প্ৰকাশিত তাৰিখঃ ২১ জুলাই, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট –
দক্ষিণ কামৰূপৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ লোহাৰঘাট আঞ্চলিক যুৱ ক্লাৱত ২০ জুলাইত শৈক্ষিক অনুষ্ঠান ‘দিক্ দৰ্শন’ আয়োজন কৰা হয়। উল্লেখ্য যে বৃহত্তৰ অঞ্চলটোৰ ছাত্ৰ–ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত নিশ্চিত কৰাৰ উদ্দেশ্যেৰে বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ (বাৰছু) উদ্যোগত প্ৰতি বছৰে আয়োজন কৰি অহা হৈছে এই অনুষ্ঠানৰ।
উক্ত অনুষ্ঠান পৌৰহিত্য কৰে বাৰছু’ৰ সভাপতি সুভাষ চিনাল আৰু উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক সত্যজিৎ ৰাভাই।
সভাৰ কাৰ্যসূচী অনুসৰি পুৱা ১০ বজাত ছাত্ৰ–ছাত্ৰীসকলৰ পঞ্জীয়ন আৰু পৰিচয় পৰ্ব।
দুপৰীয়া আয়োজিত ‘দিক্ দৰ্শন’ অনুষ্ঠানত নিখিল ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ড০ সুভাষ ৰাভাই সমল ব্যক্তি হিচাপে উপস্থিত থাকে। আনহাতে আবেলিৰ ‘বৃত্তিমুখী শিক্ষা’ অনুষ্ঠানত ভাৰত চৰকাৰৰ কটকস্থিত চি আই এফ অ আৰ–আই চি আৰ এ এফ’ৰ আঞ্চলিক প্ৰৱন্ধক ড০ অৰূপজ্যোতি কলিতাই সমল ব্যক্তি হিচাপে উপস্থিত থাকে।
উল্লেখ্য যে এই বৰ্ষৰ পৰা বৃহ্ত্তৰ অঞ্চলটোৰ দুগৰাকী শিক্ষাৰ্থীক অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে বিনামূলীয়াকৈ অধ্যয়নৰ ব্যৱস্থা কৰিছে। এই পৰীক্ষাৰ বাবে এগৰাকী জনজাতি আনগৰাকী সাধাৰণ শ্ৰেণীৰ শিক্ষাৰ্থীক নিৰ্বাচিত কৰা হ’ব বুলি আজিৰ অনুষ্ঠানতে ছাত্ৰ সংগঠনটোৱে ঘোষণা কৰে।
অনুষ্ঠানত বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা মহিলা পৰিষদ, আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতি, কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সম্পাদক অশোক নংবাগ, নিখিল ৰাভা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দেৱজিৎ নাফা, অঞ্চলটোৰ শিক্ষাৰ্থী, অভিভাৱক আদি কৰি বহু সংখ্যক লোক উপস্থিত আছিল।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ