Wednesday, October 16, 2024
HomeNEWS২০২৪ বৰ্ষৰ ৰাভা ভাষা ডিপ্ল’মা ক’ৰ্চ পৰীক্ষা

২০২৪ বৰ্ষৰ ৰাভা ভাষা ডিপ্ল’মা ক’ৰ্চ পৰীক্ষা

প্ৰকাশিত তাৰিখঃ ২৬ আগষ্ট, ২০২৪

চানডুবি নিউজ ৰিপ’ৰ্ট –

২০২৪ বৰ্ষৰ ‘ৰাভা ডিপ্ল’মা ক’ৰ্চ’ পৰীক্ষা ২৪ আগষ্টৰপৰা আৰম্ভ হৈছে। তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা  এই পৰীক্ষা আজি অৰ্থাৎ ২৬ আগষ্টত অন্ত পৰিব।

উল্লেখ্য যে, ২০১০ বৰ্ষৰপৰা বেবাক ৰাভা ক্ৰৌৰাং ৰুনচুম (নিখিল ৰাভা সাহিত্য সভা)এ ৰাভা ভাষা ডিপ্লমা কোৰ্চ পৰীক্ষা নিয়মীয়াকৈ অনুষ্ঠিত কৰি আহিছে।

এই বৰ্ষৰ পৰীক্ষাত গোৱালপাৰা, কামৰূপ, কোকৰাঝাৰ, বঙাইগাও, বাকছা, তামুলপুৰ, ওদালগুৰি, শোণিতপুৰ, ধেমাজী, তিনিচুকীয়া আৰু গোলাঘাট জিলাৰ মুঠ ৩৮টা পৰীক্ষা কেন্দ্ৰত ৮৭৪ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে।

নিখিল ৰাভা সাহিত্য সভাৰ মুখ্য সম্পাদক ৰাজ কুমাৰ ৰাভা আৰু ৰাভা ভাষা পৰীক্ষা ব’ৰ্ডৰ সচিৱ মাটিৰাম ৰাভাই ‘ৰাভা ভাষা ডিপ্ল’মা কোৰ্চ’ পৰীক্ষাত অৱতীৰ্ণ হোৱা সমূহ পৰীক্ষাৰ্থীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward