প্ৰকাশিত তাৰিখঃ ২৩ জুন, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট –
২ জুনত অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীদ্বয়ৰ আলোচনাত দক্ষিণ কামৰূপৰ কুলশী নদীত ৫৫ মেগাৱাট জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ প্ৰস্তাৱ সন্দৰ্ভত বাতৰি প্ৰকাশ পাইছিল। ইয়াৰ লগে লগে দক্ষিণ কামৰূপৰ বিভিন্ন সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। উল্লেখ্য যে নিখিল ৰাভা ছাত্ৰ সন্থা, ষষ্ঠ অনুসূচী দাবী সমিতি, আঞ্চলিক ৰাভা মহিলা পৰিষদ, গাৰো ছাত্ৰ সন্থা, গাৰো মহিলা পৰিষদ, গাৰো জাতীয় পৰিষদ, খাছি ছাত্ৰ সন্থা, খাছি মহিলা পৰিষদ আদি সংগঠন সমূহ একত্ৰিত হৈ প্ৰতিবাদ আৰম্ভ কৰিছে। ইতিমধ্যে ছয়গাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত সীমান্তৰ উকিয়ামৰ কুলশী নদীৰ পাৰত এক বিশাল প্ৰতিবাদী সভাও অনুষ্ঠিত হৈ গৈছে। কুলশীৰ জলবিদ্যুৎ প্ৰকল্পৰ বিৰোধিতাৰ বাবে অসম–মেঘালয় যুটীয়া প্ৰতিৰোধ কমিটি গঠন কৰি মেঘালয়ৰ কেৰছাইমুখত এক বিশাল প্ৰতিবাদী সভাও অনুষ্ঠিত কৰিছে।
২১ জুনত অসম–মেঘালয় সীমান্তৰ উকিয়ামৰ ৰাজহুৱা প্ৰেক্ষাগৃহত ছয়গাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত এক প্ৰতিনিধি সভা অনুষ্ঠিত হয়। লস্কৰ ৰাভাৰ পৌৰহিত্যত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে মণিৰাম ৰাভাই।
সভাত উপস্থিত থাকি কোছ–ৰাজবংশী ছাত্ৰ সন্থাৰ কামৰূপ জিলা সমিতিৰ বিষয়ববীয়া মুনীন্দ্ৰ দাসে কয়– জলবিদ্যুৎ প্ৰকল্প এক কেন্দ্ৰীয় আঁচনি। এই আঁচনি বন্ধ কৰিবলৈ হ’লে আমি অসম–মেঘালয় দুয়ো ৰাজ্যৰ ওচৰত দাবী জনাব লাগিব।
নিখিল ৰাভা ছাত্ৰ সন্থাৰ উপ–সভাপতি প্ৰদীপ ৰাভাই কয়– ‘আমাৰ অসম ভূমিকম্প প্ৰৱন এলেকা। গতিকে যিকোনো মুহুৰ্ততে বিপদ সংঘটিত হ’ব পাৰে। কুলশী নদীত ৫৫ মেগাৱাট জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ হ’লে ই আৰু ভয়ংকৰ হৈ উঠিব। সেয়ে জলবিদ্যুৎ প্ৰকল্প যিকোনো প্ৰকাৰে বন্ধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ইতিমধ্যে ২৫ জুনত ২৬টা সংগঠন এক হৈ নিজ নিজ এলেকাৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী, মেঘালয়ৰ মুখ্যমন্ত্ৰী, বিভাগীয় মন্ত্ৰী তথা কৰ্তৃপক্ষৰ ওচৰত স্মাৰক পত্ৰ প্ৰেৰণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আমি দেশৰ প্ৰধান মন্ত্ৰী লগতে ৰাষ্ট্ৰীয় জলবিদ্যুৎ নিগম কৰ্তৃপক্ষৰ ওচৰত স্মাৰক পত্ৰ দি আমাৰ আন্দোলনখনৰ বিষয়ে দৃষ্টি গোচৰ কৰাব লাগিব। তদুপৰি আন্দোলনখনিক আগুৱাই নিবলৈ দেশৰ ৰাজধানী চহৰ দিল্লীত ধৰ্ণা, লগতে উচ্চ ন্যায়ালয় আৰু ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ ওচৰ চপাৰ বাবেও চিন্তা–চৰ্চা কৰা হৈছে।
গাৰো মহিলা পৰিষদৰ নেত্ৰী লজিষ্টিক চাংমাই কয়– কুলশী নদী বান্ধে আমাৰ পানী নাটনি কৰিব। খেতিবাতি শেষ কৰি পেলাব। আমি খাদ্যৰ অভাৱত মৰিব লাগিব– এনে কথা হ’ব নোৱাৰে। গতিকে বান্ধ বন্ধ হ’বই লাগিব।
কামৰূপ জিলা ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি বিদ্যা ৰাভাই কয়– বিজেপি চৰকাৰে আমাৰ অঞ্চলত এক হঠকাৰী কাম কৰিবলৈ গৈ আছে। সেয়ে আমি প্ৰতিবাদ কৰিছো। চৰকাৰে আমাৰ সংগ্ৰামখনক ভাঙি দিয়াৰ চেষ্টা চলাব, তাক আমি নজৰত ৰাখিব লাগিব। প্ৰতিবাদ এজনে হ’লেও কৰিব লাগিব। সোঁৱণশিৰি নদী বান্ধটোৰ কথা সকলোৱে মনত পেলোৱা উচিত– তাত কি লাভ হৈছে আৰু কি লোকচান হৈছে। নদী বান্ধ সম্পৰ্কত আমি আমাৰ অঞ্চলটোৰ প্ৰতিখন গাঁৱত সজাগতাৰ সৃষ্টি কৰিব লাগিব।
সভাত সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক বিপুল ৰাভা, মেঘালয়ৰ কেৰছাই আঞ্চলিক খাছি ছাত্ৰ সন্থাৰ সম্পাদক গ্ৰেটফুল চ’হচাং, সভাপতি গ্ৰেনচিচ চ’হচাং, কামৰূপ জিলা গাৰো জাতীয় পৰিষদৰ সম্পাদক জান চাংমা, সমাজকৰ্মী ৰজনী বড়ো, খিলঞ্জীয়া অধিকাৰ সংগ্ৰাম সমিতিৰ সভাপতি ৰমেশ মালী, গাৰো ছাত্ৰ সন্থা, অসম–মেঘালয় যুটীয়া প্ৰতিৰোধ সমিতিৰ সভাপতি এলবাৰ্ট নংলাং, আন্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংগঠনৰ মহেন্দ্ৰ চন্দ্ৰ দাস আদি কৰি বহুকেইটা সংগঠনৰ বিষয়ববীয়াই ভাষণ প্ৰদান কৰে।
উল্লেখ্য যে, অঞ্চলটোত জলবিদ্যুৎ প্ৰকল্পই সৃষ্টি কৰিব পৰা ক্ষতিকাৰক দিশ সমূহৰ ওপৰত সজাগতা সৃষ্টিৰ বাবে সংগঠন সমূহে গাঁও সভা আয়োজনৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰি ২২ জুনত জালুকবাৰীত এখ,ন সজাগতা সভাৰ আয়োজন কৰা হয়। উক্ত সভাত অঞ্চলটোৰ কেইবাখনো গাঁৱৰ পৰা হাজাৰৰ অধিক লোকে অংশ গ্ৰহণ কৰে।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ