Saturday, April 19, 2025
HomeNEWSআমৰাঙা-বৰিহাটৰ নৱাৰুণ সাহিত্য সভাৰ উদ্যোগ

আমৰাঙা-বৰিহাটৰ নৱাৰুণ সাহিত্য সভাৰ উদ্যোগ

প্ৰকাশিত তাৰিখঃ ১৪ এপ্ৰিল, ২০২৫

পহিলা ব’হাগত চাৰি বিশিষ্ট ব্যক্তিক জনাব বিহুৰ ওলগ

চানডুবি নিউজ ৰিপ’ৰ্ট –

দক্ষিণ কামৰূপৰ অগ্ৰণী সাহিত্যানুষ্ঠান আমৰাঙা-বৰিহাটৰ নৱাৰুণ সাহিত্য সভাই পহিলা ব’হাগৰ দিনটোত জাতীয় জীৱনৰ সৈতে জড়িত চাৰিগৰাকী ব্যক্তিক ৰঙালী বিহু উপলক্ষে উৎসাহ–উদ্দীপনাৰে বিহুৰ ওলগ জনাই পালন কৰিব অসম সাহিত্য সভাৰ ‘নিজৰ দিন’। পুৱা ১০ বজাৰ পৰা ১ বজাৰ ভিতৰত সম্পন্ন হ’ব লগা অনুষ্ঠানটোত এই বেলি ৰজাবহাৰ ৰত্নেশ্বৰ দেৱশৰ্মা, খৰাপাৰাৰ সোণাৰাম দাস, তালুকদাৰপাৰাৰ নগেন দাস আৰু কল্লাপাৰাৰ ৰজনী চৌধুৰীৰ ঘৰত গৈ এটি প্ৰতিনিধি দলে অসম সাহিত্য সভাৰ হৈ বিহুৰ ওলগ জনাব বুলি জনাইছে নৱাৰুণ সাহিত্য সভাৰ সম্পাদক মিতুমণি দাস আৰু কাৰ্যালয় সম্পাদক গণেশ্বৰ দাসে।

উল্লেখ্য যে প্ৰতি বছৰে বৃহত্তৰ আমৰাঙা-বৰিহাট অঞ্চলৰ বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনাই আহিছে নৱাৰুণ সাহিত্য সভাই।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward