প্ৰকাশিত তাৰিখঃ ২৮ জুলাই, ২০২৫
কল্প ৰঞ্জন গগৈ –
১৭৫৭ খ্ৰীষ্টাব্দৰ ২৩ জুন, পলাশী ক্ষেত্ৰ। ভাৰতবৰ্ষৰ বণিয়া গোষ্ঠী জগত চেঠ্ এণ্ড কোম্পানীৰ দায়িত্ব– নৱাৱ চিৰাজ–উ–দৌল্লাক সমুলঞ্চে উচ্ছেদ কৰি ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীক ম্যাদী পট্টা দিয়া লগতে বেপাৰ–বণিজৰ বাবে ধনৰ যোগাৰ আৰু সম্প্ৰসাৰণ কাৰ্যৰ বাবে জনৰ যোগাৰ–লাঠিয়াল–বন্দুকধাৰী সহিতে। তাৰ পৰা সুদীৰ্ঘ ১৯০ বছৰৰ প্ৰথম ছোৱা ১৭৫৭–১৮৫৭ খ্ৰীষ্টাব্দলৈ বণিয়াৰ দখল আৰু তাৰ পৰা ১৯৪৭ লৈ সংসদ–বণিয়াৰ দখল। তাৰ পিছৰ স্বাধীন সাৰ্বভোমত্ব ধৰ্ম নিৰপেক্ষ সমাজবাদী, গণৰাজ্যখনৰ অৱস্থা গাখীৰ খোৱা শিশুটোৱেও জানে। ধীমান সকলে ইয়াক নিৰ্মোহভাৱে লিপিবদ্ধ কৰি থৈছে। অখণ্ড ভাৰতৰ ৰাষ্ট্ৰপিতা জনক হত্যা কৰাৰ পিছত অহিংস দেশখন কেইবাবাৰো হিংস্ৰ হৈ উঠিছে, হিংস্ৰ হ’বলৈ বাধ্য কৰা হৈছে।
১৮৫৭ খ্ৰীষ্টাব্দৰ সংগঠিত সাম্ৰাজ্যবাদী বণিয়াৰ লগতে দেশীয় বণিয়াৰ বিৰুদ্ধে মুক্তিযুদ্ধৰ পৰা দেশৰ শাসন বণিয়াৰ লগতে ৰাজনৈতিক মৰ্চাৰ দ্বাৰা United Front of East India Company and the Parliament ১৯৪৭ পৰ্যন্ত।
সেয়ে আজি মুক্তি যোদ্ধাৰ উত্তৰসূৰী হিচাপে অনুভৱ কৰো যে পলাশীৰ আত্মসমৰ্পন ১৮৫৭ খ্ৰীষ্টাব্দৰ জাগৰণ আৰু ১৯৪৭ খ্ৰীষ্টাব্দৰ উত্তৰ ঔপনিৱেশিক ভাৰতবৰ্ষৰ এই সময়ছোৱা প্ৰকৃত জাতীয় ৰাজনৈতিক জাগৰণৰ দিন হিচাপে পালন কৰা উচিত।
এই জাগৰণৰ অংশীদাৰ হ’ব লাগিআজিৰ ১৪২ কোটি ভাৰতবাসীৰ লগতে বিদেশত প্ৰতিষ্ঠিত হোৱা ভাৰতবাসী।
১৮২৬ খ্ৰীষ্টাব্দৰ ২৪ ফেব্ৰুৱাৰীৰ দিনা সুদূৰ মানদেশৰ ইয়াণ্ডাবু গাঁৱত ম্যুং–ড্যুন–চ্যুন খাম সমৰ্পিত হৈছিল ইংৰাজ বণিয়া কোম্পানীৰ হাতত– মান ৰজাৰ দ্বাৰা। ২০২৬ খ্ৰীষ্টাব্দৰৰ ২৪ ফ্ৰেব্ৰুৱাৰীৰ দিনা এই সমৰ্পনৰ চুক্তিখনৰ ২০০ বছৰ সম্পূৰ্ণ হ’ব।
দেশৰ ৰাজনীতিৰ নিৰ্ণায়ক শক্তি হ’লগৈ জগত চেঠ্সকল আৰু আজ্ঞাবাহী ইংৰাজ সৃষ্ট প্ৰশাসক–আমোলা সকল। আৰম্ভ হ’ল বৃটেইনৰ আইন আৰু বণিয়া নিৰ্দেশিত অৰ্থনৈতিল নিয়মাৱলী।
এই অতীতৰ তথ্যৰ ওপৰত নিৰ্ভৰ কৰিয়েই বৰ্তমানৰ লগতে ভৱিষ্যতৰ বাবে প্ৰাসংগিক কাৰ্যসূচী আমাৰ জাতীয় সংগঠন সমূহে ল’ব লাগে।
এছিয়া মহাদেশৰ এখন উপমহাদেশ দখল কৰা পদ্ধতি আৰু তাৰ পিছত দখল এৰা। দখলৰ অংশীদাৰ সকলৰ লগতে দখল এৰি থৈ যোৱা বন্ধুবৰ্গ, দখল এৰি থৈ যোৱাৰ পিছৰ ঘটনাৱলী আদি সকলো কথা আমাৰ নতুন সকলে কি হিচাপে গ্ৰহণ কৰিব তাক অগ্ৰজ সকলে দি থৈ যাব লাগিব।
আজিৰ বিশ্ব পৰিস্থিতি ভীষণভাৱে তাৎপৰ্যময়– উন্নত দেশ সমূহত জ্ঞানমেধ যজ্ঞই বিশেষ ৰূপ লৈছে। হাৰ্ভাৰ্ড (Harvard), কলম্বিয়া (Columbia) বিশ্ববিদ্যালয় তীব্ৰ ছাপৰ সন্মুখীন হৈছে। চুবুৰীয়া চীনত দালাই লামা–
বুদ্ধ তিব্বতক লৈ টনা আঁজোৰা ইত্যাদি ঘটনাই তোলপাৰ লগাইছে। মুঠতে সমগ্ৰ বিশ্ব এক ছেদ বিন্দুত Turning Point বুজিবলৈ দেশৰ ৰাজনৈতিক–সামজিক–সাংস্কৃতিকৰ লগতে গৰিষ্ঠ সংখ্যক মানুহৰ অৰ্থনৈতিক পৰিস্থিতি সুক্ষ্মভাৱে চালেই হ’ল।
স্পষ্টভাৱে ক’ব পাৰি যে হুকুমদাৰ সকলৰ হুকুমত দেশ কম্পমান। তাতেই প্ৰশ্ন উঠিব– সঠিক জ্ঞান, সঠিক গান, সঠিক পথ কোনটো।
ওচৰতে থকা ভূপেন হাজৰিকা উদ্যানখনত বজোৱা ভূপেনদাৰ সুৰীয়া গানেই হ’ব পথ প্ৰদৰ্শক, পলাশী আৰু ইয়াণ্ডাবুৰ দখলৰ পৰা মুক্তিৰ গান।
ভূপেনদাই কৈছিল– আকাশী গংগা স্বৰ্ণ অলংকাৰ তেওঁ বিচৰা নাই, বিচাৰিছিল এখন সমাজ য’ত সোণতকৈও মানুহৰ দাম বেছি। সেই ভূপেনদাক মুৰ্তি বনাই দিলে শাসক সকলে। ৰাইজে কিন্তু ব্যক্তিপুজা নিবিচাৰে, বিচাৰে এক তপোবন য’ত উদ্বেগহীনভাৱে তেওঁৰ দৰ্শনৰ অধ্যয়ন আৰু সম্প্ৰসাৰণ ঘটাব পাৰে– নতুন সমাজ গঢ়িবলৈ।
বিশ্ব আজি প্ৰযুক্তিৰ সহায়ত পৰিমাণগতভাৱেহে আগবাঢ়িছে। তাক গুণগত বিকাশৰ বাবে গ্ৰন্থমেধ যজ্ঞৰ অৱসান ঘটাব লাগিব। নতুন পলাশী, নতুন ইয়াণ্ডাবু গঢ়িব লাগিব।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ