প্ৰকাশিত তাৰিখঃ ২ ডিচেম্বৰ, ২০২৪
চানডুবি নিউজ ৰিপ’ৰ্ট–
গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ অসম-মেঘালয় সীমাঞ্চলৰ ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ বিভিন্ন প্ৰান্তত প্ৰায় ৪২টা বছৰ কৰ্তব্য সম্পাদন কৰি কিছুদিন আগতে অৱসৰ গ্ৰহণ কৰিছে ৰাণীত ‘জাংগল মেন’ হিচাপে পৰিচিত বনৰক্ষী তাৰিণী চৰণ হালৈয়ে। উল্লেখ্য যে নলবাৰী জিলাৰ এক ভিতৰুৱা অঞ্চলৰ বাসিন্দা তাৰিণী চৰণ হালৈয়ে ঘৰৰ আৰ্থিক দূৰাৱস্থাৰ বাবে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ কামৰ সন্ধানত ৰাণীলৈ আহিছিল। হালৈয়ে ১৮ বছৰ বয়সতে ১৯৮২ চনত বন বিভাগৰ ৰাণী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত মাষ্টাৰৰোল শ্ৰমিক (কেজুৱেল বনকৰ্মী) হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। সেই সময়ত তেওঁৰ মাহিলী বেতন আছিল মাত্ৰ ২৪০ টকা। তাৰপাছত নিজৰ যোগ্যতা, দক্ষতা আৰু অভিজ্ঞতাৰ ভিত্তিত বিভাগৰ উৰ্দ্ধতন কৰ্তৃপক্ষই ১৯৯০ চনত হালৈক ৰাণীত থকা বন বিভাগৰ পৰিদৰ্শন বাংলোত চকীদাৰ হিচাপে নিযুক্তি দিয়ে।
পৰৱৰ্তী সময়ত বিভাগীয় নীতি-নিয়মৰ মাজেৰে ২০০৬ চনত হালৈয়ে বনৰক্ষীৰ পদলৈ পদন্নোতি লাভ কৰে। বিগত ১৮ টা বছৰ ৰাণী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অধীনৰ বিভিন্ন প্ৰান্তত সুখ্যাতিৰে নিজৰ দায়িত্ব পালন কৰে। অৱশেষত মেঘালয় সীমান্তৰ ৰাণীৰ শুকুৰবৰীয়া খণ্ড বন বিষয়া কাৰ্যালয়ৰ পৰা কিছুদিন পূৰ্বে অৱসৰ গ্ৰহণ কৰে।
এই উপলক্ষে ২৭ নৱেম্বৰত শুকুৰবৰীয়া খণ্ড বন বিষয়া কাৰ্যালয়ত এক বিদায়ী সভা আয়োজন কৰে। উক্ত বিদায় সভাত ৰাণীৰ আঞ্চলিক বন বিষয়া ৰ’জী বৰ্মন, শুকুৰবৰীয়াৰ খণ্ড বন বিষয়া দুলু মহন্ত, সজ্জনপাৰা খণ্ড বন বিষয়া কাৰ্যালয়ৰ খণ্ড বিষয়া সমীৰ আলীকে ধৰি সহকৰ্মী বনকৰ্মী সকলে শৰাই, গামোচা, জাপি, ছাঁতি, গ্ৰন্থৰ টোপোলা আদি প্ৰদান কৰে। আৱেগিকভাৱে বনকৰ্মী তাৰিণী চৰণ হালৈক সম্বৰ্দ্ধনা জনোৱাৰ লগতে সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱন কামনা কৰে।
আনহাতে সম্বৰ্দ্ধনা গ্ৰহণ কৰি তাৰিণী চৰণ হালৈয়ে কয় যে- ৰাণীৰ বিভিন্ন সংৰক্ষিত বনাঞ্চলৰ জয়পুৰ, বেলগুৰী, শুকুৰবৰীয়া, নালাপাৰা, বিক্রমপুৰ, গণপতি, মৈৰাপুৰ, গাৰোপাৰা আদি অঞ্চলৰ গাঁওৰ মানুহৰ মাজত থাকি কাম কৰি ভাল পাইছিল। অঞ্চলটোৰ ৰাইজৰ পৰা লাভ কৰা মৰম মৃত্যুপৰ্যন্ত স্মৰণীয় কৰি ৰাখিব। বিদায় সভাত ভালেকেইজন গাঁওবাসীও উপস্থিত আছিল।
ফটোঃ চানডুবি নিউজ
Pix: Chandubi News