প্ৰকাশিত তাৰিখঃ ১৩ জানুৱাৰী, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট –
অসমৰ মফচলীয়া সাংবাদিক সকলৰ সংগ্ৰামী মঞ্চ আসাম প্ৰেছ ক’ৰেছপণ্ডেন্টছ ইউনিয়ন চমুকৈ আপকু, কামৰূপ মহানগৰ জিলা সমিতিৰ সপ্তম সংখ্যক দ্বি-বার্ষিক অধিবেশন আৰু অন্তৰংগ অনুষ্ঠানটো ১১ জানুৱাৰীত অনুষ্ঠিত হয়। গুৱাহাটী মহানগৰীৰ আজাৰাৰ কাঁহিকুছিস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞান কেন্দ্ৰত অনুষ্ঠিত অধিবেশন আৰু অন্তৰংগ অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি ৰাতি ১০ বজাত আপকু’ৰ পতাকা উত্তোলন কৰে কামৰূপ মহানগৰ জিলা সমিতি সভাপতি ৰতন কলিতাই। ১০ বজাত স্মৃতি তর্পন কৰে কামৰূপ মহানগৰ জিলা সমিতিৰ সম্পাদক ধনঞ্জয় কুমাৰ বৰ্মনে।
পুৱা ১০.৪৫ বজাত আপকু’ৰ প্ৰতিষ্ঠাপক সম্পাদক প্রধান, সাংবাদিক ভবেশ বৰুৱালৈ শ্রদ্ধাঞ্জলি অৰ্পন কৰে কামৰূপ জিলা মহানগৰ সমিতিৰ কাৰ্যকৰী সভাপতি ধ্রুবজ্যোতি কলিতা লগতে মাল্য অৰ্পন কৰে আপকু কামৰূপ জিলা সমিতিৰ সম্পাদক নীৰেন চন্দ্র মালীয়ে। ১১ বজাত অনুষ্ঠিত হোৱা প্রতিনিধি আৰু বিষয় বাচনি সভাত পর্যবেক্ষক হিচাপে উপস্থিত থাকে আপকু কামৰূপ জিলা সমিতিৰ সম্পাদক নীৰেন চন্দ্র মালীয়ে।
দুপৰীয়া ১২ বজাত অনুষ্ঠিত মুকলি সভা আৰু অন্তৰংগ আলাপ উদ্বোধন কৰে সভাপতি ৰতন কলিতাই। অন্তৰঙ্গ আলাপত উপস্থিত থকা আছুৰ বিষয়ববীয়া আৰু অঞ্চলটোৰ সমাজকৰ্মীৰ সৈত মতবিনিময় কৰে।
মতবিনিময় কৰি আপকু’ৰ কামৰূপ জিলা সমিতিৰ সম্পাদক নীৰেন চন্দ্ৰ মালীয়ে আপকুৰ বিষয়ে বৰ্ণনা কৰে। কামৰূপ মহানগৰ জিলা সমিতিৰ সভাপতি ৰতন কলিতাই সভাপতিত্ব কৰা সভাৰ পিছতেই আপকু’ৰ কামৰূপ মহানগৰ জিলা সমিতিৰ পুৰণি কমিটিখন ভঙ্গ কৰি আগন্তক দুটা বছৰৰ বাবে এই সভাতেই নতুন সমিতিখন গঠন কৰা হয়।
উল্লেখনীয় যে, জ্যেষ্ঠ সাংবাদিক ৰতন কলিতাক সভাপতি, ধ্ৰুৱজ্যোতি কলিতাক কাৰ্যকৰী সভাপতি আৰু অভিজিৎ কলিতাক সম্পাদক, হিচাপেলৈ তেৰ জনীয়াজনীয়া সমিতি গঠন কৰা হয়।
সভাত সন্মানীয় অতিথিৰূপে অসম কৃষি বিজ্ঞান কেন্দ্রৰ সঞ্চালক ড০ ধীৰেন্দ্ৰনাথ কলিতা, সদৌ অসম ছাত্র সন্থাৰ কেন্দ্রীয় কার্যনির্বাহক সদস্য অলকেশ নাথ, সমাজসেৱক কিৰন চন্দ্ৰ দাস, পুলক কলিতা, জাকিৰ হুছেইন আৰু ভৱানী বৰুৱা উপস্থিত থাকে।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News