Wednesday, October 16, 2024
HomeARTICLEৰাণীৰ উন্নয়ন খণ্ড কাঢ়ি নি জাৱৰ পেলোৱা ডাম্পিং গ্ৰাউণ্ড উপহাৰ দিব

ৰাণীৰ উন্নয়ন খণ্ড কাঢ়ি নি জাৱৰ পেলোৱা ডাম্পিং গ্ৰাউণ্ড উপহাৰ দিব

প্ৰকাশিত তাৰিখঃ ৩০ ছেপ্টেম্বৰ, ২০২৪

চানডুবি নিউজ ৰিপ’ৰ্ট –

নিম্ন আয় সম্পন্ন ৰাইজৰ বাবে উন্নয়ন কাৰ্যালয়খনেই ৰাজধানী স্বৰূপ। এইখন উন্নয়ন কাৰ্যালয়তে গ্ৰাম্য আন্তঃগাঁঠিনি লগতে কৃষি, উদ্যানশস্য উন্নয়ন আৰু পশুচিকিৎসা, পালন আদি বিভাগ সমূহো জড়িত হৈ থাকে। তেনেক্ষেত্ৰত উন্নয়ন খণ্ড এখনৰ কাৰ্যালয় অঞ্চলটোৰপৰা হঠাৎ গুচি গ’লে খাটিখোৱা ৰাইজ বহু অসুবিধাৰ সন্মুখীন হৈ পৰিব সেয়া খাটাং। ১৯৫৬ চনত গঠন কৰা ৰাণী উন্নয়ন খণ্ড ভংগ আৰু কাৰ্যালয় স্থানান্তৰৰ বিৰোধিতাৰে ৰাণীত আজি তৃতীয়টো প্ৰতিবাদী কাৰ্যসূচী।

আজিৰ প্ৰতিবাদী কাৰ্যসূচী ৰাণী আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, ষষ্ঠ অনুসূচী দাবী সমিতি, ৰাভা মহিলা পৰিষদ, সদৌ অসম ট্ৰাইবেল সংঘৰ ৰাণী আঞ্চলিক কমিটি আৰু সদৌ অসম যুৱ সংঘই যুটীয়াভাৱে আয়োজন কৰে। এই কাৰ্যসূচীত বাহুপাৰা, বাটাবাৰী, নতুন বাটাবাৰী, নতুন ৰাণী, নামপাৰা, মেকুৰীকুছি, আন্ধেৰীজুলি, পানীচান্দা, সজ্জনপাৰা, ৰাঙাপাৰা আদি গাঁৱৰ পুৰুষ–মহিলা, লগতে পাহাৰীয়া গাঁওকেইখনৰ লোক সকলেও অংশ গ্ৰহণ কৰে। প্ৰতিবাদৰ প্ৰথম কাৰ্যসূচী মুকলি কৰে ৰাণীৰ বাহুপাৰা প্ৰাথমিক বিদ্যালয় খেলপথাৰত। খেলপথাৰখনত সকলো লোক একগোট হোৱাৰ পিছত প্ৰতিবাদীসকলে এক দীঘলীয়া শোভাযাত্ৰা আৰম্ভ কৰে। বিভিন্ন ধ্বনি দি শোভাযাত্ৰাকাৰীসকলে ৰাণী বজাৰৰ মাজৰে ফ’ৰেষ্ট চ’কত উপস্থিত হয়। তাৰপৰা ৰাণী–মাইৰাং পথেৰে গৈ ৰাণী উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ দুৱাৰ মুখত কিছু সময় ৰয়। শোভাযাত্ৰাকাৰীসকলে ৰাণী আৰক্ষী চকীৰ কাষেৰে নিৰলপুৰ হৈ ৰাণী বজাৰ–বঙৰা পথেৰে ঘূৰি আহি পুনৰ প্ৰাথমিক বিদ্যালয় খেলপথাৰখনত উপস্থিত হয়।

উল্লেখনীয় যে, শোভাযাত্ৰা কাৰ্যসূচী সমাপ্ত হোৱাৰ পিছত বাহুপাৰা প্ৰাথমিক বিদ্যালয় খেলপথৰত পুনৰ এক প্ৰতিবাদী সভা অনুষ্ঠিত হয়। উক্ত সভাত সংগ্ৰামী কৃষক–শ্ৰমিক সংঘৰ নেতা দীনেশ দাস, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য জয়ন্তী ৰাভা, সদৌ অসম যুৱ সংঘৰ বিষয়ববীয়া বিজয় অসমীয়া, ৰাণী আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি জীতেন ৰাভা, ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি বাবুল ৰাভা, সদৌ অসম ট্ৰাইবেল সংঘৰ ৰাণী আঞ্চলিক কমিটিৰ সভাপতি দীপক বড়োই ভাষণ প্ৰদান কৰে।

সভাত কৃষক নেতা দীনেশ দাসে ভাষণ প্ৰসংগত কয় যে– পলাশবাৰী সমষ্টিৰ বিধায়কগৰাকী ৰাজনৈতিকভাৱে অপৰিপক্ক। নেতাগৰাকীয়ে কয়– ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথটোক ফ’ৰলেনলৈ উন্নীতকৰনৰ নামত বহু থলুৱালোকৰ ঘৰ ভাঙিছে, বনাঞ্চল ধ্বংস কৰিছে। কিন্তু বিজয়নগৰৰ আধাকিলোমিটাৰ পথত কিয় উচ্ছেদ চলাব নোৱাৰিলে। খাটিখোৱালোক সকলৰ শ শ বিঘা কৃষিভূমি ধ্বংস কৰি কিয় ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰিবলগীয়া হ’ল। তাৰ উত্তৰ আমাক লাগিব। আমি চৰকাৰখনক দাবী জনাইছো– ৰাণী উন্নয়ন খণ্ডৰ কাৰ্যালয় পূৰ্বৰ স্থানতে বাহাল ৰাখক। ৰাণীবাসী ৰাইজৰ আৱেগ–অনুভূতিক যদি চৰকাৰখনে সন্মান প্ৰদৰ্শন নকৰে তেনেহ’লে এই বিষয় সন্দৰ্ভত গোহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ কথাও কৃষক নেতাগৰাকীয়ে ব্যক্ত কৰে।’

ইপিনে– জয়ন্তী ৰাভা, দীপক বড়ো, বিজয় অসমীয়া, জীতেন ৰাভা, বাবুল ৰাভা আদি নেতাসকলেও নিজৰ নিজৰ ভাষণ প্ৰসংগত ৰাণী উন্নয়ন খণ্ড ভংগ আৰু কাৰ্যালয় স্থানান্তৰৰ ক্ষেত্ৰত তীব্ৰ বিৰোধিতা কৰে। তেওঁলোকে কয় যে– চৰকাৰখনে ৰাণীৰপৰা উন্নয়ন খণ্ডৰ কাৰ্যালয় কাঢ়ি নি আমাক জাৱৰ–জোথৰ পেলোৱা ডাম্পিং গ্ৰাউণ্ড এখন উপহাৰ দিব বিছাৰিছে। আজি কেইদিনমান আগতে চিপাহী–চন্তোৰী লগত লৈ পলাশবাৰীৰ ৰাজহ বিভাগে ৰাণীৰ পাটহালধীয়াত ডাম্পিং গ্ৰাউণ্ডৰ বাবে প্ৰয়োজনীয় ভূমিৰ জোখ–মাখ চলাইছে। নেতাকেইগৰাকীয়ে পুনৰ ব্যক্ত কৰে– আৰু হয়তো কেইদিনমান পিছত আমি ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰোধিতাৰে পুনৰ ৰাজপথত নামি লাগিব। উক্ত কাৰ্যসূচীতো অঞ্চলবাসী ৰাইজৰ সহায়–সহযোগ কামনা কৰিছো।

ফটোঃ চানডুবি নিউজ
Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward