Tuesday, March 31, 2026
HomeNEWSনালন্দা বিশ্ববিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰঃ মাজুলীৰ ঐতিহ্য বিষয়ক গৱেষণা পত্ৰৰ বাবে...

নালন্দা বিশ্ববিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰঃ মাজুলীৰ ঐতিহ্য বিষয়ক গৱেষণা পত্ৰৰ বাবে নগালেণ্ড বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ জয়ৰাজ কলিতালৈ শ্রেষ্ঠ বঁটা

প্ৰকাশিত তাৰিখঃ ৩০ মাৰ্চ, ২০২৬

চানডুবি নিউজ ৰিপৰ্ট –

বিহাৰৰ নালন্দা বিশ্ববিদ্যালয়ত ২৬ মাৰ্চৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হয় ‘India on the World Stage: Soft Power, Policy and Youth Diplomacy’ শীৰ্ষক এক উচ্চস্তৰীয় আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ। উক্ত আলোচনা চক্ৰত নগালেণ্ড বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ জয়ৰাজ কলিতাৰ ‘Climate Change and Heritage Preservation: Protecting Majuli’s Riverine Cultural Landscapes’ শীৰ্ষক গৱেষণা পত্ৰখনে আনুষ্ঠানিকভাৱে ‘শ্ৰেষ্ঠ গৱেষণা পত্ৰ’ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

এই গৱেষণাত বিপন্ন নদীদ্বীপীয় পৰিৱেশ তন্ত্ৰ সুৰক্ষিত কৰাৰ বাবে জৰুৰী নীতিগত ব্যৱধান সমূহৰ ওপৰত আলোকপাত কৰাৰ লগতে জলবায়ু পৰিৱৰ্তনৰ সৈতে খাপ খুৱাই সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ বাবে এক সমন্বিত দৃষ্টিভংগীৰ পোষকতা কৰা হৈছে। ফ্ৰান্স, পেৰু, ইণ্ডোনেছিয়া, মৰিছাছ, বাংলাদেশ, ডমিনিকান ৰিপাব্লিক, শ্ৰীলংকা, লাউচ আৰু ভিয়েটনাম আদি কৰি ১০ খনতকৈও অধিক দেশৰ প্ৰতিনিধিৰ গৱেষণা পত্ৰৰ মাজৰ পৰা এই পত্ৰখন নিৰ্বাচিত কৰা হয়।

আলোচনা চক্ৰৰ সামৰণি অনুষ্ঠানত নালন্দা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক শচীন চতুৰ্বেদী আৰু ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব মহামহিম আলোক ডিমৰীয়ে এই বঁটা প্ৰদান কৰে।

এই আলোচনা চক্ৰই ভাৰতৰ কূটনৈতিক পৰিচয় গঢ়ি তোলাত শৈক্ষিক গভীৰতা আৰু যুৱ নেতৃত্বৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই বঁটাই আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ নীতি আৰু ‘চফ্ট পাৱাৰ’ৰ প্ৰেক্ষাপটত ব্ৰহ্মপুত্ৰ উপত্যকাৰ সাংস্কৃতিক ঐতিহ্যৰ আঞ্চলিক তথা বিশ্বজনীন গুৰুত্বক পুনৰ প্ৰতিষ্ঠা কৰিছে।

উল্লেখযোগ্য যে নগালেণ্ড বিশ্ববিদ্যালয়ৰ নৃতত্ত্ব বিভাগৰ গৱেষক ছাত্ৰ জয়ৰাজ কলিতা এগৰাকী নিষ্ঠাবান সত্ৰীয়া কৰ্মী। সেই অনুসৰি সত্ৰীয়া সংস্কৃতিৰ ওপৰত ব্যাপকভাৱে কাম কৰি আহিছে আৰু দেশ-বিদেশৰ বিভিন্ন মঞ্চত নিজৰ গৱেষণা পত্ৰ উপস্থাপন কৰিছে। তেওঁৰ কামৰ মূল লক্ষ্য হৈছে সাংস্কৃতিক ইতিহাস, ঐতিহ্য সংৰক্ষণ আৰু আঞ্চলিক নীতিৰ মাজৰ সম্পৰ্কক বিশ্লেষণ কৰা।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward