Monday, June 16, 2025
HomeNEWSৰাণীৰ জয়পুৰত দুদিনীয়া পশু চিকিৎসা শিৱিৰৰ সামৰণি  

ৰাণীৰ জয়পুৰত দুদিনীয়া পশু চিকিৎসা শিৱিৰৰ সামৰণি  

প্ৰকাশিত তাৰিখঃ ১৬ জুন, ২০২৫

চানডুবি নিউজ ৰিপ’ৰ্ট –

পশ্চিম গুৱাহাটী সমষ্টিৰ অসম-মেঘালয় সীমাৱৰ্তী জনজাতীয় বসতিপ্ৰধান গাঁও জয়পুৰত ১০ জুনৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত বিনামূলীয়া পশুচিকিৎসা শিৱিৰ আৰু সজাগতা সভাৰ ১১ জুনত সামৰণি পৰে।

উল্লেখ্য যে, ৰাণী খণ্ড পশু চিকিৎসালয়, কামৰূপ জিলা পশু চিকিৎসা বিষয়াৰ কাৰ্যালয় আৰু জৈৱিক উৎপাদন কেন্দ্ৰ, খানাপাৰাৰ যুটীয়া সঞ্চালকৰ যৌথ উদ্যোগত জয়পুৰ প্ৰাথমিক বিদ্যালয় চৌহদত আয়োজিত দুদিনীয়া শিৱিৰত বৃহত্তৰ অঞ্চলটোৰ পশুপালক, খেতিয়কসকল অংশ গ্ৰহণ কৰে।

এই শিৱিৰত ৰাণীৰ জ্যেষ্ঠ পশু চিকিৎসা বিষয়া ডাঃ নাৰায়ণ দেউৰীকে ধৰি পশু চিকিৎসক আৰু পশু ক্ষেত্ৰসহায়ক সকলে ৩৫০ টাৰো অধিক পশুধনক এল এছ ডি, ছোৱাইন ফিভাৰ, ৰাণীখেট, পি পি আৰ আদি ৰোগৰ প্ৰতিষেধক ছিটা প্ৰদানৰ লগতে ১৫০ টা পশুধনক চিকিৎসা প্ৰদান কৰা হয়।

শিৱিৰৰ লগত সংগতি ৰাখি ১১ জুনৰ বিয়লি অনুষ্ঠিত সামৰণি আৰু সজাগতা সভাখনত সভাপতিত্ব কৰে বিশিষ্ট সমাজসেৱক তথা ৰাণী আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি পৰমেশ্বৰ বৰ্মনে। সভাত মূখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই।  জয়পুৰৰ দৰে সীমান্তৱৰ্তী গাঁও এখনত বিনামূলীয়া পশু চিকিৎসা শিৱিৰৰ আয়োজন কৰাত উদ্যোক্তাসকলৰ প্ৰতি সন্তোষ প্ৰকাশ কৰে বিধায়কগৰাকীয়ে।

উক্ত শিৱিৰত সমল ব্যক্তি হিচাপে ৰাণীৰ খণ্ড পশু চিকিৎসালয়ৰ পৰিচালক ডাঃ প্ৰশান্ত কুমাৰ ৰাভা, চিকিৎসক ডাঃ ৰাজীৱ ৰয়চৌধুৰী, ডাঃ গগন দাস, ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া ৰ’জী বৰ্মন, অগপ দলৰ কেন্দ্ৰীয় সম্পাদক সুভাষ শৰ্মা, ৰাণী জিলা পৰিষদৰ প্ৰাক্তন সদস্য ৰবীন দৈমাৰী, জয়পুৰ গাঁৱৰ গাওঁবুঢ়া হেমন্ত কে মাৰাক আদি কৰি বহু সংখ্যক লোক উপস্থিত আছিল।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward