Monday, June 23, 2025
HomeNEWSচি আৰ পি  এফৰ১৭৫ বেটেলিয়ানৰ ২২সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

চি আৰ পি  এফৰ১৭৫ বেটেলিয়ানৰ ২২সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

প্ৰকাশিত তাৰিখঃ ২৩ জুন, ২০২৫

চানডুবি নিউজ ৰিপ’ৰ্ট –

গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীস্থিত মুখ্য কাৰ্যালয় চৌহদত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফৰ ১৭৫ বেটেলিয়ানৰ ২২ সংখ্যক প্ৰতিষ্ঠা দিৱস দিবা-নৈশ কাৰ্যসূচীৰে উদযাপন কৰা হয়।

২১ জুনত উদযাপন কৰা প্ৰতিষ্ঠা দিৱসৰ পুৱা বাহিনীটোৰ বীৰ ছহীদ জোৱান-বিষয়াসকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভণ কৰে কমাণ্ডডেণ্ট ৰাজীৱ কুমাৰ ঝাই। লগতে বাহিনীটোৰ ছেকেণ্ড-ইন-কমাণ্ড অমিত সিনহা আৰু মুকুণ্ড মোহন, সহকাৰী কমাডেণ্ট  জয় প্ৰকাশ, চিকিৎসা বিষয়া ডাঃ অজয় কুমাৰকে ধৰি বিভিন্ন পৰ্যায়ৰ বিষয়া, জোৱান সকলোৱে বীৰ শ্বহীদ সকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।

তাৰপাছত বাহিনীটোৰ মুখ্য কাৰ্যালয়ৰ সভাগৃহত সৈনিক সন্মিলনখন অনুষ্ঠিত হয়। সন্মিলনত সম্বোধন কৰে কমাণ্ডডেণ্ট ৰাজীৱ কুমাৰ ঝাই। তেওঁ চি আৰ পি এফ বাহিনী গঠনৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত বিশেষভাৱে আলোকপাত কৰি সকলোকে নিয়মানুবৰ্তিতা মানি চলিবলৈ আহবান জনায়।

সন্ধিয়া প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত চি আৰ পি এফ’ৰ গুৱাহাটী গ্ৰুপৰ মুখ্য কাৰ্যালয়ৰ উপ–মহাপৰিদৰ্শক অনিল কুমাৰ ধ্যানি আৰু তেওঁৰ সহধৰ্মীনি,  কমাণ্ডডেণ্ট ৰাজীব কুমাৰ ঝাকে ধৰি কেইবাজনো উচ্চ পদস্থ বিষয়া উপস্থিত থাকে।

আনহাতে সাংস্কৃতিক কাৰ্যসূচীত বাহিনীটোৰ কেইবাজনো বিষয়া-জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ সন্তানে দেশপ্ৰেম মূলক নৃত্য, গীত আৰু আলেখ্য পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward