প্ৰকাশিত তাৰিখঃ ৯ অক্টোবৰ, ২০২৩
কল্প ৰঞ্জন গগৈ –
ইতিহাসৰ লগতে সংস্কৃতিৰ বিষয়ে জনসাধাৰণৰ উৎসাহ যিমানেই বাঢ়ে সিমানেই মঙ্গল। ইতিহাস হৈছে এটা জাতিৰ লগতে এখন দেশৰ নিৰ্দিষ্ট সময়ৰ দলিল। সময় এটা নিৰ্দিষ্ট সৰ্পিল গতিৰে আগবাঢ়ে। সেয়ে ইতিহাসৰ গতিত এঁকা–বেঁকা। একেটা সময়তে ইতিহাসক গতি দিয়ে জনসাধাৰণে। ইতিহাসক আমি দুটা ভাগত ভাগ কৰিব পাৰো। ৰজাঘৰৰ প্ৰজা শাসন–শোষণৰ ইতিহাস আৰু ছাহজাহানে দুই লক্ষ শ্ৰমিকক ২০বছৰ ধৰি শ্ৰমশোষণ কৰি গঢ়াইছিল তাজমহল। এই শ্ৰমিকসকলে গঢ়িছিল তাজমহল নিজৰ তেজ ঘামৰ বিনিময়ত। সামন্তীয় বুৰঞ্জীত নাম থাকিল ছাহজাহানৰ। কিন্তু শ্ৰমিকসকলৰ নামৰ লগতে দুখ–দুৰ্দশাৰ কথা?
আজি গণযুগত সেয়ে এই ইতিহাসৰ উপৰি থাকিব লাগিব প্ৰজাৰ কথা– সৈনিকসকলৰ কথা। থাকিব লাগিব প্ৰজাৰ অৰ্থনৈতিক অৱস্থাৰ কথা। গণযুগত জনকল্যাণেই হৈছে প্ৰধান ধাৰা। সেয়ে কৰদাতাসকলৰ অৱদানৰ লগতে অৱস্থাৰ কথাই মূখ্য স্থান ল’ব লাগিব। মাৰ্কিন ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনৰ মতে জনগণৰ, জনগণৰ দ্বাৰা আৰু জনসাধাৰণৰ বাবেহে হ’ব লাগিব।
ব্ৰিটিছ সাম্ৰাজ্যবাদৰ পৰা মুক্ত হৈ এখন সংবিধান ৰচনা কৰি আমি ভাৰতবাসীয়ে প্ৰতিজ্ঞা কৰিছিলো যে– দেশখন হ’ব সাৰ্বভৌমত্ব, ধৰ্মনিৰপেক্ষ, সমাজবাদী গণৰাজ্য। সকলো ধৰ্মৰ প্ৰতি সন্মান আৰু সকলো ব্যক্তিৰ মাজত সমতা– সমবিকাশৰ লক্ষ্যৰে ৰাজনীতি আৰু অৰ্থনীতি যাৰ প্ৰতিফলন ঘটিব সংস্কৃতিত।
সংবিধান খচৰা কমিটিৰ সভাপতি ড০ আম্বেদকাৰৰ মতে সংবিধানখনে দেশৰ মানুহৰ কল্যাণ সাধিব নোৱাৰিলে ক’ব লাগিব যে ইয়াৰ মানুহ ঠিক নহয়।
একেসময়তে সংবিধানিক সভাৰ সভাপতি ড০ ৰাজেন্দ্ৰ প্ৰসাদে কৈছিল যে– মানুহবোৰ ভাল হ’লে এখন বেয়া সংবিধানেও ভাল ফল দিব। ইয়াৰ পৰাই আমি ক’ব পাৰো স্বাধীন ভাৰতৰ লক্ষ্য হ’ব ভাল মানুহ সৃষ্টি কৰা। স্বামী বিবেকানন্দৰ (১৮৬৩–১৯০২) Man Making, Character Building and Nation Building।
স্বামীজীয়ে কিন্তু বেয়া মানুহ থকাৰ কথা স্বীকাৰ কৰা নাছিল। তেওঁৰ মতে– Each Soul is Potentially Divine– প্ৰতিটো আত্মা (ব্যক্তি) মূলতে দেৱগুণ সম্পন্ন। তেওঁৰ মতে শিক্ষাই মানুহৰ পৰিপূৰ্ণতা প্ৰকাশিত কৰে– Education is the manifestation of the Perfection already in Man– আৰু ধৰ্মই সুপ্ত দেৱত্বৰ প্ৰকাশ ঘটাই– Region is the manifestation of the Divinity already in Man। সেয়ে কবি জীৱনানন্দই কৈ গৈছে– ‘সবাৰ ওপৰে মানুষ সত্য’।
সেয়ে স্বাধীন ভাৰতবৰ্ষত আমাৰ কাম হ’ব– প্ৰজা জনসাধাৰণৰ বৰভেটি গঢ়া।
জ্ঞানৰ সহায় লৈ বৰভেটি গঢ়িবলৈ যীশু জন্মৰ ৫শ বছৰ আগেয়ে বুদ্ধদেৱে কৈ গৈছিল। ১৫ শতিকাত অসমত শ্ৰীমন্ত শংকৰদেৱে কৈছিল। সেয়ে শংকৰদেৱৰ কালসংহতিৰ সদস্যসকলে যোহাটৰ ১১ কিঃমিঃ দক্ষিণ–পশ্চিমত বৰভেটি–মাজুভেটি গঢ়িছিল। ৰজা–ডাঙৰীয়াসকলৰ শোষণৰ বিৰুদ্ধে থিয় দিবলৈ। জোকাৰি দিছিল আহোম ৰাজত্ব। সেই এক মতৰ প্ৰতিজ্ঞা ব্ৰিটিছে ভাঙি পেলাবলৈ সহায় কৰিলে স্বৰ্গদেউ গৌৰীনাথ সিংহক।
সমাজবিদ্যাৰ নিয়ম অনুসৰিহে ইতিহাসে গতি লয়। শ্ৰীমন্ত শংকৰদেৱে ১৫ শতিকাত সমাজৰ এক গুণগত পৰিৱৰ্তন সাধিছিল– From Qualitative development। ব্ৰিটিছৰ দিনত ঔপনিবেশিক স্তৰলৈ গতি কৰিলে। আজি সংসদীয় গণতন্ত্ৰৰ পৰা উন্নত নতুন গণতন্ত্ৰলৈ যাবলৈ প্ৰস্তুতি চলোৱা সময়ত চিন্তা– সংঘৰ্ষৰ প্ৰয়োজন। অন্যথাই ই পুৰণি দিনলৈকে গতি কৰিব। বৰ্তমানৰ সংসদীয় গণতন্ত্ৰ হৈছে মধ্যশ্ৰেণীৰ গণতন্ত্ৰ। নতুন গণতন্ত্ৰত বৰ্তমানৰ অৱশিষ্ট ভালত্বখিনি থাকিলেও প্ৰকৃত জাতীয় শিক্ষাৰে শিক্ষিত হ’বলৈ সংবিধানখনৰ নীতিৰে আগবাঢ়িব লাগিব।
কৰদাতা জনগণৰ বাবেহে দেশখন– দেশখনৰ সংবিধানখন। এই সংবিধানখনকেই আমি গুৰু আসনত ৰাখিব লাগিব– কীৰ্তন– ভাগৱতৰ লগত।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News