প্ৰকাশিত তাৰিখঃ ১২ ছেপ্টেম্বৰ, ২০২২
চানডুবি নিউজ ৰিপ’ৰ্ট–
দক্ষিণ কামৰূপৰ পলাশবাৰী ৰাজহ চক্ৰৰ আমৰাঙ্গা–বৰিহাট মিনি ষ্টেডিয়ামত ১১ ছেপ্টেম্বৰৰ আৰম্ভ হয় নাজিৰ আলী সোঁৱৰণি প্ৰাইজমানী ফুটবল প্ৰতিযোগিতা। আমৰাঙ্গা কলা মন্দিৰৰ উদ্যোগত আয়োজিত ফুটবল প্ৰতিযোগিতাখনৰ উদ্বোধনী খেলখনত বৰদুৱাৰ বাগান ফুটবল দল আৰু বকোৰ জামবাৰী ফুটবল দলে অংশ গ্ৰহণ কৰে। ইতিমধ্যে, প্ৰতিযোগিতাখনত বহু সংখ্যক ফুটবল দলে অংশ গ্ৰহণ কৰাৰ কথা আয়োজক সমিতিৰ পৰা জানিব পৰা গৈছে। প্ৰতিযোগিতাখনিৰ শুভ মুহুৰ্তৰ পতাকা উত্তোলন কৰে প্ৰাক্তন ফুটবলাৰ নীলু গোস্বামীয়ে।
উল্লেখযোগ্য যে, দাতা চিৰাজ আলীয়ে দেউতাক নাজিৰ আলীৰ নামত এই খেলখন উচৰ্গা কৰিছে। দাতা গৰাকীয়ে অঞ্চলটোৰ প্ৰতিভাৱান খেলুৱৈসকলক অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে এই ফুটবল প্ৰতিযোগিতাখন আৰম্ভ কৰা বুলি প্ৰকাশ কৰে। লগতে ফুটবল খেলখনৰ ধাৰাবাহিকতা অব্যাহত ৰাখিবলৈ সকলো প্ৰকাৰে চেষ্টা চলাই যাব বুলিও দাতা গৰাকীয়ে দোহাৰে।
ফটোঃ চানডুবি নিউজ
Pix: Chandubi News