চানডুবি নিউজ ৰিপ’ৰ্ট –
সদৌ অসম পৰ্যটক গাইড সন্থাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ১৮ জুন তাৰিখে উজান বজাৰ জাহাজঘাট অঞ্চলৰ ঐতিহাসিক চত্ৰকাৰ মন্দিৰত কামৰূপৰ জিলা গাইড সন্থাৰ এখনি বৈঠক অনুষ্ঠিত হয়। পৰ্যটনৰ ক্ষেত্ৰত পিছপৰি থকা ঠাই সমূহক ভ্ৰমণৰ উপযোগী কৰি তোলাৰ বাবে প্ৰসাৰ আৰু প্ৰচাৰ কৰাটোৱেই হৈছে সংস্থাটোৰ অন্যতম উদ্দেশ্য। সেই অনুসৰি আজি উজান বজাৰৰ স্থানীয় বাসিন্দা আৰু চত্ৰকাৰ মন্দিৰ সমিতিৰ সৈতে মন্দিৰৰ ঐতিহাসিক আৰু আনুষংগিক সম্পৰ্কীয় বিষয়ত আলোচনা কৰা হয়।
উল্লেখযোগ্য যে, ১৭৯৫ চনৰপৰা ১৮১০ খ্ৰীষ্টাব্দৰ ভিতৰত আহোম ৰজা কমলেশ্বৰ সিংহই চত্ৰকাৰ মন্দিৰ নিৰ্মাণ কৰিছিল। ধৰ্মৰ দৃষ্টিকোণৰ বাহিৰেও মন্দিৰটোৰ মহান প্ৰত্নতাত্ত্বিক মূল্য আছে। সেয়ে অসমলৈ অহা পৰ্যটক সকলৰ আগত মন্দিৰৰ গঠন, নিৰ্মাণত ব্যৱহৃত সামগ্ৰী আৰু ইয়াত জড়িত সাংস্কৃতিক দিশটোৰ প্ৰতি আলোকপাত কৰাৰ ব্যৱস্থা কৰিব লাগে।
আটাইতকৈ গুৰুত্ব পূৰ্ণ কথাটো হ’ল অসমত এতিয়াও পৰ্যটনৰ সম্ভাৱনাপূৰ্ণ অলেখ ক্ষেত্ৰ আছে। তেনেবোৰ ক্ষেত্ৰৰ সৈতে পৰ্যটক সকলক চিনাকী কৰি দিবলৈ পৰ্যটক গাইড সন্থাই চেষ্টা চলাই আহিছে।
অসমত সামূহিক পৰ্যটন বিকাশ কৰিব পাৰিলে জীৱিকাৰ সৃষ্টি হ’ব। অসমৰ প্ৰতিটো কোণত ক’বলগীয়া অলেখ কাহিনী আছে। অসমলৈ অহা প্ৰতিজন পৰ্যটকৰ যাত্ৰা অনন্য ৰূপত তুলি ধৰিবলৈ ট্যুৰিষ্ট গাইড এছ’চিয়েচন দৃঢ় প্ৰতিজ্ঞ বুলি সংস্থাটোৰ প্ৰচাৰ সম্পাদকদ্বয় কন্দৰ্প বড়ো আৰু উৎপল তামুলীয়ে জনাইছে।
ফটোঃ চানডুবি নিউজ
Pix: Chandubi News