প্ৰকাশিত তাৰিখঃ ৩১ মাৰ্চ, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট –
ৰাভা হাছং যৌথ মঞ্চ হ’ল স্বায়ত্তশাসিত পৰিষদীয় এলেকাটোত বসবাস কৰা ১৮ জনগোষ্ঠীৰ ৩০টা সংগঠনৰ এখন উমৈহতীয়া মঞ্চ। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ প্ৰথমটো নিৰ্বাচনৰ পৰাই এই মঞ্চই দুধনৈত চৰকাৰ গঠন কৰি আহিছে। উল্লেখ্য যে, অসমৰ অন্যান্য স্বায়ত্তশাসিত পৰিষদ সমূহতকৈ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ পৰিচালনা ব্যৱস্থা সুকীয়া। কিয়নো ইয়াত সকলো জাতি–জনগোষ্ঠীৰ লোকে প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰে। পৰিষদৰ বিভিন্ন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰি এই মন্তব্য কৰিছিল যৌথ মঞ্চৰ অন্যতম অংশীদাৰ বেংগলী ছাত্ৰ ফেডাৰেচনৰ সভাপতি সঞ্জয় চৌধুৰীয়ে।
উল্লেখ্য যে ৩৩ নং কুলচী পৰিষদীয় সমষ্টিত ৰাভা হাছং যৌথ মঞ্চ তথা মিত্ৰ দল বিজেপি, অগপৰ সমৰ্থিত প্ৰাৰ্থী ৰশ্মিবালা ৰাভাই ইতিমধ্যে ৩৫ নং শিলপোতা সমষ্টিৰপৰা পৰিষদখনত দুটাকৈ কাৰ্যকাল শেষ কৰিছে। দ্বিতীয়বাৰ কাৰ্যবাহী সদস্য ৰূপে কাৰ্যকাল শেষ কৰা প্ৰাৰ্থীগৰাকীয়ে এইবাৰ ৩৩ নং কুলচী সমষ্টিৰপৰা তৃতীয়টো কাৰ্যকালৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। আনহাতে, ৩৪ নং চানডুবি সমষ্টিৰ ৰাভা হাছং যৌথ মঞ্চ তথা মিত্ৰ দল বিজেপি, অগপৰ সমৰ্থিত প্ৰাৰ্থী নৃপেন চন্দ্ৰ ৰাভাই ইতিমধ্যে পৰিষদখনত সাধাৰণ সদস্য ৰূপে এটা কাৰ্যকাল শেষ কৰিছে। এইবাৰ তেওঁ দ্বিতীয়টো কাৰ্যকালৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈছে।
উল্লেখ্য যে, দুয়োগৰাকী প্ৰাৰ্থীৰ জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলি আছে। ২৭ মাৰ্চত দুয়োগৰাকী প্ৰাৰ্থীৰ হৈ বিভিন্ন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন চৰকাৰী মনোনীত সদস্য ধনজিৎ উৰাং, দিবাকৰ শৰ্মা, চন্দন সূত্ৰধৰ আৰু গোৱালপাৰা জিলা চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি জয়ন্ত উৰাঙে। অংশ গ্ৰহণকাৰী সকলে কয়– এইবাৰ দুধনৈত মিত্ৰ দল সমৰ্থিত যৌথ মঞ্চৰ চৰকাৰ গঠন হ’ব। তেওঁলোকে কয়– অন্যান্য প্ৰাৰ্থীসকলৰ নিৰ্বাচনী সভাত চলাহী কথাৰে আমাক বিভ্ৰান্ত কৰিবলৈ চেষ্টা চলাইছে। ৰাইজ আপোনালোকে সেইবোৰ কথাত ভোল নাযাব। কুলচীত ৰশ্মিবালা ৰাভা আৰু চানডুবিত নৃপেন চন্দ্ৰ ৰাভাৰ বাদে অন্য প্ৰাৰ্থীয়ে জয়ী হ’ব নোৱাৰে।
সভাত কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থা, বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, আঞ্চলিক মহিলা পৰিষদ, আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতি, নিখিল ৰাভা সাহিত্য সভা, সদৌ ৰাভা কৃষ্টি সন্মিলনী, কামৰূপ জিলা আদিবাসী ছাত্ৰ সন্থা, সদৌ অসম ব্ৰাহ্মণ সন্মিলনীৰ কামৰূপ জিলা সমিতি, গৰিয়া–মৰিয়া জাতীয় পৰিষদৰ বিভিন্ন বিষয়ববীয়া–কৰ্মী সকলে সহযোগ আগবঢ়ায়।
উল্লেখ্য যে মিত্ৰ দল সমৰ্থিত দুয়োগৰাকী প্ৰাৰ্থীৰ হৈ ইতিমধ্যে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভা, পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি অঞ্জন গোস্বামী, বিজেপি’ৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক অনুপ কুমাৰ মেধি আদি কৰি বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়া, কৰ্মীয়ে নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলাই আহিছে।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ