প্ৰকাশিত তাৰিখঃ ১৫ ডিচেম্বৰ, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট –
‘কলং’ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ চানডুবি বিলৰ পাৰৰ বনভোজস্থলীত নতুনকৈ গঢ়ি উঠা এখন থলুৱা বজাৰ। চানডুবি পৰ্যটন উন্নয়ন সমিতিৰ উদ্যোগত এই বজাৰখন গঢ় লৈ উঠিছে। মূলতঃ জনজাতীয়লোক সকলে থলুৱাভাৱে উৎপাদন কৰা কল, কমলা, অমিতা, আলু, কচু, কলডিল, জলকীয়া, জালুক, পান, তেজপাত, টেঙা লগতে বিভিন্ন প্ৰকাৰৰ বনশাক একেখিনি ঠাইতে বিক্ৰীৰ ব্যৱস্থাৰে প্ৰথমবাৰৰ বাবে এই বজাৰখনৰ ব্যৱস্থা কৰা হৈছে। বজাৰখনত স্থানীয় কুকুৰা, গাহৰিৰ মাংস, মাছ লগতে বিভিন্ন শাক–পাচলি জনজাতীয় পদ্ধতিৰে তৈয়াৰ কৰা খাদ্য বস্তুও পোৱা যায়।
চানডুবি পৰ্যটন উন্নয়ন সমিতিৰ বিষয়ববীয়া সকলে ব্যক্ত কৰা মতে– প্ৰতিটো বৰ্ষতে চানডুবিলৈ পৰ্যাপ্ত পৰিমাণে পৰ্যটক–দৰ্শনাৰ্থী আহে। এই পৰ্যটক–দৰ্শনাৰ্থীসকলৰ ওপৰত নিৰ্ভৰ কৰিয়েই স্থানীয় জনজাতীয় লোকসকলে থলুৱা উৎপাদিত সমাগ্ৰীৰ দোকান দি আহিছিল। অ’ত–ত’ত সিঁচৰিত হৈ থলুৱা সামগ্ৰী বিক্ৰী কৰা লোক সকলক একগোট কৰি এইবাৰ আমি এখন বজাৰৰ ব্যৱস্থা কৰি দিছো। এই বজাৰ ব্যৱস্থাৰ ফলত চানডুবি বিলৰ পাৰৰ বনভোজস্থলীখন পৰিস্কাৰ–পৰিচ্ছন্নতা তথা শৃংখলাবদ্ধভাৱে পৰিচালনাৰ ক্ষেত্ৰত সহায়ক হৈছে। লগতে এই বজাৰ ব্যৱস্থাই চানডুবিলৈ অহা পৰ্যটক–দৰ্শনাৰ্থী সকলেও একেখন ঠাইতে থলুৱা সামগ্ৰী কিনিব পৰাকৈ সুবিধা লাভ কৰিছে।
শিৰোনাৰম ফটোঃ চানডুবি নিউজ

