Wednesday, October 16, 2024
HomeARTICLEজ্ঞানময় প্ৰজাতন্ত্ৰ

জ্ঞানময় প্ৰজাতন্ত্ৰ

প্ৰকাশিত তাৰিখঃ ৮ জুলাই, ২০২৪

কল্প ৰঞ্জন গগৈ –

২৬ জানুৱাৰী, ১৯৫০ চন। দেশৰ সংবিধান গৃহীত হোৱাৰ পিছত ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীন হোৱা দেশখনত প্ৰজাতন্ত্ৰৰ জন্মদিন। সংবিধানৰ চৰ্তাৱলী কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি। সেইদিনা ভাৰতবৰ্ষ ইতিমধ্যে স্বাধীন ৰাষ্ট্ৰ আৰু পতাকা উত্তোলনৰ অৰ্থ সংবিধানৰ প্ৰতি সন্মান। সেয়ে আমি অনুভৱ কৰো যে, ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা অখণ্ড সংবিধান পাঠ চলি থাকিব লাগিছিল। দেশৰ জনতাই ইয়াক আগবঢ়াই নিব লাগিছিল। বিশেষকৈ আজি যি সময়ত জাতিৰ স্বাভিমানৰ যাত্ৰা আগবঢ়াই নিবলৈ প্ৰকৃত চৰিত্ৰ গঠন, ৰাষ্ট্ৰ গঠনৰ লগতে প্ৰতিজন ব্যক্তিৰ ৰাষ্ট্ৰ গঠনত অংশ গ্ৰহণৰ কাৰ্যসূচীৰ কথা চিন্তা কৰা হৈছে তাত প্ৰতিজন ব্যক্তিৰ হৃদয় দখলৰ বাবে সংবিধানখন হ’ব লাগিব। এখন গাইড বুক– অভিমুখ গঢ়াৰ অস্ত্ৰ।

দেশখনৰ ৰাজনৈতিক পৰিৱেশৰ পতনৰ বাবে প্ৰকৃত দোষী কোন, সমাজখনৰ স্থবিৰতাৰ বাবে দায়ী কোন, বেমাৰৰ মূল কাৰণ কি, তাক অনুসন্ধান কেনেকৈ কৰা হ’ব ভালদৰে চাব লাগিব। কবিগুৰু ৰবীন্দ্ৰনাথৰ লক্ষ্য এখন ভয়মুক্ত পৃথিৱী (Where the mind is without fear) গঢ়াৰ বাবে তাক বলৱান কৰিব লাগিব।

আজি ৬৫ শতাংশ দেশৰ মানুহ ৩৫ বছৰ বয়সতকৈ কম। দেশৰ ভৱিষ্যতৰ নতুন সুৰুয। বৰ্তমান সময়ৰ দূৰ্বলতাবোৰৰ পৰা মুক্ত কৰি তেওঁলোকক আগবাঢ়ি যাবলৈ সহায় কৰিব লাগিব।

অসুৰ নিধনৰ বাবে দধিচীয়ে নিজৰ দেহ দি থৈ গৈছিল। শংকৰ–মাধৱৰ দিনৰপৰা সৌ সিদিনাৰ শিৱনাথ বৰ্মন, কাব্যঝষি নীলমণি ফুকনলৈ দধিচীসকলে অস্ত্ৰ দি থৈ গৈছে ভৱিষ্যতৰ বাবে।

দেশে গঢ়িবলৈ গৈ আছে জ্ঞানময় প্ৰজাতন্ত্ৰ, য’ত ৰাজনীতি–প্ৰশাসন আদি হ’ব প্ৰজাই লিখা সংবিধান–বুৰঞ্জী–দৰ্শন–ভূগোল আদিৰ সময়ন্বয়ৰ ফচল। সম্ৰাট অশোকেই আছিল বিশ্বৰ অন্তিম ৰাজৰ্ষি– ৰাজ ঋষি নে ঋষিৰ ৰজা? ভাৰতবৰ্ষ আছিল এই হীৰাৰ খনি। বুদ্ধদেৱৰ পৰা শংকৰ–মাধৱ–নানক চাহেবলৈ।

এনে এখন দেশত হৈ পৰিছিল উপনিৱেশ। দখলদাৰ ইংৰাজে এৰি দিছিল এক ভয়ংকৰ পৰিৱেশ, য’ৰপৰা মুক্ত হ’বলৈ কবিগুৰুৰ প্ৰাৰ্থনা। আজি এই ভয়াল আৰু জয়াল পৰিৱেশে আমাক লগ এৰা নাই। সেয়ে আমি প্ৰশ্ন কৰিবলৈ বাধ্য হৈছো ১৯৪৭ চনৰ দেশৰ স্বাধীনতাৰ চৰ্ত কি আছিল? সন্দেহৰ কাৰণ– জাতিৰ পিতাজন শ্বহীদ কিয় হ’বলগীয়া হ’ল। এই প্ৰশ্ন নতুন পুৰুষে বাৰে বাৰে কৰিব যাব লাগিব– জ্ঞানময় প্ৰজাতন্ত্ৰ গঢ়িবৰ বাবে।

প্ৰকৃত প্ৰজাতন্ত্ৰ হ’ব লাগিব সকলো ধৰণৰ ভয়ৰ পৰা মুক্ত। ঔপনিৱেশিক যুগৰ ভয়–শংকাৰ পৰা মুক্ত এখন সন্মিলিত ভাৰতবৰ্ষ। সেয়ে প্ৰশ্ন কৰিব লাগিব দেশৰ জনগণে সচেতনভাৱে আগবাঢ়োতে কেনেধৰণৰ নেতৃত্ব, দৰ্শনৰ অভিমুখৰ সহায় ল’ব।

অতীতমুখী প্ৰৱণতাবোৰ দৃঢ়তাৰে আঁতৰাই বৰ্তমানৰ পৰা ভৱিষ্যতলৈ গতি কৰিবলৈ বোধশক্তি গতিশীল কৰি ৰাখিব লাগিব।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward