প্ৰকাশিত তাৰিখঃ ১৭ মাৰ্চ, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট
দক্ষিণ কামৰূপৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ ফুটুকীবাৰী মাটিফুটা দেৱালয়, মাটাইখাৰ মাটিফুটা দেৱালয় সত্ৰ, মদন–মোহন মাটিফুটা দেৱালয় সত্ৰ, শ্ৰীশ্ৰীঘিলাবাৰী বুঢ়াগোহাঁই দেৱালয় সত্ৰ লগতে বিভিন্ন মঠ–মন্দিৰত তিনিদিনীয়া কাৰ্যসূচীৰে উলহ–মালহেৰে দৌল উৎসৱ পালন কৰা হয়।
ঐতিহাসিক অনুসৰি– বৰদুৱাৰ ৰাজ্যত কেইবাখনো দেৱালয়, মন্দিৰ স্থাপন কৰিবলৈ ১৬ শতিকাত নংখ্লাও ৰাজ্যৰ খাছি ৰজাই ভূমিদান কৰিছিল। আনকি কোনো কোনো দেৱালয়ত দৌল উৎসৱ পালন কৰিবলৈ খাছি ৰজাই সমগ্ৰ খৰচ–পাতি বহন কৰিছিল। আজি বৰদুৱাৰ, নংখ্লাও ঐতিহাসিক ৰাজ্যবোৰ নাই, নাই খাছি ৰজাও। কিন্তু তেওঁলোকৰ শাসনকালত প্ৰচলন ঘটা পৰম্পৰা সমূহ আজিও বৰ্তি আছে। উল্লেখ্য যে ১৮২৬ খ্ৰীষ্টাব্দত স্থাপন হোৱা মাটাইখাৰ মাটিফুটা দেৱালয়ৰ দৌল উৎসৱত আজিও খাছি জনগোষ্ঠীৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰে। সময়ৰ গতিত দেৱালয় ৰূপে স্থাপন হোৱা ধৰ্মীয় অনুষ্ঠানবোৰ আজি সত্ৰৰ ৰূপত গঠন কৰা হৈছে।
উল্লেখনীয় যে, পবিত্ৰ হোলীৰ দিনটোত ঐতিহাসিক বৰদুৱাৰ ৰাজ্যৰ লোহাৰঘাটৰ মদন মোহন মাটি ফুটা দেৱালয় সত্ৰত আঞ্চলিকভাৱে পালন কৰি আহিছিল সুৱেৰী উৎসৱ। এসময়ৰ বৰদুৱাৰ ৰাজ্য আজি এখন মৌজা ৰূপে গঠন হৈছে।
প্ৰায় আঢ়ৈশখন গাঁও জড়িত থকা এই সুৱেৰী উৎসৱত তিনিকুৰি গোঁসাইৰ বিগ্ৰহ প্ৰদৰ্শন কৰে। এই উৎসৱত বিভিন্ন জাতি–ধৰ্ম–বৰ্ণ নিৰ্বিশেষে অংশ গ্ৰহণ কৰে।
সুৱেৰী উৎসৱত অতি পুৰ্বৰে পৰা গোঁসাই নচুওৱা পৰ্ব প্ৰচলন হৈ আহিছিল। আধুনিকতাৰ ধামখুমীয়াত সুৱেৰী উৎসৱৰ গোঁসাই নচুওৱা পৰ্বৰ মান আজিও ম্লান পৰা নাই। বৰঞ্চ ই দিনক দিনে জনপ্ৰিয়তাৰ দিশেহে গতি কৰিবলৈ লৈছে।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News