প্ৰকাশিত তাৰিখঃ ২৮ অক্টোবৰ, ২০২৪
কল্প ৰঞ্জন গগৈ –
আমাৰ দেশত সন্দেহাতীতভাৱে ক’ব পাৰি যে সাম্প্ৰদায়িকতা এক অতি বিপজ্জনক প্ৰক্ৰিয়া। বৰ্তমান ভাৰতবৰ্ষৰ সামাজিক–ৰাজনৈতিক আৰু অৰ্থনৈতিক প্ৰেক্ষিতত সকলোতকৈ মৌলিক আৰু গুৰুত্বপূৰ্ণ প্ৰশ্ন। দেশৰ ভিতৰত থকা মানুহৰ মাজৰ ধৰ্মীয় পাৰ্থক্যক কামত লগাই ব্ৰিটিছ দখলদাৰসকলে জনগণৰ সম্পৰ্ক বৈৰীমূলক কৰি থৈ গ’ল। তাৰ ফল দেখা পালো দেশৰ মুক্তি সংগ্ৰামক বিচ্যুত কৰা সাম্প্ৰদায়িক যুদ্ধত। উদাহৰণ বিশ্বৰ ক’তো– য’ত একেখন দেশৰ জনগণৰ মাজত ইমান শত্ৰুতা। ব্ৰিটিছ দখলদাৰসকল গুচি যোৱাৰ পিছতো দেশৰ গণ–বিক্ষভক বিপথে পৰিচালনা কৰিবলৈ আজিও সেই সাম্প্ৰদায়িকতাক ব্যৱহাৰ কৰা হৈ আছে– ধাৰাবাহিকভাৱে। ১৯৪৭ চনৰ পৰৱৰ্তী যি কোনো সাম্প্ৰদায়িক খেলিমেলি অস্ত্ৰোপ্ৰচাৰ কৰিলেই কথাবোৰ স্পষ্ট হৈ পৰিব। তাতেই দেখা যাব ৰাজনৈতিক দলৰ অৰিহণা। প্ৰকৃততে ভাৰতবৰ্ষৰ সমাজ জীৱন ধৰ্মীয় সাম্প্ৰদায়িক বা জাতপাতৰ বিভেদেৰে ভৰপুৰ। ইয়াৰ শিপা অতি গভীৰত আৰু ইয়াক নাশিবলৈ এশ বছৰীয়া বিৱৰ্তনৰ প্ৰয়োজন হ’ব। মহাত্মাই কৰা বিপ্লৱত প্ৰতিবিপ্লৱীৰ অস্ত্ৰহে সফল হ’ল আৰু সেই দিনৰপৰাই ভাৰতত প্ৰতিবিপ্লৱীসকলহে বিজয়ী। প্ৰতিটো সংসদীয় দলেই ইয়াক সুযোগ বুজি ব্যৱহাৰ কৰি আছে আজিলৈকে। ব্ৰিটিছে এৰি থৈ যোৱা সাম্ৰাজ্যবাদৰ সহায়ক চিন্তাধাৰা প্ৰতিবিপ্লৱীসকলৰ সহায়ত দিনে দিনে লহপহীয়া হৈ ইয়াৰ সমাজখনক খেলিমেলি কৰি আছে। চলিত অৰ্থাৎ ২০২৪ বৰ্ষত বিহাৰৰ নাৱাডা (Nawada) জিলাত ৩০টা দলিত পৰিয়ালক ঘৰেৰে সৈতে জ্বলাই দিলে। এনেধৰণৰ ঘটনা বিহাৰৰ একৈশ শতিকাৰ চৰিত্ৰ। সচেতন নাগৰিকসকলৰ বাবে এক জটিল প্ৰশ্ন– সুৰঙ্গৰ শেষ ক’ত– কেনেকৈ? নে পাটলিপুত্ৰৰ বিচ্যুতি ৰূপেই থাকি যাব?
আমাৰ ৰাজ্যতো বগা বঙালৰ দখলৰ পিছৰপৰা আজিলৈকে এনে ঘটনা ভিন্ন ৰূপত ঘটিয়েই আছে। বিশেষকৈ ১৯৪৭ চনৰ ১৫ আগষ্টৰ পিছৰপৰা ব্ৰিটিছে এৰি থৈ যোৱা বুৰঞ্জী অসমখনো এক হিতাধিকাৰী। ইয়াৰ কিৰাট–বৌদ্ধ–পাটকাই সংস্কৃতিৰ স্খলিত ৰূপ আৰু প্ৰতিবিপ্লৱী অসংস্কৃতিয়ে মিলি সমাজখনক তোলপাৰ কৰি আছে।
দেশৰ সংবিধান মূলতঃ চেকুলাৰ–ধৰ্মনিৰপেক্ষ আৰু সমাজবাদী এইটো এটা ভুল ধাৰণা। কাৰণ ধৰ্ম নিৰপেক্ষ কৰিবলৈ ধৰ্মক ৰাষ্ট্ৰৰপৰা, আমোলাতন্ত্ৰৰপৰা, সুৰক্ষা বাহিনীৰপৰা আঁতৰাই দিয়া নাই। ধৰ্ম নিৰপেক্ষতাৰ প্ৰকৃত অৰ্থ ৰাষ্ট্ৰৰ এজেণ্ডাৰপৰা এই শক্তিক আঁতৰাই মানুহৰ শিক্ষাক গুৰুত্ব দি আঁচনি–যোজনা কৰা। এই যোজনাবোৰ বৰ্তমানৰ মধ্যমেধাৰ, মধ্যবিত্তীয় স্তৰৰ হ’লে নহ’ব।
কিছু বছৰৰ আগেয়ে– নব্বৈ দশকৰ শেষৰফালে দক্ষিণপন্থী–মধ্যপন্থী–বাওঁপন্থী যুক্তফ্ৰণ্টৰ শাসনৰ সময়ত ধৰ্মনিৰপেক্ষতাৰ ধ্বজা উৰুৱাই সম্পূৰ্ণ ধাৰ্মিক পদ্ধতিৰে শাসনকাৰ্য চলিছিল। মাৰ্ক্সবাদী জ্যোতি বসুৱে কৈছিল– ‘ধৰ্মৰ লগত আমাৰ সংঘাত নাই।’
যি মদ আৰু জুৱাই সমাজ কলুষিত আৰু প্ৰদূষিত কৰে তাৰ সহায়ত দেশ শাসন কৰাৰ দৰে কথা নহয় জানো?
ৰজাই মন্দিৰ নিৰ্মাণ কৰিছিল। পূজা–পাতলৰ আয়োজন চলিছিল নিজৰ স্বাৰ্থত আৰু যুদ্ধ লগাইছিল নিজৰ স্বাৰ্থত। বুদ্ধৰ পৰা শ্ৰীমন্ত শংকৰদেৱলৈ ৰাইজৰ মাজত প্ৰসাৰ কৰিছিল জ্ঞানৰ ঘৰ, জ্ঞানৰ চৰ্চা। চাওল্যুং চ্যুকাফাৰ শিক্ষা ‘নমামী বুৰঞ্জী’ ‘নমামী পূৰ্বপুৰুষ’ এই মহান শিক্ষা দৰ্শন অধ্যয়নৰ প্ৰতি আগ্ৰহ– সকলো ভাঙি থৈ গ’ল বগা বঙালে– অসমত। কাৰণ ১৭৯২ চনত গৌৰীনাথে প্ৰজাজাগৰণৰ বিৰুদ্ধে বগা বঙালক মাতি লৈ আনিছিল।
পলাশীৰ যুদ্ধৰ ১৭৫৭ চনৰ ২৩ জুনৰ পিছৰ ভাৰতবৰ্ষৰ বুৰঞ্জী, ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ পিছৰ অসমৰ বুৰঞ্জী আৰু ১৯৪২ চনৰ পৰা ১৯৪৭ হৈ আজি ২০২৪ চনৰ বিভক্ত দেশখনৰ বুৰঞ্জী নুবুজাকৈ ভৱিষ্যতৰ ধৰ্ম নিৰপেক্ষ সমাজবাদী ভাৰতবৰ্ষৰ কথা ভৱা অসম্ভৱ।
১৮৫৭ চনৰ মহাজাগৰণ ১৯৪৭ৰ পিছৰ জয়প্ৰকাশৰ অবিৰাম বিপ্লৱৰ আহ্বানৰ পৰাই স্পষ্ট হৈ পৰে স্বাধীন চৰকাৰৰ ভিতৰত সোমাই থকা জনবিৰোধী দমন নীতি। ব্ৰিটিছে এৰি যোৱা দানৱীয় চৰিত্ৰ আজি স্বাধীন ভাৰতৰ ভিতৰতে আছে। ইয়াত গণতন্ত্ৰৰ নখ আৰু দাঁত দুয়োটাই আছে। লাচিতৰ তৰোৱালৰ গুণগানৰ লগতে তেওঁৰ বাহিনীৰ ডেকাসকলৰ ত্যাগৰ লগতে পৰিয়ালবোৰৰ চকুপানীৰ কথা চৰ্চাৰ বিষয় হ’ব লাগে। তলৰ পৰা লিখা জনগণৰ বুৰঞ্জীত ব্যক্তিপূজাৰ স্থান নেথাকিব।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News