Monday, July 21, 2025
HomeNEWSৰাণীৰ বেলগুৰীত কৃতী ছাত্ৰ–ছাত্ৰী অভিনন্দন জ্ঞাপন

ৰাণীৰ বেলগুৰীত কৃতী ছাত্ৰ–ছাত্ৰী অভিনন্দন জ্ঞাপন

প্ৰকাশিত তাৰিখঃ ২১ জুলাই, ২০২৫

চানডুবি নিউজ ৰিপ’ৰ্ট –

গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীৰ বেলগুৰীত ৪২ নং দক্ষিণ ভোলাগাঁও গাঁও পঞ্চায়তৰ উদ্যোগত ১৯ জুলাইত এক অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰে।

উল্লেখ্য যে বেলগুৰীস্থিত আঞ্চলিক দুৰ্গা মন্দিৰ বাকৰিত অনুষ্ঠিত আজিৰ সভাখনত সমগ্ৰ পঞ্চায়ত এলেকাটোৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ৪০গৰাকীকৈ ছাত্ৰ–ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰে।

এই উপলক্ষে অনুষ্ঠিত সভাখনৰ পৌৰহিত্য কৰে ৪২নং দক্ষিণ ভোলাগাঁও গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভাপতি সত্যৰাম ৰাভাই।

সভাত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে পশ্চিম গুৱাহাটী বিধান সভা সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু পলাশবাৰী বিধান সভা সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই।

উপস্থিতিকালত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয়– ‘এই অভিনন্দন অনুষ্ঠান আয়োজনৰ উদ্যোগ গ্ৰহণ কৰা নৱনিৰ্বাচিত সভাপতি সত্যৰাম ৰাভা আৰু কৰ্মকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছো। এই অনুষ্ঠানে অঞ্চলটোৰ ছাত্ৰ–ছাত্ৰীক অধ্যয়নৰ প্ৰতি আগ্ৰহী কৰি তুলিব। মই সকলোবোৰ ছাত্ৰ–ছাত্ৰীক ভৱিষ্যত উজ্জ্বল কামনা কৰিছো।’

আনহাতে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই কয়– ‘কৃতী ছাত্ৰ–ছাত্ৰীসকলক জনোৱা অভিনন্দনে তেওঁলোকৰ মাজত অধ্যয়নৰ প্ৰতি স্পৃহা বঢ়াই তুলিব। আজিৰ সভাত তেওঁলোক যথেষ্ট উৎসাহিত হৈ পৰা দেখা গৈছে।’

অভিনন্দন সভাত গ্ৰামোন্নয়ন বিভাগৰ যুটীয়া সঞ্চালক পবিত্ৰ কালিতা, ছয়ানী–ৰাণী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া, সহকাৰী খণ্ড উন্নয়ন বিষয়া, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ শিলপোতা সমষ্টিৰ পাৰিষদ কমলেশ্বৰ ৰাভা, ৫নং ছয়ানী–ৰাণী আঞ্চলিক পঞ্চায়তৰ নৱনিৰ্বাচিত সভাপতি ৰুকুন ৰাভা, ৰাণী আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি পৰমেশ্বৰ বৰ্মণ, জিলা পৰিষদৰ প্ৰাক্তন সদস্য ৰবীন দৈমাৰী আদিকৰি বহু সংখ্যক লোক উপস্থিত থাকে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward