মুছলমান চিৰাজদৌল্লাক এশিকনি দিবলৈ জগত চেঠ্‌ সকলে ধনে–ধানে বগা বঙালক আদৰি আনিছিল। ১৯৩ বছৰ লাগিল আত্মনিয়ন্ত্ৰণৰ অধিকাৰ ওভোতাই আনিবলৈ। কিন্তু যাবৰ সময়ত এই অধিকাৰ পুনৰ চেঠ্‌ সকলক দি গ’ল। ৰাষ্ট্ৰ পিতাক এই সকলেই হত্যা কৰি স্বাধীন ভাৰত সন্তানৰ চকুৰ চকুপানী বগা বঙালৰ দিনৰ দৰেই থাকি গ’ল। যাবৰ সময়ত দেশখনো ভাঙি থৈ গ’ল। দেশ ধ্বংসৰ দুখৰ কথা সুঁৱৰি বছৰত দুদিনকৈ ৰাষ্ট্ৰ পিতাৰ প্ৰতি শ্ৰদ্ধা জনাবলৈ এই শোক দিৱস পালন কৰো। আমাৰ দুখ এই খিনিতেই– দেশৰ নাগৰিক ৯০%ই সংবিধানখনৰ প্ৰতিজ্ঞা হৃদয়ংগম কৰা নাই– আজিৰ ২১ শতিকাত। পৃথিৱীৰ প্ৰথম বিশ্ববিদ্যালয় নালন্দা–তক্ষশীলাৰ দেশত।

বগা বঙালৰ বিশ্ব জয়ৰ উৎস অক্সফোৰ্ড আৰু কেম্ব্ৰিজ বিশ্ববিদ্যালয়। সেয়েহে বিশ্ব যুদ্ধৰ মাজত চিন্তা কৰিছিল আলুখেতিৰ কথা। সেয়া যেনিবা নিজৰ দেশবাসীৰ কথা। কিন্তু বেদখলৰ ঊপনিবেশত যি কৰিব লাগিব সেয়াও তেওঁলোকৰ নখ দৰ্পণত। সেই শিক্ষাই দি গৈছিল জগত চেঠ্‌ সকলক। সেয়ে আজিৰ ভাৰতবাসী প্ৰত্যেকেই জগত চেঠ্‌ৰ দৰ্শনৰ অনুৰাগী (Fan)। সেয়ে সদন–সংসদৰ তৰ্ক–বিতৰ্ক জগত চেঠ্‌ সকলৰ ‘বেপাৰী কাজিয়া’। জনতাৰ সমস্যাই স্থান নেপায়।

অসমলৈ বগা বঙালক আদৰিছিল গৌৰীনাথ সিংহই– ১৭৯২ চনত। বাণিজ্য চুক্তিও হৈছিল ১৭৯৩ চনৰ ২৮ ফেব্ৰুৱাৰীত। জগত চেঠ্‌ সকলক দায়িত্ব দি ১৭৯২ চনৰ নৱেম্বৰ মাহৰ পৰা ১৭৯৪ চনৰ মে’ মাহলৈ ১৯ মাহৰ পিছত ধনে–সোণে পৰিপূৰ্ণ হৈ উভতি গ’ল। থাকি গ’ল জগত চেঠ্‌ সকল ৰজা হৈ। সেয়ে ৰংপুৰ এতিয়া জ্বলন্ত।

তেতিয়া বগা বঙালৰ গুলিত ৮০ জন ছহীদ। বহু গাঁও জ্বলাই দিয়া হ’ল। আজি বুৰঞ্জীৰ এই পুনৰাবৃত্তি– ট্ৰেজেডী নে ফুচুৰী? (Tragedy or Farce?) ৩০টা সংগঠনে প্ৰতিবাদ কৰিছে ঠিকেই কিন্তু ঘটনাবোৰ হৈছে কিয়? Why has it occurred? What is the root cause of the Disease? This is a symptom only! Treat the root cause।

আজি অসমৰ ৩–৪ অঞ্চল পথাৰৰ পৰা আৰু ৯০% বজাৰলৈ জগত চেঠ্‌ সকলৰ হাতত। আমাৰ মেধাজীৱি সকলে বৰভেটিৰ কথা কোৱা নাই। ফুচুৰি কৰা মানুহে ‘মগজ বেচি’ মন্তব্য দি আছে– ‘হাইব্ৰীড প্ৰজন্মক হাইব্ৰীড মন্তব্য’। জনগণৰ নিজস্ব বিজ্ঞানমনস্ক প্লেটফৰ্ম বৌদ্ধিক চৰ্চাৰ বাবে শংকৰ–মাধৱ–জ্যোতি–বিষ্ঞু–ভূপেন–জয়ন্তৰ’ প্ৰাকৃতিক হাইব্ৰীড (Natural –Non Hybrid) দৰ্শনৰ দ্বাৰা পৰিপুষ্ট নীতিৰে গঢ় দিব লাগিব সৰ্বাহাৰা অসমীয়াৰ সৰ্বস্ব উভতাই আনিবলৈ।

জগত চেঠ্‌ৰ এজন জ্যোতিপ্ৰসাদে কাৰ্পেটৰ পৰা নামি আহি অসমীয়াক ‘সেউজীয়া মন্ত্ৰ’ দি গ’ল– গণনাট্যক সজীৱ কৰি গ’ল। আজিৰ অসমীয়াই বুদ্ধৰ মন্ত্ৰৰে দীক্ষিত হৈ ‘জ্ঞানৰ মঠ’ গঢ়িব লাগিব। এক বলৱান সাংস্কৃতিক যুদ্ধ চলাই নিব লাগিব। বাধা আহিব সংকীৰ্ণ চিন্তাবিদসকলৰপৰা। বাধা আহিব সেইসকলৰপৰা যিসকলে গম পোৱা নাই যে ডাঙৰীয়াসকল ‘উইয়ে খোৱা হাউভাতহে’ বহি আছে। বাধা আহিব সেই সকলৰপৰা যিসকলে আই চি ইউত পৰি থকা পচনমুখী ব্যৱস্থাটোক বচাই ৰাখিবলৈ আমাক বিভ্ৰান্ত কৰি ৰাখিছে। হাইব্ৰীড প্ৰজন্মক কৃত্ৰিম বুদ্ধিমত্তাৰ দাম কৰি ৰাখিছে। গান্ধাৰীসকলক কৃত্ৰিমভাৱে অন্ধ কৰি ৰাখিছে।

মনত ৰাখিব অসমীয়াই কাৰো পৰা সেৱা নলয়। পুলিন–পুথাওৰ মতে ই জাতিৰ অপমানহে। যুঁজ হ’ব সন্মুখৰ পৰা– সমানে সমানে। চেকেণ্ড হেণ্ড সমস্যাৰ– পুনৰ দোহৰা প্ৰয়োজন নাই।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward