Wednesday, October 16, 2024
HomeNEWSৰাণী উন্নয়ন খণ্ড স্থানান্তৰৰ বিৰোধিতাঃ ৰাণীত মহিলাৰ প্ৰতিবাদী শোভাযাত্ৰা

ৰাণী উন্নয়ন খণ্ড স্থানান্তৰৰ বিৰোধিতাঃ ৰাণীত মহিলাৰ প্ৰতিবাদী শোভাযাত্ৰা

প্ৰকাশিত তাৰিখঃ ১৬ ছেপ্টেম্বৰ, ২০২৪

চানডুবি নিউজ ৰিপ’ৰ্ট –

অসমত বিধান সভা সমষ্টি সমূহৰ পুনঃনিৰ্ধাৰণ কৰাৰ পিছত ৰাজ্যখনৰ প্ৰশাসনিক ক্ষেত্ৰতখনতো ব্যাপকভাৱে ৰদ–বদল কৰিবলগীয়া হৈছে। ৰাজ্যখনত বহু সমষ্টি বিলুপ্তি কৰি কাষৰীয়া সমষ্টিত চামিল কৰা হৈছে। যাৰ ফলত সেই সমষ্টিটোৰ অসন্তুষ্ট ৰাইজ প্ৰতিবাদী কাৰ্যসূচী পৰ্যন্ত গ্ৰহন কৰিছিল।

সম্প্ৰতি চৰকাৰে ৰাজ্যখনত উন্নয়ন খণ্ড সমূহৰ পুনৰ গঠন প্ৰক্ৰিয়া চলাই আছে। ইয়াৰ ফলতো অসন্তুষ্ট ৰাইজ প্ৰতিবাদ মুখৰ হৈ পৰা দেখা গৈছে।

গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণী উন্নয়ন খণ্ড স্থানান্তৰ কৰাৰ যো–জা চলাই আছে। উল্লেখ্য যে, ১৯৫৮ চনত পশ্চিম গুৱাহাটী বিধান সভা সমষ্টিৰ আঠখন গাঁও পঞ্চায়ত সংলগ্ম কৰি ৰাণী উন্নয়ন খণ্ড গঠন কৰিছিল। কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত পশ্চিম গুৱাহাটী সমষ্টি বিলুপ্তি ঘটে। ইয়াৰ ফলত সমষ্টিটোৰ এটা অংশ জালুকবাৰী আৰু অইন এটা অংশ পলাশবাৰীত চামিলকৰণ কৰা হ’ল। ইয়াৰ লগে লগে ৰাণীৰ বৃহৎ অঞ্চল এটা পলাশবাৰী সমষ্টিৰ অন্তৰ্ভূক্ত হৈ পৰিল। ইপিনে– জালুকবাৰী সমষ্টিক সম্প্ৰসাৰণ কৰাৰ ফলত ৰাণী গাঁও পঞ্চায়ত এলেকাই হৈ পৰিল সমষ্টিটোৰ শেষ সীমা।

সমষ্টি পুনঃ নিৰ্ধাৰণৰ ফলত পশ্চিম গুৱাহাটীৰ ৰাণী উন্নয়ন খণ্ডৰ পাঁচখন পঞ্চায়ত ক্ৰমে– কাঁহিকুছি, আজাৰা, ধাৰাপুৰ, গড়ল, মাজিৰগাঁও জালুকবাৰী সমষ্টিৰ অন্তৰ্ভূক্ত হৈ পৰিল। সেয়ে ৰাণীৰ পৰা উক্ত গাঁও পঞ্চায়ত কেইখন প্ৰশাসনিকভাৱে কৰ্তনৰ যো–জা চলাই থকাৰ কথাও জানিবপৰা গৈছে। চৰকাৰে যদি পাঁচখন গাঁও পঞ্চায়ত কৰ্তন কৰে তেনেহ’লে ৰাণী উন্নয়ন খণ্ডত থাকিবগৈ তিনিখন গাঁও পঞ্চায়তহে। তেনেক্ষেত্ৰত ৰাণী উন্নয়ন খণ্ডক পুনৰ গঠন কৰিবলৈ আৰু পাঁচখন গাঁও পঞ্চায়তৰ প্ৰয়োজন হ’ব। কিন্তু চৰকাৰে ৰাণী উন্নয়ন খণ্ডক পুনৰ গঠনৰ পদক্ষেপ গ্ৰহণ নকৰি পলাশবাৰী সমষ্টিৰ ছয়ানী উন্নয়ন খণ্ডৰ সৈতে চামিল কৰি ‘ছয়ানী–ৰাণী উন্নয়ন খণ্ড’ ৰূপে নতুন নামাকৰণ কৰিব বিচাৰিছে।

বৰ্তমান চৰকাৰে চলাই থকা প্ৰশাসনীয় সাল–সলনি কাৰ্য বৃহত্তৰ ৰাণীৰ ৰাইজৰ স্বাৰ্থৰ বিপৰীতে যোৱা বুলি অনুভৱ কৰিছে। কিয়নো ৰাণী উন্নয়ন খণ্ড অসম–মেঘালয় সীমাঞ্চলত অৱস্থিত। ৰাণীৰ পৰা ২৫–৩০ কিলোমিটাৰ দূৰৈৰ বহুকেইখন পাহাৰীয়া জনজাতীয় গাঁও উন্নয়ন খণ্ডটোৰ অন্তৰ্ভুক্ত। অতি দূৰ্গম পাহাৰীয়া গাঁও সমূহত এইপৰ্যন্ত ৰাস্তা–ঘাতৰ ব্যৱস্থা গঢ়ি উঠা নাই। সেইলোক সকল নিজ গাঁৱৰপৰা ৰাণীলৈ খোজ কাঢ়ি অহাৰ বাদে অন্য উপায় নাই। য’ত খোজ কাঢ়ি আহিলেও মানুহখিনিৰ সময় লাগে ৩–৪ ঘণ্টা। গতিকে সেই মানুহখিনিয়ে ১৫–২০ কিলোমিটাৰ বাট পুনৰ অতিক্ৰম কৰিব লাগিব। সেয়ে অঞ্চলটোৰ বৃহত্তৰ স্বাৰ্থত ৰাণীৰ ৰাইজ ক্ষুণ্ণ হৈ পৰিছে। অকল ক্ষুণ্ণ হৈ পৰাই নহয় প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰিছে।

সেয়ে ৯ ছেপ্টেম্বৰৰ দুপৰীয়া বৃহত্তৰ ৰাণী অঞ্চলৰ কেইবাশ মহিলা স্বতঃস্ফূৰ্টভাৱে ওলাই আহিছিল আৰু ৰাণী বাহুপাৰা প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত সমবেত হৈছিল। সমবেত লোকসকলে সেই ঠাইৰপৰা এক দীঘলীয়া শোভাযাত্ৰা কৰি ৰাণী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত উপস্থিত হয়। দৰাচলতে এই প্ৰতিবাদী কাৰ্যসূচীৰ বাবে কোনো এটা সংগঠনে নিৰ্দিষ্টভাৱে নেতৃত্ব লোৱা নাছিল। স্বতস্ফূৰ্টভাৱে আত্ম–সহায়ক গোট, স্ব–ৰোজগাৰী মহিলা সমিতি আদিৰ সদস্য সকল ওলাই আহিছিল প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰিবলৈ। সকলোৰে এটাই দাবী– ৰাণী উন্নয়ন খণ্ড আগৰ ঠাইতে থাকিবলৈ দিয়ক। ৰাণী উন্নয়ন খণ্ডক কোনো কাৰণতে স্থানান্তৰ কৰিবলৈ দিয়া নহ’ব। প্ৰতিবাদী মহিলাসকলে বিভিন্ন শ্ল’গান দি ৰাণী উন্নয়ন খণ্ডৰ কাৰ্যালয় চৌহদ এক প্ৰকাৰ উত্তাল কৰি তোলে।

অৱশেষত ৰাণীৰ সম্পদ ৰাণীতে বাহাল ৰখাৰ দাবীত, প্ৰতিবাদী মহিলাসকলে ৰাণী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে– কামৰূপ জিলা আয়ুক্ত, পশ্চিম গুৱাহাটী আৰু পলাশবাৰী বিধান সভা সমষ্টিৰ বিধায়কলৈ সুকীয়া সুকীয়াভাৱে স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

ফটোঃ চানডুবি নিউজ
Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward