প্ৰকাশিত তাৰিখঃ ২৫ ছেপ্টেম্বৰ, ২০২৩
প্ৰভাত দাস –
আলফুলে লৈ ফুৰোঁ মোৰ
ৰক্ত জৱা কলিজাৰ কলি,
দীঘল হুমুনিয়াহৰ খৰস্ৰোতা
নৈ এখন বৈ যায় দুখ আৰু
বেদনাৰ শিলনিত ঠেকা
খাইখাই।
আলে ফুলে সযতনে ৰখা
প্ৰস্ফুটিতোন্মুখ কলিটি,
পাহি নৌমেলতেই অলক্ষিতে
কুটি থৈ গ’ল বিষাক্ত কীট
এটিয়ে।
তেতিয়াৰ পৰাই উদাস নিশাটি, উদাস উশাহটি মোৰ, ——– আৰু উদাসীন হৈ পৰিল,
জোনটো লুকাই পৰিল অবিশ্বাসৰ কুহেলিকাৰ
বোকাময় পথাৰত।
জীৱনটোনো কি, কোনে বাৰু
কৰিব ব্যাখ্যা সঠিকভাৱে।
ক্ষমতা নে মানৱতা
ধন দৌলত নে প্ৰজ্ঞাৰ জ্যোতি,
স্বাধিকাৰ নে স্বাভিমান
কিহৰ কৰ্ষনে বাৰু জীৱনক
কৰে জ্যোৎস্নাৰ দৰে জ্যোতিষ্মান।
থৌকি বাথৌ মনৰ দিগন্ত ,
প্ৰশ্ন আহে, প্ৰশ্ন যায়, আৰু
আহে প্ৰশ্ন, ——- প্ৰশ্ন যেন অনাদি অনন্ত।
স্বপ্নৰ পথাৰত কি গছ গজিব,
স্বপ্নৰ পথাৰত কি ফুলফুলিব!
ফুলনি শুৱাই, হিয়া জুৰাই।
দংশিত হৃদয়,শঙ্কিত হাঁহি,
সুবাসবিহীন ফুলৰ বাঁহী।
আছোঁ ৰৈ অকলশৰে,
দিগভ্ৰান্ত এটি চাতকৰ দৰে।