Wednesday, October 23, 2024
HomeNEWSৰাণী ক’চিং চেণ্টাৰৰ প্ৰতিষ্ঠা দিৱস

ৰাণী ক’চিং চেণ্টাৰৰ প্ৰতিষ্ঠা দিৱস

প্ৰকাশিত তাৰিখঃ ২ জুলাই, ২০২৪

চানডুবি নিউজ ৰিপ’ৰ্ট –

গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী বৃহত্তৰ ৰাণী অঞ্চলটিৰ একমাত্ৰ ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰ ‘ৰাণী কোচিং চেণ্টাৰ’ৰ প্ৰতিষ্ঠা দিৱস ১জুলাইত অনুষ্টুপীয়াকৈ উদযাপন কৰে।প্ৰশিক্ষণ কেন্দ্ৰটোৰ সভাপতি গোবিন্দ বড়োৱে পুৱাৰ ভাগত পতাকা উত্তোলেনেৰে কাৰ্যসূচীৰ শুভাৰম্ভণ কৰে। সভাপতি বড়োৱে কয় যে, বৰ্তমান কেন্দ্ৰটোৱে ১৭ বৰ্ষত ভৰি দিছে। এই ১৭টা বৰ্ষত আমাৰ সতে যি সহায়–সহযোগ আগবঢ়ালে তাৰবাবে অঞ্চলবাসী ৰাইজৰ ওচৰত কৃতজ্ঞতা স্বীকাৰ কৰে। অনাগত দিনত অধিক দায়িত্বশীলতাৰে আগবাঢ়ি যাব লাগিব বুলিও তেওঁ প্ৰকাশ কৰে।

ৰাণী কোচিং চেণ্টাৰৰ অন্যতম শুভাকাংক্ষী আমজেদ আলীয়ে কয় যে– ২০০৭ চনত অসমত ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হৈছিল। সেইখন ৰাষ্ট্ৰীয় ক্ৰীড়ানুষ্ঠানত ৰাণী ক’চিং চেণ্টাৰৰ গুৰি ধৰোতা গোবিন্দ বড়োই ৰাষ্ট্ৰীয় তাৰকাৰ খীতাপ অৰ্জন কৰিছিল। অঞ্চলটোৰ কেইজনমান শুভাকাংক্ষীৰ সহযোগত ২০০৭ চনৰ ১ জুলাইত ৰাণী ক’চিং চেণ্টাৰ গঠন কৰা হৈছিল। আৰম্ভণি কালছোৱাত ফুট ব’ল প্ৰশিক্ষণ ল’বলৈ মাত্ৰ ৪গৰাকী ল’ৰা আগবাঢ়ি আহিছিল। সময়ৰ লগে লগে প্ৰশিক্ষণ কেন্দ্ৰটোত বহু সংখ্যক ছোৱালীও যোগাদান কৰিছিল। আজি গৌৰৱবোধ কৰিছো– আমাৰ এই কেন্দ্ৰটোৰ শিক্ষাৰ্থী সকলে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন স্তৰৰ ক্ৰীড়ানুষ্ঠানত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে।

আনহাতে, আজিৰ প্ৰতিষ্ঠা দিৱসত গৌতম চৌধুৰী, ভাস্কৰ কলিতাই কেন্দ্ৰটোৰ দীৰ্ঘায়ু কামনাৰে ভাষণ প্ৰদান কৰে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward