Monday, June 30, 2025
HomeNEWSকুলশী নদীত ৫৫ মেগাৱাট জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ প্ৰস্তাৱত তীব্ৰ বিৰোধিতাঃ  অঞ্চলবাসী ৰাইজৰ...

কুলশী নদীত ৫৫ মেগাৱাট জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ প্ৰস্তাৱত তীব্ৰ বিৰোধিতাঃ  অঞ্চলবাসী ৰাইজৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ

প্ৰকাশিত তাৰিখঃ ৩০ জুন, ২০২৫

চানডুবি নিউজ ৰিপ’ৰ্ট –

দক্ষিণ কামৰূপৰ অসম–মেঘালয় সীমাৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ উকিয়ামত কুলশী নদীৰ ওপৰত ৫৫ মেগাৱাট জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে চৰকাৰে প্ৰস্তাৱ গ্ৰহণ কৰিছে। উক্ত প্ৰস্তাৱৰ বিৰোধিতাত ২৮ জুনত এক ৰাজহুৱা সভা অনুষ্ঠিত হয়। উকিয়ামৰ ৰাজহুৱা প্ৰেক্ষাগৃত অনুষ্ঠিত সভাখন কেৰছাই আঞ্চলিক খাছি ছাত্ৰ সন্থাৰ সভাপতি গ্ৰেনচিচ চ’হচাং, অসম–মেঘালয় যুটীয়া প্ৰতিৰোধ কমিটিৰ সভাপতি এলবাৰ্ট নংলাং, ছয়গাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি লস্কৰ ৰাভাই যুটীয়াভাৱে চলাই নিয়ে।

উক্ত সভাত অংশ গ্ৰহণ কৰি কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি আনন্দ ৰাভাই কয়– ‘কুলশী নদীত জলবিদ্যুৎ প্ৰকল্প নালাগে। কিয়নো নদীখনত ৬২ মিটাৰ দেৱাল দি বান্ধ নিৰ্মাণ কৰিব। ইয়াৰ ফলত আমি পৰম্পৰাগতভাৱে বসবাস কৰি অহা জনজাতিসকলে ঘৰবাৰী এৰি যাব লাগিব। বিজেপি চৰকাৰে জাতি–মাটি–ভেটি গঠনৰ প্ৰতিশ্ৰুতিৰে শাসনভাৰ লৈছিল। কিন্তু আজি আমাৰহে ঘৰবাৰী ভাঙি দিবলৈ ওলাইছে। জৈৱ–বৈচিত্ৰ্যৰে পৰিপূৰ্ণ নদীখন আমাৰ বাবে জীৱন–জীৱিকাৰ প্ৰধান আহিলা স্বৰূপ। সেয়ে নদী বান্ধৰ বিৰোধিতাৰে আমি গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন গঢ়ি তুলিম বুলি প্ৰতিজ্ঞাবদ্ধ হৈছো। কাৰণ নদীবান্ধে জলবোমা সৃষ্টি কৰি আমাৰ বিপদ ঘটাব। গতিকে সেই কাম কৰিবলৈ দিয়া নহ’ব। আমি ইয়াৰ পৰাই অসম–মেঘালয় চৰকাৰ দুখনলৈ বাৰ্তা পঠিয়াম।’

পশ্চিম খাছি পাহাৰ জিলাৰ ৰামব্ৰাই দৰবাৰ হিমাৰ পৰম্পৰাগত ৰাজ্যৰ শ্বিয়েমৰ (ৰজা) মন্ত্ৰী এইচ এছ নংলামে কয়– ‘মানুহক ক্ষতি পূৰণ দি কুলশীত নদী বান্ধ নিৰ্মাণ কৰিব পাৰিব। কিন্তু অঞ্চলটোৰ জৈৱ–বৈচিত্ৰ্য সম্পূৰ্ণৰূপে ধ্বংস হ’ব। ষষ্ঠ অনুসূচীভূক্ত এলেকাত ৰাইজৰ অনুমতি অবিহনে চৰকাৰে জোৰকৈ কোনো কাম কৰিব নোৱাৰে। এই নদী বান্ধৰ প্ৰস্তাৱ বন্ধ কৰিবলৈ আমি সকলো প্ৰকাৰে চেষ্টা চলাম। ইতিমধ্যে এই বান্ধ বন্ধৰ দাবীত আমাৰ দৰমাৰ হিমাত এক প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। এই প্ৰস্তাৱ অতিসোনকালে চৰকাৰৰ হাতত প্ৰদান কৰিম।’

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা জয়ন্ত কুমাৰ ৰাভাই কয়– ‘নদী বান্ধ নিৰ্মাণ হ’লে ওপৰ অংশত সাগৰ আৰু নামনি অংশত মৰুভূমি সদৃশ হৈ পৰিব। চৰকাৰে অঞ্চলস্থ গাঁওসমূহক ক্ষতিপূৰণ দিয়াৰ কথা কৈছে, যদিও ইয়াত উকিয়ামখনেই অকল ৰাজহ গাঁও বিপৰীতে বাকী সকলোবোৰ বন গাঁও। ৰাজহ গাঁও নহ’লে মাটিবাৰীৰ ক্ষতিপূৰণ লাভ নকৰে। আনহাতে বনগাঁৱৰ বাসিন্দাসকলে অকল ঘৰবাৰীৰহে ক্ষতিপূৰণ লাভ কৰিব। কিন্তু অকল ঘৰবাৰীৰ ক্ষতিপূৰণৰ ধনেৰে অন্য ঠাইত এককঠা মাটিও কিনিব নোৱাৰে। অতি ভয়ংকৰ জলবিস্ফোৰণ আজিকালি এক সাধাৰণ ঘটনাৰ দৰে হৈ পৰিছে। এই নদী বান্ধ নিৰ্মাণৰ ফলত জলবিস্ফোৰণ ঘটাৰ সম্ভাৱনাই অধিক। সেয়ে নদীবান্ধৰ নিৰ্মাণ প্ৰস্তাৱ বন্ধ কৰিবলৈ আমি ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ ওচৰ চাপিবই লাগিব।’  

নিখিল ৰাভা ছাত্ৰ সন্থাৰ উপ–সভাপতি প্ৰদীপ ৰাভাই কয়– ‘পৰম্পৰাগত পদ্ধতিত বসবাস কৰা আমাৰ জনজাতি মানুহখিনিক কুলশী নদী বান্ধে থানবান কৰি পেলাব। গতিকে আমি মৰি হ’লে এই নদী বান্ধ নিৰ্মাণৰ প্ৰস্তাৱ বন্ধ কৰিম। অসমৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই আমাৰ বেদনাবোৰ বুজিবলৈ চেষ্টা কৰক। নহ’লে প্ৰয়োজনত আমি আন্দোলনখন দিল্লীলৈকে লৈ যাম। কুলশী নদীত উৎপন্ন কৰা বিদ্যুৎখিনি ক’ত ব্যৱহাৰ কৰিব? ইয়াৰ গইনাৰে নিশ্চয় দক্ষিণ কামৰূপত অধিক হাৰত উদ্যোগ স্থাপন কৰিব। গতিকে নদীবান্ধ, উদ্যোগ স্থাপন কৰি আমাৰ পৰিৱেশ ধ্বংস হ’ব পৰা কাম কেতিয়াও কৰিবলৈ দিয়া নহয়।’

অসম–মেঘালয় যুটীয়া প্ৰতিৰোধ কমিটিৰ উপদেষ্টা ৰবীন বড়োই কয়– ‘নদীখন বান্ধিলে আগত সাগৰ পিছত মৰুভূমি অৱস্থা হ’ব সেয়া আমি বুজিব পাৰিছো। গতিকে এই বান্ধ নিৰ্মাণৰ প্ৰস্তাৱ কেনেকৈ বন্ধ কৰিব পাৰি সেই বিষয়ে চিন্তা–চৰ্চাৰ প্ৰয়োজন আহি পৰিছে।’

কামৰূপ জিলা গাৰো জাতীয় পৰিষদৰ সভাপতি ষ্টেণ্ডাৰ্ড চাংমাই কয়– ‘এতিয়া আমি বহি থাকিলে নহ’ব। যিহেতু ষষ্ঠ অনুসূচীভুক্ত এলেকাত ৰাইজৰ সন্মতি অবিহনে চৰকাৰে বাধ্য কৰাব নোৱাৰে সেয়ে আমি মেঘালয়তো আন্দোলনৰ কাৰ্যসূচী হাতত ল’ব লাগিব। শেষ কথা আমাৰ মাটি আমি এৰি নিদিও।’

আজিৰ সভাত কামৰূপ জিলা ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি বিদ্যা ৰাভা, কামৰূপ জিলা ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী বিচিত্ৰা ৰাভা, ছয়গাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, আঞ্চলিক ৰাভা মহিলা পৰিষদ, আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতি, কামৰূপ জিলা ৰাভা সাহিত্য সভাৰ সম্পাদক হৰেশ্বৰ চিনাল, সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক বিপুল ৰাভা, মেঘালয়ৰ কেৰছাই আঞ্চলিক খাছি ছাত্ৰ সন্থা, কামৰূপ জিলা গাৰো জাতীয় পৰিষদ, খিলঞ্জীয়া অধিকাৰ সংগ্ৰাম সমিতিৰ সভাপতি ৰমেশ মালী, গাৰো ছাত্ৰ সন্থা, গাৰো মহিলা পৰিষদ. অসম–মেঘালয় যুটীয়া প্ৰতিৰোধ সমিতি, কোছ–ৰাজবংশী ছাত্ৰ সন্থা, নিখিল ভাৰত কৃষক সভাৰ সভাপতি জয়ন্ত কুমাৰ গগৈ, কৃষক নেতা দেৱজিৎ চৌধুৰী আদিকৰি কুৰিটাৰো অধিক সংগঠনৰ সদস্য, বিষয়ববীয়াই অংশ গ্ৰহণ কৰে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward