Tuesday, November 4, 2025
HomeNEWSইতিহাস অবিহনে এটা জাতি জীয়াই থাকিব নোৱাৰে

ইতিহাস অবিহনে এটা জাতি জীয়াই থাকিব নোৱাৰে

প্ৰকাশিত তাৰিখঃ ৩ নৱেম্বৰ, ২০২৫

চানডুবি নিউজ ৰিপ’ৰ্ট –

কুলশীৰ দলং মলং প্ৰাথমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ ২ নৱেম্বৰ দ্বিতীয় তথা শেষ দিন। পুৱা চাফাই অভিযান আৰু মাতৃ সমাজৰ নাম–প্ৰসংগৰে দ্বিতীয় তথা শেষ দিনৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয়।

বৰ্ণাঢ্য কাৰ্যসূচীৰ সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে সমাজকৰ্মী অনুপ কুমাৰ মেধিয়ে।

আবেলি উদযাপন সমিতিৰ সভাপতি গোলাপ চন্দ্ৰ ৰাভাই সঞ্চালনা কৰা মুকলি সভাখনত আদৰণি ভাষণ পাঠ কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক অনুপ কুমাৰ নাথে। উক্ত সভাত নিৰ্দিষ্ট বক্তা ৰূপে মিৰ্জাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক এডৱাৰ্ড ষ্টেডী এন চাংমা উপস্থিত থাকে। বক্তাগৰাকীয়ে অনুষ্ঠানত উপস্থিত থাকি কয়– ‘ইতিহাস অবিহনে এটা জাতি জীয়াই থাকিব নোৱাৰে। ঠিক তেনেদৰে ইতিহাস অবিহনে এটা অনুষ্ঠান, এখন বিদ্যালয় জীয়াই থাকিব নোৱাৰে। শিক্ষক এগৰাকীক সুস্থ থাকিবলৈ শিক্ষাৰ্থীসকলেহে অৰিহণা যোগায়। প্ৰাথমিক বিদ্যালয়ৰ পৰাই ছাত্ৰ–ছাত্ৰীসকলক গঢ় দি লৈ যাব লাগিব। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পিছত ছাত্ৰ–ছাত্ৰীসকলৰ মাজত এক প্ৰকাৰ ধুমুহা নামি আহে। গতিকে সেইখিনি সময় অভিভাৱক সকলে নিজৰ ল’ৰা–ছোৱালীক স্বাধীনভাৱে মুকলি কৰি দিয়া অনুসুচিত। কিন্তু অবিশ্বাসেৰে নহয়, বিশ্বাসেৰেহে। কিয়নো অবিশ্বাসৰ মাজেৰে কেতিয়াও সুস্থ সম্পৰ্ক স্থাপন কৰিব নোৱাৰি। এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীৰ বাবে এখন গাঁও, এখন বিদ্যালয়, এখন ৰাজ্য গৌৰৱৰ অধিকাৰী হ’ব পাৰে।’

এই অনুষ্ঠানত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য ৰমাকান্ত ৰাভা, কুলশী পৰিষদীয় সমষ্টিৰ পাৰিষদ ৰশ্মি বালা ৰাভা, শিলপোতা সমষ্টিৰ পাৰিষদ কমলেশ্বৰ ৰাভা, ছয়ানী–ৰাণী জিলা পৰিষদৰ সভানেত্ৰী তনুজা ৰাভাই বিশিষ্ট্য অতিথি ৰূপে উপস্থিত থাকি নিজৰ নিজৰ বক্তব্য ৰাখে।

কাৰ্যসূচীৰ মাজে মাজে পৰিৱেশন কৰা ৰাভা জনগোষ্ঠীৰ হামজাৰ আৰু বড়ো জনগোষ্ঠীৰ বাগৰুম্বা নৃত্যই অনুষ্ঠান জীপাল কৰি তোলে।

সন্ধিয়া বন্তি প্ৰজ্বলন কৰে নিখিল ৰাভা ছাত্ৰ সন্থাৰ উপ–সভাপতি প্ৰদীপ ৰাভাই।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward