প্ৰকাশিত তাৰিখঃ ১৫ জুন, ২০২৫
কল্প ৰঞ্জন গগৈ –
পৰিৱৰ্তন হৈছে জীৱ–জগতৰ স্বাভাৱিক প্ৰক্ৰিয়া। কিন্তু বিংশ শতিকাৰ শেষ দশকত আমাৰ দেশে গ্ৰহণ কৰা অৰ্থনৈতিক নীতিৰ পাছৰে পৰা পৰিলক্ষিত হোৱা বহু তৰপীয়া–বহুমাত্ৰিক, দ্ৰুত আৰু অস্বাভাৱিক পৰিৱৰ্তনত সমাজ আক্ৰান্ত হৈছে। স্মাৰ্টফোনৰ পৰা আৰম্ভ কৰি এ আই, ছ’চিয়েল নেটৱৰ্কলৈকে প্ৰযুক্তিৰ যি নিত্য–নতুন ঢৌৰ তৰংগত আজি মানুহ আৰু সমাজ নিমগ্ন। এফালে বিশ্ব ব্ৰহ্মাণ্ড চাপ খাই আহিছে আৰু আনফালে ব্যক্তিৰ মাজত, সমাজৰ লগত দূৰত্ব বাঢ়িছে। ইয়াতে টিপা মাৰি গড়গাঁও পাবলৈ এটা নিমিষ মাত্ৰ।
সকলোতকৈ তীব্ৰ গতিত অৰ্থনৈতিক পৰিৱৰ্তন ঘটিছে বৃহৎ পুঁজি–অনলাইন সেৱাই সমগ্ৰ বজাৰখনকে গিলি পেলাইছে। উন্নতিৰ পথত ধাৱমান আমাৰ ৰাজ্যৰ পকীপথত গাড়ী–মটৰ উভৈনদী। চৰকাৰী পৰিসংখ্যা মতে ২০২৪ চনৰ জানুৱাৰীৰ পৰা জুনলৈ অসমত মুঠ ৭,৩৬০টা দুৰ্ঘটনা সংঘটিত হৈছে– অৰ্থাৎ মাহেকত ১২,২৬৬ টাকৈ এই সময়ছোৱাত মৃত্যু হৈ ১,২৪৮ জনৰ।
খেনোৰ মতে– এই মৃত্যৰ তুলনাত প্ৰকৃতিৰ ৰোষত নিহতৰ সংখ্যা তাতোকৈ বেছি। যু্দ্ধত নিহতৰ সংখ্যা আৰু বেছি। যুদ্ধবাদীসকলৰ বাবে এইটো তেনেই স্বাভাৱিক ঘটনা। সেয়ে চিন্তাৰ প্ৰয়োজনো নাই।
কিন্তু পৃথিৱীৰ চৌদিশে যেতিয়া মৃত্যুৱে কিৰিলী পাৰে, মানুহ কান্দোনত ভাগি পৰে, আমাৰ টোপনি নধৰে।
ঊনৈশ–কুৰি শতিকাৰ গাঁও আৰু তাৰ কৃষিজীৱি মানুহৰ মানসিকতাৰ লগত একৈশ শতিকাৰ গাঁৱলীয়া কৃষিজীৱি মানুহৰ মানসিকতা চকুত লগাকৈ তফাৎ। বিশেষকৈ য’ত সাম্ৰাজ্যবাদী বনিয়াৰ মানসিকতা তৃণমূলৰ পৰিয়াললৈকে সম্প্ৰসাৰিত, যদিও গাঁওবোৰত নামঘৰআছে, ভাদমহীয়া নাম প্ৰসংগ হয়। ইছলামধৰ্মীসকলৰ মছজিদ আছে, আজান দিয়ে, পাঁচ প্ৰহৰত নামাজ হয়, পৰমব্ৰহ্মৰ আশীষ বিচাৰি। দেখা যায় যে অসমৰ জনতাৰ প্ৰাণত বুদ্ধ আছে, ধৰ্ম আছে আৰু সংঘ আছে। তথাপিও ক’বই লাগিব যে মাওঁ–চে–তুঙৰ কুৰি শতিকাৰ বাণী গাঁৱৰ দ্বাৰা নগৰবোৰ ঘেৰাও কৰা, আজিৰ সময়ত প্ৰাসংগিক নহয়। তাৰ ঠাইত গাঁওবোৰক কৰি তুলিব লাগিব দেশৰ সংবিধানৰ সম্প্ৰসাৰন আৰু অনুশীলনৰ কেন্দ্ৰ হিচাপে (Extension and Execution Centre)। দ্ৰুত পৰিৱৰ্তনশীল সময়ত কৃত্ৰিম বুদ্ধিমত্তা Artificial Intelligenceৰ ঠাই ল’ব লাগিব প্ৰাকৃতিক বুদ্ধিমত্তাই Natural Intelligence।
আধুনিক সমাজ বিজ্ঞানীসকলে কৈছিল– পুঁজিবাদী যুগত প্ৰৱেশ কৰাৰ লগে লগে কাৰখানাবোৰ হৈ পৰিব প্ৰকৃতিৰ বিৰুদ্ধ শক্তি য’ত প্ৰকৃতিয়ে প্ৰত্যাঘাত কৰিব। বৃহৎ পুঁজিয়ে যেনেদৰে ক্ষুদ্ৰ ব্যৱসায়ী সকলক ডিঙি চেপি মাৰিব সেইদৰে ই প্ৰকৃতিক চৰম আঘাত সানিব। সেয়ে অসমৰ দৰে প্ৰকৃতিৰে ভৰপূৰ ৰাজ্যতো জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱ দেখা পোৱা গৈছে। এই পৰিৱৰ্তনে মানুহকে ধৰি প্ৰাণীজগতৰ দেহ আৰু মনত কিদৰে প্ৰভাৱ পেলাব তাক পৰিমাণগতভাৱে ঠাৱৰ Quantify কৰিব নোৱাৰিলেও দ্বিধাহীনভাৱে ক’ব পৰা যায় যে ইয়াৰ প্ৰভাৱ ৮০% নেতিবাচক। বৰ্তমান অসুস্থ সমাজখনত মৃত্যু, হত্যা, দুখ–বেদনালৈ চিন্তা নিচেই কম পৰিমাণৰ আৰু বিকৃত চিন্তা বৃহৎ পৰিমাণৰ। আশাৰ বতৰা এয়াই যে সমাজখন ৰোগমুক্ত কৰাৰ প্ৰচেষ্টা চলিয়েই আছে আৰু এসময়ত ইয়েই হ’বগৈ প্ৰধান ধাৰা।
প্ৰকৃত পৰিৱৰ্তনৰ শক্তি সাহিত্যৰহে আছে। জাঁ প’ল ছাৰ্টেয়ে What is Literature?ত কৈছে যে সাহিত্যই একমাত্ৰ কলা যি স্থাতাৱস্থাক প্ৰত্যাহ্বান জনায়। পৰিৱৰ্তনক অনুপ্ৰাণিত কৰে আৰু সামাজিক বিকাশ ত্বৰান্বিত কৰে। তেওঁ বিশ্বাস কৰিছিল যে সাহিত্যৰ এনে এটা ক্ষমতা আছে যি মানুহৰ প্ৰাত্যহিক অভিজ্ঞতাৰ সীমা ভেদি সমাজৰ গভীৰতম সত্য উন্মচিত কৰে। তেনে সাহিত্য নতুন শতিকাৰ বাবে লাগিবই।
নিঃসন্দেহে ক’ব পাৰি যে একবিংশ শতিকাত সাহিত্য জগতত নতুন নতুন সৃষ্টি হৈছে। সংবাদ সাহিত্যই নতুন ৰূপ লৈছে। সমাজ মাধ্যমৰ জৰিয়তে বন্দুক–বৰটোপৰ গুলি বৰষিছে। সংবাদ জগতখন যেন এখন মাইন্ফিল্ড। ৰাজনৈতিক বোমাবৰ্ষণৰ ফলত জনতা ক্লান্ত–বিভ্ৰান্ত।
পণ্ডিত নেহেৰুৰ ২৭ মে’ ১৯৬৪ৰ মৃত্যুদিন সুঁৱৰিবলৈ যাওঁতে ৰাজনৈতিক বোমাবৰ্ষণ ঠিক যেনেকৈ ভাৰতৰ য’ত দোষৰ বাবে দায়ী মহাত্মা নন্দঘোষ। দেশৰ ৮০% ত্ৰিশৰ তলৰ যুৱশক্তিৰ বাবে যেন এক নতুন বুৰঞ্জী।
তেনে এক সময়ত আমি ৰচনা কৰিব লাগিব পাগত উঠা উপন্যাস–কবিতা–গান। তুলি ধৰিব লাগিব বুদ্ধ, আইনষ্টাইন, মহাত্মা, ৰবীন্দ্ৰনাথ, বিবেকানন্দৰ দৰে আমৃত্যু শান্তিকামী–শান্তিবাদীসকলক। ইতিহাসিৰ চালিকা শক্তিৰে জনগণে গঢ়ি তুলিব লাগিব নতুন ৰাজনৈতিক ভেটি। লাগিব দিগন্ত কঁপোৱা গান।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ