Tuesday, November 25, 2025
HomeNEWSৰাণীত সাতদিনীয়া বাঁহ–বেতৰ প্ৰশিক্ষণ শিবিৰ

ৰাণীত সাতদিনীয়া বাঁহ–বেতৰ প্ৰশিক্ষণ শিবিৰ

প্ৰকাশিত তাৰিখঃ ২৪ নৱেম্বৰ, ২০২৫

চানডুবি নিউজ ৰিপ’ৰ্ট –

গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণী ৰূপকোৱৰ কলা পৰিষদৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত বাঁহ–বেতৰ এলানী প্ৰশিক্ষণ শিবিৰ অলপতে সফল সামৰণি পৰে। ছয়ানী–ৰাণী উন্নয়ন খণ্ড সামৰা ‘জৈৱ বৈচিত্ৰ সংৰক্ষণ সমিতিৰ সভাপতি অপূৰ্ব গোস্বামীৰ উদ্যোগত সপ্তাহযোৰা এই প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়।

উল্লেখ্য যে পলাশবাৰী বিধান সভা সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই এই প্ৰশিক্ষণ শিবিৰৰ শুভ উদ্বোধন কৰে।

প্ৰথম পৰ্য্যায়ত প্ৰায় ২০গৰাকী যুৱক-যুৱতী অংশ গ্ৰহণ কৰা প্ৰশিক্ষণ শিবিৰত বাঁহ–বেতত উন্নত পদ্ধতি প্ৰয়োগ কৰি বিভিন্ন সামগ্ৰী তৈয়াৰ কৰিব পৰা কৌশল সমূহ শিকোৱা হয়। উক্ত প্ৰশিক্ষণ শিবিৰত উত্তৰ-পূৱ বাঁহ আৰু বেত উন্নয়ন পৰিষদৰ সঞ্চালক বিজ্ঞানী ড° তিলক ভূঞা, নেডফিৰ পৰিচালক চন্দ্ৰ কান্ত দাস উপস্থিত থাকে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward