Saturday, August 30, 2025
HomeARTICLEদেশ ভঙাৰ তামাচা

দেশ ভঙাৰ তামাচা

প্ৰকাশিত তাৰিখঃ ২৫ আগষ্ট, ২০২৫

কল্প ৰঞ্জন গগৈ –

১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনা এখন দেশক দুখন দেশলৈ ভাঙি এনে এটা ৰাজনৈতিক তামাচা কৰি থৈ গ’ল যে এই দুই দেশৰ মাজত ভিন্ন ৰূপত যুদ্ধ চলি থাকিল। বিশ্বৰ পাঁচখন অস্ত্ৰধাৰী দেশৰ ভিতৰত ভাৰতৰ স্থান পাঁচ নম্বৰত। পাকিস্তান নামৰ দেশখনৰ অস্ত্ৰৰ ভাণ্ডাৰে ২০খনৰ মাজত ইন অৰ্ডাৰ অৱ মেৰিট– স্থান আছে নে নাই সন্দেহ। বিশ্বৰ ১নং অস্ত্ৰধাৰী মাৰ্কিন দেশৰ খাচ মেহমান পাকিস্তানৰ সৈনিকসকলৰ মুৰব্বীজন। ৰাষ্ট্ৰপতিজন নহয় কিন্তু।

আনফালে পাকিস্তানৰ পূব খণ্ডক মাৰ্কিন দেশৰ ৰঙা চকুলৈ কেৰেপ নকৰি স্বাধীন বাংলাদেশলৈ ১৯৭১ খ্ৰীষ্টাব্দত ৰূপান্তৰিত কৰিছিল বঙ্গবন্ধু শ্বেখ মুজিবুৰৰ লগ লাগি ভাৰতৰ নেত্ৰী ইন্দিৰা আৰু সেনানায়ক ছেম মানেকশ্বৰ বাহিনীয়ে।

আজি কিছু পট্‌ পৰিৱৰ্তন হ’ল ইউনুছ মিঞাৰ নেতৃত্বত বাংলাদেশ। সেই সময়ত বিজেপি’ৰ নেতা অটল বিহাৰী বাজপেয়ীয়ে ৰাজ্য সভাত ইন্দিৰাক নাম দিছিল মাঁ দুৰ্গা। সেই মাঁ দুৰ্গাৰ নাতি আজি এখন ন্যায় যুদ্ধত লিপ্ত। ইন্দিৰাৰ বোৱাৰী ছোনিয়াই কয়– গণতন্ত্ৰৰ আশা শেষ হৈ যোৱা নাই।

আজি আমি বাস কৰিছো গণ যুগত, য’ত সাধাৰণ প্ৰজাহে ৰজা। এই প্ৰজাই বিশ্বৰ সকলো স্বাধীন দেশৰ ভাষাত ক’ব লাগিব– আমাৰ ৰাইজ আজি কোনো ৰজাৰ অংশীদাৰ বা চকিদাৰ নহয়। আমি আইনৰহে, সাহসেৰে কওঁ– অংশীদাৰ। এই আইনৰ নীতি হ’ল বুদ্ধদেৱৰ বহুজনৰ হিত আৰু সুখ আৰু এই নীতিৰ ভেটি হ’ল জ্ঞানময় তন্ত্ৰ।

পৃথিৱীত এতিয়াও গণতন্ত্ৰৰ মুখা পিন্ধি ৰাজতন্ত্ৰই পৰিচালনা কৰি আছে। আদিম যুগৰ বনৰীয়া চিন্তাবোৰ আজিও বিৰাজমান। ফলস্বৰূপে কেওফালে মনোবিকাৰ– মনোৰোগী সকলোৱে যি জ্ঞানৰ চাকিটো আন্ধাৰত ৰাখি থৈছে। আৰু আমি জণ্ডিচ ৰোগীৰ দৰে চাৰিওফালে হালধীয়া দেখিছো।

আমাক প্ৰশ্ন কৰিবলৈ, তৰ্ক কৰিবলৈ শিকাইছিল চক্ৰেটিছ– গ্যেলিলিও– প্লেট’– এৰিষ্ট’টল সকলে। গ্ৰীচ–ৰোমত। কিন্তু জ্ঞানৰ বন্তি জ্বলাইছিল বুদ্ধদেৱে ভাৰতবৰ্ষত।

নালান্দাৰ দিন শেষ হোৱাৰ পিছত জন্ম হৈছিল বাৰ শতিকাত অক্সফোৰ্ড আৰু তাৰ পিছত কেম্ব্ৰিজ– এশ বছৰ পিছত। এই শক্তিৰেই থিয় হৈছিল ইংলেণ্ড– যি আজিও ইউনাইটেড কিংডম (United Kingdom)।

অসম মুলুকৰ শ্ৰীমন্ত শংকদেৱৰ শ্বেক্সপীয়েৰতকৈ ১১৫ বছৰে ডাঙৰ। গ্যেলিলিও গ্যেলিলিৰ জন্ম ১১৫ বছৰৰ পিছত।

সেই শংকৰ–মাধৱৰ দেশৰ জনগণৰ বিভ্ৰান্তি কিয়– মদমত্ত কিয়? ১৮২৬ খ্ৰীষ্টাব্দৰ ২৪ ফেব্ৰুৱাৰীৰ দিনা মান দেশৰ গাঁও ইয়াণ্ডাবুত হোৱা সন্ধিখনকেই এই বিভ্ৰান্তিৰ কাৰণ বুলি ক’লে ভুল হ’ব নেকি? তাৰ পিছত শ্ৰুতি আৰু স্মৃতিৰ দেশৰ লগত সংযুক্ত হোৱাৰ পিছত স্মৃতিভ্ৰংশ হৈ আজিৰ অৱস্থা নেকি?

১৮২৬ খ্ৰীষ্টাব্দত আমি সংযুক্ত হৈছিলো বংগৰ লগত। ঊনৈশ–কুৰি শতিকাত বংগত হৈছিল নৱজাগৰণ– ইংৰাজৰ প্ৰভাৱত কিন্তু ইউৰোপৰ নৱজাগৰণৰ সৈতে একে নাছিল। এই ৰেনেছাঁৰ প্ৰভাৱ পৰিছিল ৰবীন্দ্ৰনাথৰ ওপৰত– জন্ম লৈছিল গীতাঞ্জলী– শান্তিনিকেতন– স্বামী বিবেকানন্দৰ ৰূপ লৈ নৰেন্দ্ৰ নাথ দত্তই বিশ্বজুৰি সম্প্ৰসাৰণ ঘটাইছিল বেদান্ত দৰ্শন। দুখলগা কথা যে মাথো এটা শতিকাতে বংগৰ ৰেনেছাঁৰ প্ৰভাৱ খতম– লগে লগে মাতৃভূমি অসমতো আৱৰ্জনাৰ স্তূপ।

১৯৪৭ খ্ৰীষ্টাব্দৰ দেশ ভঙাৰ ৰাজনৈতিক তামাচাৰ প্ৰভাৱ পূবৰ বংগত আৰু পশ্চিমৰ ৰঞ্জিত সিংহ– ভগত সিংৰ পাঞ্জাৱত।

আজি আমাৰ নাগৰিকসকল নবীন–প্ৰবীন সকলোৰে প্ৰশ্ন হ’ব লাগিব– ইমান ডাঙৰ সৰ্বনাশ কোনে কৰিলে, কিয় কৰিলে?? মানুহৰ জীৱনক লৈ যি খেলা খেলিলে সি দেশ দুখনক আজিপৰ্যন্ত অশান্ত কৰি ৰাখিছে। আজি পৰ্যন্ত শৰণাৰ্থী–উচ্ছেদ শব্দকেইটাই তোলপাৰ লগাই আছে– মানৱতাবাদৰ যুগত।

আজি বিশ্বৰ জনসংখ্যা ৮ বিলিয়ন– ৮০০ কোটি। যুদ্ধৰে এই সংখ্যা কমাব পাৰি নেকি? হয়তো তাৰ বাবেই তৃতীয় বিশ্ব যুদ্ধৰ আখৰা চলিছে।

আমি যুক্তিবাদী–প্ৰগতিবাদী–সদিচ্ছাবাদী সকলে অমানৱীয় যুদ্ধ হ’বলৈ নিদিওঁ। বন্ধ কৰিব লাগিব জংগী সাংস্কৃতিক যুদ্ধৰে। সমাজৰ চিন্তাৰ অধোগতি ৰোধ আমিয়েই কৰিম। আৱৰ্জনাৰ স্তূপবোৰ আমিয়েই গুচাম।

প্ৰকৃত হিচাপ মতে ভাৰতৰ জনসংখ্যা ১৪২ কোটি। প্ৰতিগৰাকীৰ থাকিব লাগিব দেশখনৰ মাটিৰ ওপৰত অধিকাৰ। সেইদৰে ৮০০ কোটিৰ থাকিব বিশ্বৰ অধিকাৰ।

মনত ৰখা ভাল যে উচ্ছেদ কৰা বুলড’জাৰ খনৰ চালকজনো আমাৰেই খেতিয়কৰ সন্তান, আইনৰ চকিদাৰ। সকলো খেতিয়কৰেই সন্তান।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward