Tuesday, March 31, 2026
HomeNEWSবৰিহাটত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ প্ৰতিষ্ঠা দিৱস উদযাপন

বৰিহাটত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ প্ৰতিষ্ঠা দিৱস উদযাপন

প্ৰকাশিত তাৰিখঃ ৩০ মাৰ্চ, ২০২৬

চানডুবি নিউজ ৰিপৰ্ট –

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি ২৯ মাৰ্চত বৰিহাটৰ শিকাৰহাটীত অৱস্থিত বেলি একাডেমীত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ আমৰাঙ্গা–বৰিহাট শাখাৰ উদ্যোগত উদযাপিত অনুষ্ঠানটোৰ আৰম্ভণিত পতাকা উত্তোলন কৰে সংগঠনটোৰ সভাপতি নকুল কলিতাই আৰু আঁত ধৰে সম্পাদিকা মামণি কলিতাই।

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণৰ পাছত কাব্যসিন্ধু ড° অমৰজ্যোতি চৌধুৰীৰ ‘মৃত্যু জিনাৰ গান, এটা গান শেষ হ’ল’ গীতি–কবিতাটোৰ সমূহীয়া আবৃত্তিৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

এই অনুষ্ঠানৰ পাছত শাখা সংগঠনটোৰ সভাপতি নকুল কলিতাৰ পৌৰোহিত্যত এখন সভা অনুষ্ঠিত হয়। এই সভাত ড০ ভূপেন হাজৰিকাৰ অমৰ সৃষ্টি গীত, কবিতা, নৃত্য আদি পৰিবেশন কৰে। লগতে বিশ্ববৰেণ্য শিল্পীগৰাকীৰ জীৱনপঞ্জী আৰু অৱদানৰ ওপৰত ভিন্নজনে চমু আলোকপাত কৰে।

সভাত উপস্থিত থাকি শাখা সংগঠনটোৰ উপদেষ্টা তথা অৱসৰী শিক্ষক উমেশ শৰ্মা, শিক্ষক ব্ৰজেন মালীয়ে গীত পৰিৱেশন কৰে।

প্ৰায় ডেৰকুৰি আবৃত্তিকাৰে ড° ভূপেন হাজৰিকাৰ বিহু গীতৰ তালে তালে সমূহীয়া নৃত্য পৰিৱেশন কৰে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward