প্ৰকাশিত তাৰিখঃ ১০ মাৰ্চ, ২০২৫
কল্প ৰঞ্জন গগৈ –
১৮২৬ খ্ৰীষ্টাব্দৰ ২৪ ফেব্ৰুৱাৰীৰ পিছৰ পৰা ব্ৰিটিছ বনিয়াৰ দখলৰ অসমত সহযোগী হৈ আহিছিল ভাৰতীয় বনিয়া জগত ছেঠ্ৰ দল লগতে বংগ ভূমিৰ কেৰাণী–মেধাজীৱিৰ দল। ব্ৰিটিছ বনিয়াৰ দখলত ১৭৫৭ খ্ৰীষ্টাব্দৰ ২৩ জুনৰ পলাশী যুদ্ধৰ পিছত লাহে লাহে ব্ৰিটিছৰ সহযোগত বংগ নৱজাগৰণৰ দিশত গতি কৰিবলৈ ধৰিলে। লাহে লাহে অক্সফ’ৰ্ড, কেম্ব্ৰিজৰ শিক্ষাৰ আধাৰত গঢ় লোৱা ইংৰাজ জাতিৰ ইতিবাচক প্ৰভাৱে বংগত নৱজাগৰণৰ দুৱাৰ মুখলৈ লৈ গ’ল। ১৯ শতিকাজুৰি হোৱা এই নৱজাগৰণ বংগৰ একাংশক প্ৰভাৱান্বিত কৰিলেও সাম্ৰাজ্যবাদৰ প্ৰভাৱৰ বাবে নৱজাগৰণৰ ঢৌৱে সমগ্ৰ বংগৰ জনগণক চুই যাব পৰা নাছিল। ১৯১১ চনলৈ ব্ৰিটিছৰ দখলৰ ভাৰতবৰ্ষৰ ৰাজধানী আছিল আজিৰ কলকাতা তাহানিৰ কালীঘাট–কলিকতা। প্ৰেছিডেন্সী কলেজ কলিকতাৰ (Calicutta) জন্ম ১৮৫১ খ্ৰীষ্টাব্দত। অসমৰ বৌদ্ধিক সমাজৰ ওপৰত ইয়াৰ প্ৰভাৱ অপৰিসীম।
১৮৩৬ খ্ৰীষ্টাব্দৰ পৰা অসমৰ ব্ৰিটিছৰ দখলৰ চৰকাৰী কাৰ্যসূচীৰ পৰা অসমীয়া ভাষা বিতাৰিত হ’ল ১৮৭৩ পৰ্যন্ত। সেই সময়ছোৱাতে স্থানীয় অসমীয়া আৰু বিদেশী বঙালীৰ মাজৰ অবৈৰীমূলক দ্বন্দ বৈৰীমূলক হৈ পৰিল দেশে স্বাধীনতা পোৱাৰ পিছলৈকে। অথচ ব্ৰিটিছৰ অৰ্থনৈতিক সহযোগী বনিয়াসকলৰ সম্প্ৰসাৰণ বাধাহীনভাৱে ঘটি থাকিল ১৯৪৭ খ্ৰীষ্টাব্দ পৰ্যন্ত। অসম বুৰঞ্জীত আছে ৰাজেশ্বৰ সিংহ, কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ দিনৰ লতাকটা ৰণৰ কথা। সেই লতাকটা ৰণে কৰা আহোম ৰাজ্যত বিস্তৰ ক্ষতিৰ কথা। সেই ৰণৰ প্ৰভাৱৰ পৰা আজিও অসমীয়া ৰাইজ মুক্ত হ’ব পৰা নাই। ৰাইজৰ ক্ষতি হৈছে ৰজাৰ সিদ্ধান্তৰ দ্বাৰা।
১৮৭৩ খ্ৰীষ্টাব্দত অসমীয়া ভাষা পুনৰ সংস্থাপিত হ’ল ব্ৰিটিছৰ সভাত। য’ত আমাৰ বিদ্বৎ ভাষাযোদ্ধা সকলক সহায় কৰিলে বেপ্টিষ্ট মিছনেৰীসকলে। শিৱসাগৰৰ দিখৌ নৈৰ পাৰত ১৮০ বছৰ আগেয়ে বেপ্টিষ্ট মিছনেৰী প্ৰেছ প্ৰতিষ্ঠা কৰি এখন আলোচনী প্ৰকাশ কৰি ভাষাটোক থিয় হ’বলৈ বিস্তৰ সহায় কৰে। ১৮৪৬ খ্ৰীষ্টাব্দৰ জানুৱাৰীত অৰুণোদইখন প্ৰকাশ হয় আৰু ১৮৭৯–৮০ চনলৈ ই চলি আছিল। আচৰিত লাগে এইবাবে যে প্ৰাক্ঔপনিৱেশিক ১৮২৬ খ্ৰীষ্টাব্দলৈ চ্যাওলুং চ্যুকাফাই এৰি থৈ যোৱা অসমত বিভিন্ন সময়ত ৰজা ডা–ডাঙৰীয়া সকলৰ ভুল সিদ্ধান্তৰ লগতে প্ৰৰোচনাত পৰি জনগণৰ বিস্তৰ হানি হৈ যোৱাৰ পিছত প্ৰজাৰ ভাষাটো ঔপনিৱেশিক শক্তিৰ হাতত পৰি থানবান হৈ যাবৰ উপক্ৰম হওঁতে বিদেশী মিছনেৰীয়ে যীশুৰ বাণী বিলাবলৈ আহি আমাৰ মাতৃভাষাটোক মৃত্যুমুখৰ পৰা ৰক্ষা কৰিলে।
ঔপনিৱেশিক শক্তিৰ পৰা মুক্ত হোৱাৰ পিছতো স্বাধীন ভাৰতত অসমৰ মাতৃভাষাৰ বাবে জনসাধাৰণৰ বিস্তৰ ক্ষতিসাধন কৰি কেইবাখনো লতাকটা ৰণ হৈ গ’ল। আজি একৈশ শতিকাৰ সিকি ভাগ যাওঁতে মাতৃভাষাৰ মাধ্যমৰ প্ৰাথমিক স্কুলবোৰৰ মৃত্যু হ’ল। হত্যা নে স্বাভাৱিক মৃত্যু নে নিজৰ ভুল ধাৰণাৰ ফলত আত্মহত্যা তাক ঠিৰাং কৰিব নোৱাৰিলেও এটা কথা ক’বই লাগিব নিম্নবিত্ত আৰু নিম্নমেধাৰ অসমীয়াৰ চৰিত্ৰ– ‘ঠিক অসমীয়া মানুহ নহয় অসম শ্মশান নোহে কোনে কয়’। জাতিটোৰ বিকাশৰ বাবে অফুৰন্ত পথ থকাৰ কথা ধীমান সকলে অহৰহ কৈ থকা সত্বেও ভুল পথেদি গৈয়েই অসমীয়াই শ’লঠেকত পৰিছে।
শংকৰ–জ্যোতি–বিষ্ঞু–ভূপেনে কৈ যোৱা পথ সৰ্বহাৰা অসমীয়াই নিজৰ গাত লাগি থকা সামন্তযুগৰ লগতে ঔপনিৱেশিক শক্তিৰ চৰিত্ৰক জোকাৰি আত্মসন্মান সুৰক্ষা আৰু বিকাশৰ বাবে কৰ্মসূচী ল’ব নোৱাৰা বাবে বৰ্তমানৰ ‘গাঁঠি লগা পৰিস্থিতি’। বুৰঞ্জী সঠিকভাৱে অধ্যয়ন কৰি ভৱিষ্যতলৈ আগবাঢ়ি যাবলৈ বিজ্ঞানসন্মতভাৱে চিন্তা কৰা উপায় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভই দিব লাগিব। প্ৰকৃত ৰাজনীতি আৰু অৰ্থনীতিৰ পৰাহে প্ৰকৃত আৰু সুস্থ সংস্কৃতি সম্ভৱ। বৰ্তমান অসমৰ বিদ্বৎ সমাজখনক সংবাদ মাধ্যমে আকোৱালি ল’ব লাগিব, ন ন চিন্তাৰ সংঘৰ্ষ হ’ব লাগিব।
অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী (১৮৮৫–১৯৬৭ ) অসমীয়া সাহিত্য আৰু জাতীয় জীৱনৰ এগৰাকী প্ৰাণোচ্ছল পুৰুষ যি মুমুৰ্ষু অসমৰ জাগৰণৰ বাবে ডেকা শক্তিক জগাই তুলিবলৈ কৈছিল– ‘জাগ ডেকা তেজ জাগ….’। ১৯০৭ চনতে ৰচনা কৰি মঞ্চস্থ কৰা ‘বন্দিনী ভাৰত’ ঔপনিৱেশিক চৰকাৰৰ বাবে শত্ৰু আছিল।
১৯১৯ খ্ৰীষ্টাব্দৰ ছেপ্টেম্বৰ মাহত প্ৰকাশ হোৱা মাহেকীয়া আলোচনী ‘চেতনাই’ অসমীয়া জাতীয়তাবাদক ভাৰতীয় মহাজাতীয়তাবাদৰ লগত সংযুক্ত কৰি নিজে কোৱা দৰে’চেতনা যুগৰ’ আৰম্ভ কৰিছিল। চেতনা প্ৰকাশৰ সময়ত উজনি–নামনিৰ ভাষা বিবাদে সাংস্কৃতিক বাতাবৰণ কিছু পৰিমাণে বিনষ্ট কৰিছিল। তাক প্ৰশ্ৰয় নিদি অম্বিকাগিৰীয়ে কৈছিল ‘আজি অসমীয়া লেখকসকলৰ কাপৰ মুখত যি উদাৰ আৰু শক্তিশালী ভাষাশৈলীৰ ঠেও ওলাই অহা দেখা গৈছে সেই ঠেওটোৰো আৰম্ভণি হয় এই চেতনা যুগতেই’।
সেই চেতনাখনো প্ৰকাশ হৈ আছিল অম্বিকাগিৰীৰ কথাত– ‘বছৰে বছৰে দুই–চাৰিশ টকা লোকচান ভৰি আঠ বছৰে চেতনা চলাই আছো’।
অসমীয়া জাতিক চেতনাৰ জৰীয়তে সচেতন কৰিবলৈ কোৱা হৈছিল। অসমীয়া জাতিয়ে স্পষ্টকৈ বুজিব লাগিব যে দেশৰ গৌৰৱৰ আগত নিজৰ গা–গুটীয়া গৌৰৱ নিচেই ঠেক। নিজৰ মংগল অতি তুচ্ছ। চেতনাই তুলি ধৰিছিল এই কথা– ‘জাতিৰ ভেটি হৈছে অৰ্থনীতি’। সেয়ে কৃষক শ্ৰেণীয়েই দেশৰ লগতে সমাজৰ মেৰুদণ্ড।
চেতনাৰ সম্প্ৰসাৰিত ৰূপ হৈছে ডেকা অসম। চেতনা আছিল মাহেকীয়া আলোচনী আৰু ডেকা অসম সাপ্তাহিক কাকত। এই ডেকা অসম আছিল অসমীয়া সংৰক্ষণী সভাৰ মুখপত্ৰ।
এনেকৈয়ে অৰুণোদইৰ দিনৰ পৰা আৰম্ভ হোৱা জাতিৰ অস্তিত্ব ৰক্ষাৰ পৰা আৰম্ভ কৰি আজি জাতিৰ অৰ্থনৈতিক, ৰাজনৈতিক, সাংস্কৃতিক, সামাজিক আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ যুঁজ লতাকটা ৰণৰ পৰ্যায়তে স্থবিৰ হৈ আছেগৈ।
১৯৪৭ খ্ৰীষ্টাব্দত দক্ষিণ এছিয়া ঔপনিৱেশিক ব্ৰিটিছ শাসনৰ পৰা মুক্ত হৈও ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে যুদ্ধৰ কিছু গুৰুত্বপূৰ্ণ চিন্তাসূত্ৰ হেৰাই যোৱাৰ পিছত আজি ভাৰতবৰ্ষও লতকটা ৰণৰ পৰিস্থিতিৰ মাজতে স্থবিৰ হৈ আছে। সেয়ে ১৭৫৭ খ্ৰীষ্টাব্দৰ পৰা ২০২৫ খ্ৰীষ্টাব্দলৈ কিছু পৰিমাণগত পৰিৱৰ্তনৰ (Quantitative Change) বাদে একো ঘটাই নাই। দুঃসাহসহেৰে ক’বই লাগিব যে গুণগত পৰিৱৰ্তনৰ বাবে জনগণে নিজা প্ৰচেষ্টাৰে আগবাঢ়িব লাগিব। ৰজাৰ যুগত প্ৰজাসাধাৰণক জাগ্ৰত কৰাৰ পথ দি গৈছিল বিপ্লৱী যুগনায়ক শ্ৰীমন্ত শংকৰদেৱে (১৪৪৯–১৫৬৮)। সেই চিন্তাসূত্ৰৰ ওপৰত অসমীয়া প্ৰজাই গঢ়িছিল বৰভেটি ১৭৬৭ খ্ৰীষ্টাব্দত। ইয়াক আগবঢ়াই লৈ গৈছিল জ্যোতি–বিষ্ঞু–ভূপেনে কুৰি শতিকালৈ।
আজিৰ ডেকা অসমে ইয়াক আগবঢ়াই নিবলৈ অহোপুৰুষাৰ্থ কৰিব লাগিব এই বৰভেটিৰ দৃঢ়তা আৰু শক্তি বঢ়াই।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News