Tuesday, June 3, 2025
HomeARTICLEপথাৰ এৰি ৰাজপথত নামিবলৈ বাধ্য হৈ পৰিছে খেতিয়কঃ মুখ্যমন্ত্ৰী, স্থানীয় বিধায়ক হেমাংগ...

পথাৰ এৰি ৰাজপথত নামিবলৈ বাধ্য হৈ পৰিছে খেতিয়কঃ মুখ্যমন্ত্ৰী, স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়ালৈ সকিয়নি

প্ৰকাশিত তাৰিখঃ ২জুন, ২০২৫

চানডুবি নিউজ ৰিপ’ৰ্ট –

এইখিনি সময় খেতিয়কসকলৰ পথাৰত নমাৰ সময়। কেইটামান দিনৰ পাছত তেওঁলোকৰ ভালকৈ খোৱা–লোৱাৰেই সময় নোহোৱা হ’ব। কিন্তু এইখিনি সময়ত খেতিয়কসকল ভূমিৰ অধিকাৰ বিচাৰি মেল–মিটিং অথবা ৰাজপথত ওলাবলৈ বাধ্য হৈ পৰিছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হুচিয়াৰ, মুখ্যমন্ত্ৰী মিছলীয়া, স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়া হুচিয়াৰ, হেমাংগ ঠাকুৰীয়া গ’বেক, মিছলীয়া বিধায়ক হেমাংগ ঠাকুৰীয়া মুৰ্দাবাদ, অসম চৰকাৰ হায় হায় ধ্বনিত আজি দক্ষিণ কামৰূপৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ বৰদুৱাৰৰ আকাশ–বতাহ কঁপি উঠে।

উল্লেখ্য যে, অসম চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে জনজাতি আবেষ্টনী ভাঙি বৰদুৱাৰ বাগানৰ ১,৫০০ একৰ ভূমি গুৱাহাটী নগৰ উন্নয়ন বিভাগক আৱণ্টন দিবলৈ ষড়যন্ত্ৰ চলাইছে। চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে আজি অৰ্থাৎ ২৯ মে’ত জাৰাপাটা ৰাজহুৱা খেলপথাৰত ১, ২ আৰু ৩নং বাগান ৰাজহ গাঁৱৰ ৰাইজে এক বিশাল প্ৰতিবাদী সভাৰ আয়োজন কৰে। প্ৰতিকুল বতৰকো নেওচি হাজাৰ হাজাৰ প্ৰতিবাদী জনতা ওলাই আহি খেলপথাৰখনত সমবেত হয়। ডবালপিটা বৰষুণেও কোনো এজন প্ৰতিবাদীক লৰচৰ কৰিব নোৱাৰিলে।

মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ চ’ছিয়েল চাইটত প্ৰকাশ পোৱা মতে ২৬ মে’ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেশৰ ৰাজধানী দিল্লীত এডভাণ্টেজ অসম প্ৰকল্প নিৰ্মাণৰ বিষয়ে এক পৰ্যালোচনা অনুষ্ঠিত হৈছিল। উক্ত পৰ্যালোচনাত ৰাভা হাছং এলেকাৰ বৰদুৱাৰৰ ১,৫০০ একৰ ভূমিত চেটেলাইট টাউনশ্বীপ নিৰ্মাণ প্ৰসংগই স্থান লাভ কৰিছিল। সেই লৈ অসন্তুষ্ট হৈ পৰিছিল দক্ষিণ কামৰূপৰ ৰাভা হাছংবাসী। তাৰেই ফলশ্ৰুতিত আজিৰ এই বিশাল ৰাজহুৱা প্ৰতিবাদী সভাৰ আয়োজন। বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতিৰ উদ্যোগত আয়োজন কৰা আজিৰ সভাখন পৌৰহিত্য কৰে সংগঠনটোৰ মুখ্য আহ্বায়ক গোবিন্দ ৰাভাই আৰু উদ্দেশ্য ব্যাখ্যা কৰে আদিত্য নাগে।

আজিৰ সভাত অসম নাগৰিক সমাজৰ সভাপতি পৰেশ মালাকৰ, ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ আহ্বায়ক সুব্ৰত তালুকদাৰ, নিখিল ভাৰত কৃষক সভাৰ সাধাৰণ সম্পাদক জয়ন্ত গগৈয়ে অংশ গ্ৰহণ কৰে।

সভাত অংশ গ্ৰহণ কৰি অসম নাগৰিক সমাজৰ সভাপতি পৰেশ মালাকৰে কয়– বৰ্তমান শাসনত থকা চৰকাৰখনে খিলঞ্জীয়াৰ অধিকাৰ ৰক্ষাৰ কথা কয়। কিন্তু বৰদুৱাৰত উচ্ছেদ কৰিব খোজা লোক সকল খিলঞ্জীয়া নহয় নেকি? চৰকাৰখনৰ এই দুমুখীয়া চৰিত্ৰ নিজে নিজে ওলাই পৰিছে।

নিখিল ভাৰত কৃষক সভাৰ সাধাৰণ সম্পাদক জয়ন্ত গগৈয়ে কয় মাটিৰ অধিকাৰ বিচাৰি সংগ্ৰাম কৰিবই লাগিব। কিন্তু আমি চৰকাৰৰ যড়যন্ত্ৰবোৰ বুজি পাব লাগিব। চৰকাৰে কি উন্নয়ন কৰিব খুজিছে সেয়া আমি নাজানো, কিন্তু আমাৰ মাটিখিনিৰ অধিকাৰ আমাক দিবই লাগিব। আমাক বসুন্ধৰাৰ মাটি নালাগে, আমাক লাগে ১৯৭১ চনৰ ৰায়তী খতিয়ান আইনৰ অধীনত।

ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ আহ্বায়ক সুব্ৰত তালুকদাৰে কয়– মাটিৰ অধিকাৰ বিচাৰি আমি চৰকাৰৰ ওচৰত আঠূ ল’বলগীয়া হৈছে। কাজিৰঙা, কাৰ্বিআংলং, নগাঁও আদিত থলুৱাক উচ্ছেদ কৰি মাটিবোৰ কোনো গুজৰাটী, কোনো আদানী, আম্বানীক গতাই দিয়া হৈছে। অসমত যদি জাতি ৰক্ষাৰ যুঁজ হয় তেনেহ’লে মাটি ৰক্ষাৰ যুঁজৰ পৰাই আৰম্ভ হ’ব।

ৰাভা যুৱ পৰিষদৰ সম্পাদক ৰত্নেশ্বৰ ৰাভাই কয়– মই বিজেপিৰ মণ্ডল কমিটিৰ এগৰাকী বিষয়ববীয়া আছিলো। কিন্তু জাতি–মাটিৰ কথা কোৱা চৰকাৰে জনজাতি সকলক কৰা অন্যায়ৰ প্ৰতিবাদত দলটিক সহযোগ নকৰাৰ সিদ্ধান্ত ব্যক্ত কৰে। লগতে ২০২৬ৰ বিধান সভা নিৰ্বাচনত উচিত শিক্ষা দিব বুলিও ব্যক্ত কৰে।

বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতিৰ উপ–সভাপতি আদিত্য ৰাভাই কয়– চৰকাৰে আমাক জোৰকৈ জাপি দিব খোজা চেটেলাইট টাউনশ্বীপ আমাক নালাগে। এখন ঠাই টাউন হ’লে লেতেৰা হৈ পৰে। আমাৰ গুৱাহাটী মহানগৰীখনেই উৎকৃষ্ট উদাহৰণ। প্ৰাকৃতিক পৰিৱেশেৰে পৰিপূৰ্ণ ঠাই এখন চেটেলাইট টাউনশ্বীপ নিৰ্মাণ কৰি চৰকাৰে লেতেৰা কৰিব খুজিছে।চৰকাৰে আমাক ঠাই লেতেৰা হোৱা আঁচনি জোৰকৈ জাপি দিব খুজিলেও সেয়া আমি কোনোকালে মানি নলও। ইয়াক গণতান্ত্ৰিক পন্থাৰে প্ৰতিহত কৰিমেই কৰিম। তেনেস্থলত অনাগত সময়ত তীব্ৰ ৰূপত আন্দোলন চলিব। তাৰ বাবে ৰাইজ সাজু হৈ থাকিব লাগিব বুলিও ব্যক্ত কৰে। তেওঁ কয়– যদি চৰকাৰে উন্নয়ন কৰিব বিচাৰে তেনেহ’লে ভাল শিক্ষানুষ্ঠান গঢ়ি তোলক। মেডিকেল স্থাপন কৰক।  

উল্লেখ্য যে বাগানৰ জ্ঞানজ্যোতি বিদ্যালয় কৰ্তৃপক্ষই প্ৰাকৃতিক সম্পদ ধ্বংস হ’ব পৰা কাৰ্যৰ বিৰোধীতৰে শিক্ষক–শিক্ষাৰ্থীসকলে বিদ্যালয়খনৰ পৰা ৰাজহুৱা সভাস্থলীলৈ পদযাত্ৰা কৰি আহি সভাপতিৰ হাতত এক স্মাৰকপত্ৰ অৰ্পণ কৰে।

আজিৰ সভাত বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা জাতীয় পৰিষদ, সংযুক্ত বড়ো উন্নয়ন মঞ্চ, গৰিয়া–মৰিয়া দেশী জাতীয় পৰিষদ, ষষ্ঠ অনুসূচী দাবী সমিতি, আঞ্চলিক ৰাভা মহিলা পৰিষদ আদিকৰি বিভিন্ন সংগঠনৰ সদস্য সকলে অংশ গ্ৰহণ কৰে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward