প্ৰকাশিত তাৰিখঃ ৭ এপ্ৰিল, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট –
দক্ষিণ কামৰূপৰ বৃহত্তৰ বৰিহাট অঞ্চলত ৬ এপ্ৰিলত জ্ঞানম মাইণ্ড অকাডেমি নামৰ শৈক্ষিক প্ৰতিষ্ঠান এখন মুকলি কৰা হয়। শিশুৰ শৈক্ষিক আৰু বৌদ্ধিক বিকাশৰ লগতে সমাজৰ সকলো স্তৰৰ লোকৰ শাৰীৰিক আৰু মানসিক উত্তৰণ ঘটোৱাটো ইয়াৰ মুল উদ্দেশ্য বুলি মতপোষণ কৰে অনুষ্ঠানটোৰ স্বত্বাধিকাৰী ক্ৰমে– পাৰ্থপ্ৰতিম মহন্ত, নৱ দাস আৰু মণ্টু কলিতাই।
নৱাৰুণ সাহিত্য সভাৰ সম্পাদক মিতুমনি দাসে আঁত ধৰা অনুষ্ঠানটোত বেড়িগাও প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী মামনি কলিতা, মঙলদৈ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক নেহা মহন্ত, ডাৰউইন অকাডেমীৰ অধ্যাপক শৈলেন দাস, দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ সভাপতি বেদব্ৰত দাস, আমৰাঙ্গা বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শৈক্ষিক প্ৰধান হংস চৌধুৰী, বেলি অকাডেমিৰ সঞ্চালক ৰত্ন দাস, লিটিল এঞ্জেল ইংলিচ স্কুলৰ স্বত্বাধিকাৰী ৰেকৰ্ড আলী, এছিয়ান অকাডেমিৰ সঞ্চালক টুইথিং চিমৰে আদিয়ে পৃথকে পৃথকে বক্তব্য আগবঢ়াই।
উল্লেখ্য যে অনুষ্ঠানটোৰ লগত জড়িত হীৰকজ্যোতি মহন্ত, ধৰিত্ৰী চৌধুৰী, অনুপমা দাস, পুনম দাসেও উপস্থিত ৰাইজৰ প্ৰতি মতামত আগবঢ়াই।
উক্ত অনুষ্ঠানত শিক্ষক ভাস্কৰজ্যোতি দাস আৰু মুকুল মহন্ত, সমাজসেৱক কৰুণা কান্ত মহন্ত, প্ৰানেশ্বৰ কলিতা, কুশল ডেকাকে ধৰি বহু সংখ্যক ব্যক্তি উপস্থিত থাকে।
ভাষণৰ মাজতে সমুহীয়া বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটো ৰাইজৰ সেৱাৰ বাবে মুকলি কৰা হয়।
উদ্যোক্তা সকলে জনোৱা অনুসৰি কেৱল শিশুৱেই নহয়, সকলো শ্ৰেণীৰ লোকে ইয়াৰ সুবিধা সমুহ ল’ব পাৰিব।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ