প্ৰকাশিত তাৰিখঃ ১৮ আগষ্ট, ২০২৫
কল্প ৰঞ্জন গগৈ –
১৮২৬ খ্ৰীষ্টাব্দৰ ২৪ ফেব্ৰুৱাৰী, মানদেশৰ ইয়াণ্ডাবুত হোৱা চুক্তিমতে মানৰজাই হাতি দাঙিলে বগা বঙালৰ বেপাৰৰ কোম্পানীৰ ওচৰত। জয়ধ্বজ সিংহই মীৰজুমলাৰ লগত চুক্তি কৰি দেশৰ স্বাধীনতা–ধন–সোণ আৰু ৰমণী আৰু টিপমীয়া আইদেউক সমৰ্পণ কৰাৰ দৰে মানৰজাই সমৰ্পণ কৰিলে অসম, মণিপুৰ আদি দেশৰ লগতে দেশৰ নাগৰিক সকলক। সেইদৰে মানৰ হাতৰ পৰা ইষ্ট–ইণ্ডিয়া কোম্পানীৰ বন্ধা গোলামলৈ এক প্ৰচণ্ড জাপ।
ইংৰাজৰ সহযোগী হিচাপে আহিল বিত্তীয় লেনদেনত সহায় কৰিবলৈ জগত চেঠ বাহিনী আৰু বংগৰ কৰনিক বাহিনী লেখাৰু হিচাপে। অসম চামিল হ’ল ইংৰাজৰ দখলৰ বংগৰ লগত।
চাহ বাগানত গেবাৰী খাটিবলৈ কৃষ্ঞাংগ ভাৰতীয় ঝাড়খণ্ডী বাহিনী আৰু ময়মনসিংহ–চিলেটৰ পৰা খেতিৰ বাবে চৰ–চাপৰিৰ মাটিত গেবাৰী খটা কৃষকৰ বাহিনী। এফালে চাহৰ শ্ৰমিক আৰু আনফালে ভাত–শাক–পাচলি–মৰাপাট খেতিৰ শ্ৰমিক।
যিহেতু বিদেশী চৰকাৰ হৈছে ভদ্ৰলোক সকলৰ চৰকাৰ সেয়ে অভদ্ৰ চাহ শ্ৰমিক আৰু ভাতৰ খেতিয়ক সকলক নাগৰিকত্ব–সংস্থাপন দিয়াৰ প্ৰশ্নই নুঠে।
১৯৪৭ খ্ৰীষ্টাব্দত মালিক বদলি হ’ল। দেশৰ পতাকা বদলি হ’ল। শাসনকৰ্তাৰ দল সলনি হ’ল। চাহ বাগানৰ মালিকো সলনি হ’ল। কিন্তু চাহ শ্ৰমিক সকলৰ লগতে ভাতৰ শ্ৰমিক সকলৰ অৱস্থা একেই থাকি গ’ল। সেইদৰে দেশখনৰ থলৰ অধিবাসী সকলৰ অৱস্থাও একেদৰেই থাকি গ’ল।
ইয়াণ্ডাবুৰ সমস্যা, আমাৰ স্থানীয় সমস্যা সমাধান হৈছিল বিদেশত। এই দূৰ দেশৰ তাহানিৰ সমস্যা সমাধানৰ বাবে আমি স্থানীয়ভাৱে সিদ্ধান্ত ল’ব লাগিব। মাটি কাৰ প্ৰশ্নটোৰ উত্তৰ দিবলৈ পুনৰ ১৮২৬ লৈ উভতি যাব লাগিব। কিন্তু চাব লাগিব নতুন দেশখনৰ সংবিধানৰ দান ধৰ্মনিৰপেক্ষতা, সামাজিক বিকাশ আৰু মানৱতাবাদ–বন্ধুত্ব–ঐক্যক সন্মান জনোৱা হৈছে নে নাই।
দেশত বাস কৰি সম্পদ সৃষ্টি কৰা সকলেই হ’ব প্ৰথম শ্ৰেণীৰ নাগৰিক অৰ্থাৎ থলগিৰিসকল। তাৰ পিছতে শৰণাৰ্থী হিচাপে লৈ অহা বন্ধা গোলামসকল স্বাভাৱিকভাৱে হ’ব দেশৰ নাগৰিক। সেয়ে ১৮২৬ খ্ৰীষ্টাব্দক ছেদবিন্দু হিচাপে লৈ আমাৰ নতুন সকলে দেশখনৰ ভৱিষ্যত নিৰ্ণয় কৰিব লাগিব। জাতিৰ বাবে তৈয়াৰ কৰিব লাগিব নতুন ইস্তাহাৰ। ২৪ ফেব্ৰুৱাৰী হ’ব লাগিব মহামিলনৰ দিন।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ