Wednesday, October 16, 2024
Homeপ্ৰবন্ধশত্ৰুক চিনি লওক-মিত্ৰক জিনি লওক

শত্ৰুক চিনি লওক-মিত্ৰক জিনি লওক

প্ৰকাশিত তাৰিখঃ ৫ আগষ্ট, ২০২৪

কল্প ৰঞ্জন গগৈ –

১৯২০–২১ চনত দখলদাৰ ব্ৰিটিছৰ বিৰুদ্ধে কৰা অসহযোগ আন্দোলনৰ পৰা ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনলৈ দেশৰ অগ্নিকালৰ লগতে এক গৌৰৱোজ্বল সময়। স্বৰাজ আমাৰ জন্মস্বত্ব। ইংৰাজ ভাৰত ত্যাগ কৰা ধ্বনিৰে মুখৰিত দেশৰ জনতা। (শত্ৰুক চিনি লওক-মিত্ৰক জিনি লওক)

ইংৰাজে এৰিলে ১৯৪৭ চনৰ ১৫ আগষ্টত। কিন্তু নিজৰ ধৰণে দেশখনক ৩ ভাগত বিভক্ত কৰি। তাৰ বিষাক্ত ফচল আজি দেশখনৰ জনতাৰ মাজত সক্ৰিয়। সেয়ে আজিও এই স্বাধীনতাক প্ৰশ্ন– সাৰ্বভৌমত্বক সন্দেহ। গণৰাজ্য হ’বলৈ আৰু সৱল কৰিবলৈ দেশৰ প্ৰকৃত জনগণৰ চেষ্টা অব্যাহত। একেটা সময়তে সাৰ্বভৌমত্বৰ বাবে চেষ্টাও অব্যাহত। ই সমাজবিজ্ঞানৰ এক স্বাভাৱিক প্ৰক্ৰিয়া আৰু সেয়ে এই দ্বন্দক তীব্ৰতৰ কৰাৰ প্ৰয়োজন। একেটা সময়তে মানুহ আৰু মানুহৰ মাজৰ অবৈৰীমূলক দ্বন্দক (Non Antagonistic Contradiction) বিকশাই তোলাৰ প্ৰয়োজন আছে। এই দিশৰ দূৰ্বলতাৰ সুযোগ লৈ ১৯৪৭ চনত বিভক্ত কৰি এই দ্বন্দক বৈৰীমূলক কৰি থৈ ১৯৩৪ চনৰ ভাৰত(?) চৰকাৰ আইনক (Govt of India (?) Act. 1955) ১৯৪৭ চনৰ স্বাধীনতাৰ দস্তাৱেজ হিচাপে দি গ’ল। বৰ্তমানৰ কৰদাতা দেশবাসীসকলে ১৯৪৭ চনৰ এই ‘চকলেটটোৰ’ পৰাই শিকিৱ লাগিব। প্ৰশ্ন কৰক পানী মিঠৈ নে পকামিঠৈ। দেশৰ ন–জোৱানসকলে আত্মানুসন্ধান, আত্মসমালোচনা কৰিব লাগিব। নিজৰ মাজত কঠোৰ মতাদৰ্শগত সংগ্ৰাম কৰিব লাগিব। বিশ্ববিপ্লৱৰ (ফৰাচী) ফচল সাম্য, মৈত্ৰী, স্বাধীনতাৰ লগতে পিছপৰা পুঁজিবাদী বিকাশৰ স্তৰৰ পৰা উন্নত সমাজবাদী–সাম্যবাদী স্তৰলৈ বিকশাই তুলিবলৈ সাংস্কৃতিক–ৰাজনৈতিক –অৰ্থনৈতিক বিপ্লৱ কৰিব লাগিব। বৰ্তমানৰ পতনশীল অৱস্থাৰ পৰা সমাজ মুক্ত কৰিব লাগিব।

আজি চুবুৰীৰ মণিপুৰত মুক্তিযোদ্ধা ইৰাৱত সিংহৰ আদৰ্শক তুলি ধৰিব লাগিব। কাৰণ আধুনিক মণিপুৰৰ বাবে গণমুক্তি বাহিনী (Peoples Liberation Army) আদি সমাজবাদী–সাম্যবাদী আদৰ্শৰ গণ সংগঠনবোৰ এই ভেটিৰ পৰাই জন্ম। ঠিক যিদৰে ১৫ শতিকাত শংকৰ–মাধৱৰ নেতৃত্বত অসমখনত গণ সাংস্কৃতিক কাৰ্যসূচীৰ আৰম্ভ হৈছিল। জনতাৰ এই কাৰ্যসূচীক অধিক শক্তিৰে আগবঢ়াই নিব লাগিব।

এক অহেতুক বিচ্যুতিৰ ফলত মণিপুৰ জ্বলিছে। তাৰ জনগণ দিশহাৰা হৈ জনগনে জনগণক, নিম্নবৰ্গই নিম্নবৰ্গক মাৰিছে। ঘৰ জ্বলাই দিছে। সেই জনগনে মণিপুৰলৈ শান্তি অনাৰ ক্ষেত্ৰত আগৰণুৱা হ’ব লাগিব। দেশৰ সংবিধানে জনগণৰ এই কৰ্তব্য স্পষ্ট আৰু নিৰ্দিষ্ট কৰি দিছে। বিশ্বগুৰু হোৱাৰ পথত ভাৰতবাসীয়ে এই পথেদি আগবাঢ়িব লাগিব। স্বাধীন ভাৰতৰ নতুন পুৰুষে ইয়াৰ নেতৃত্বত থাকিব লাগিব। যিখন দেশত ভগৱানক মাঁ বুলি কওঁ তাত মাতৃৰ সন্মান ঘূৰাই আনিব লাগিব।

আজি মণিপুৰৰ ঘটনাই সকলোকে নিৰ্বাক কৰি দিছে। দেশৰ কৰদাতা জনগনে এই মাত ঘূৰাই আনিব লাগিব। অন্যথাই দেশ হ’ব মৰশালি। দীৰ্ঘম্যাদী সংগ্ৰাম কৰা অমৰ শ্বহীদসকলক অপমান কৰাৰ অধিকাৰ আমি কাকো দিব নোৱাৰো। জনগণ সজাগ হওক এইক্ষেত্ৰত। ৰাজকুমাৰ বীৰেণ সিংহ নিজেই এজন ভাল ফুটবলাৰ। কৰদাতা জনগণৰ পক্ষত থিয় হওক আৰু এখন ভাল খেলৰ বাবে অনুশীলন কৰক। নিজে ফুটবল হৈ কাৰোবাৰ চুট্‌ খাবলৈ ৰৈ নেথাকিব। ইৰাৱত সিংহৰ দৰ্শন তুলি ধৰক।

মণিপুৰ অসমৰ মণিকূট। এই মণিকূটত ফেঁটিগোম সোমাবলৈ নিদিব। কুকি–চীনসকলে নিজৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ বাবে যুঁজিছিল বগা বঙালৰ বিৰুদ্ধে। সেই যুঁজখনৰ যোদ্ধাসকলক খলনায়ক নসজাব।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward