Friday, April 11, 2025
HomeNEWSৰাভা হাছং নিৰ্বাচনী প্ৰচাৰত সাংসদ বিজুলী কলিতা মেধি আৰু বিধায়ক হেমাংগ ঠাকুৰীয়া ...

ৰাভা হাছং নিৰ্বাচনী প্ৰচাৰত সাংসদ বিজুলী কলিতা মেধি আৰু বিধায়ক হেমাংগ ঠাকুৰীয়া   

প্ৰকাশিত তাৰিখঃ ২৪ মাৰ্চ, ২০২৫

চানডুবি নিউজ ৰিপ’ৰ্ট –

ক্ৰমে চমু চাপি আহিছে ২ এপ্ৰিল। এই দিনটোতে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত হ’ব। উল্লেখ যে এইবাৰৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় নিৰ্বাচনত বিজেপি, অসম গণ পৰিষদ আৰু ৰাভা হাছং যৌথ মঞ্চই বুজাবুজিত অৱতীৰ্ণ হৈছে। সেই অনুসৰি ৩৫নং শিলপোতা সমষ্টিত বিজেপিয়ে কমলেশ্বৰ ৰাভাক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। প্ৰাৰ্থীগৰাকীক জয়ী কৰি তুলিবলৈ ইতিমধ্যে শাসকীয় চৰকাৰখনৰ বিধায়ক, সাংসদ আদি উচ্চ পৰ্যায়ৰ নেতাবোৰে প্ৰচাৰ কাৰ্যত নামি পৰিছে।

আজি অৰ্থাৎ ২৩ মাৰ্চত সমষ্টিটোৰ কেইবা ঠাইত অনুষ্ঠিত হোৱা প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰে গুৱাহাটী লোক সভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি আৰু পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই। পৰিষদীয় সমষ্টিৰ চল্লিৰ এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰি সাংসদ গৰাকীয়ে কয়– আমাৰ দলৰ নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে তুংগত উঠিছে। মই কালিও কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰিছো। দেখিছো ৰাইজে আমাক সম্পূৰ্ণৰূপে আশ্বাসত লৈছে। সেয়ে আমাৰ প্ৰাৰ্থী কমলেশ্বৰ ৰাভাৰ বিজয় নিশ্চিত।

আনহাতে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই কয়– আমি ৰাইজৰ মাজলৈ গৈছো। ৰাইজ আমাৰ পক্ষত আছে। গতিকে আমাৰ প্ৰাৰ্থী কমলেশ্বৰ ৰাভাৰ বিজয় নিশ্চিত।

নিৰ্বাচনী প্ৰচাৰ সভাত দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি অঞ্জন গোস্বামী, দক্ষিণ কামৰূপৰ নিৰ্বাচনী তত্বাৱধায়ক বিকাশ বড়োৰ লগতে অসম গণ পৰিষদ, ৰাভা হাছং যৌথ মঞ্চৰ বিভিন্ন বিষয়ববীয়া, সদস্যই অংশ গ্ৰহণ কৰে।

উল্লেখ্য যে উক্ত সভাৰ পূৰ্বে প্ৰাৰ্থীগৰাকীয়ে বেলগুৰীত এটি নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News  

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward