প্ৰকাশিত তাৰিখঃ ১০ নৱেম্বৰ, ২০২৫
চানডুবি নিউজ ৰিপ’ৰ্ট –
গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীস্থিত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ১৭৫নং বেটেলিয়নত ‘বন্দে মাতৰম’ৰ ১৫০ টা বছৰ সম্পূৰ্ণ হোৱাৰ স্মৃতিত ৭ নৱেম্বৰত এক অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানটোত বাহিনীটোৰ বিষয়া-জোৱান, অসামৰিক চিকিৎসা কৰ্মী, ব্ল’ক, ৰাণী হাইস্কুলৰ শিক্ষক-কৰ্মচাৰী লগতে ছাত্ৰ–ছাত্ৰীসকলে একেলগে বন্দে মাতৰম গীতটি সামূহিকভাৱে পৰিৱেশন কৰি ঐতিহাসিক মুহূৰ্ত মনত পেলায়।
উল্লেখ্য যে, এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কমাণ্ডেণ্ট ৰাজীৱ কুমাৰ ঝাই কয়– ‘আমাৰ জাতীয় গীত ‘বন্দে মাতৰম’ৰ সৃষ্টিৰ ১৫০টা বছৰ সম্পূৰ্ণ হৈছে। সেয়ে ঐতিহাসিক মুহূৰ্ত উদযাপন কৰিবলৈ আমি একত্ৰিত হৈছো। বন্দে মাতৰম’ৰ বাৰ্তাক নিজৰ জীৱনত আকোৱালি লৈ দেশৰ ঐক্য আৰু অখণ্ডতাৰ বাবে কাম কৰিবলৈ আহ্বান জনায়। ই আমাৰ মাতৃ ভূমিৰ বাবে পূজাৰ মন্ত্ৰ। এই গীতটি আমাৰ দেশৰ স্বাধীনতা সংগ্ৰামৰ এক গুৰুত্বপূৰ্ণ অংগ আছিল আৰু আজিও আমাৰ হৃদয়ত দেশ প্ৰেমৰ মনোভাৱ জাগ্ৰত কৰে। এই গীতটিয়ে আমাৰ মাতৃ ভূমিৰ প্ৰতি থকা অদম্য প্ৰেম আৰু দেশ প্ৰেম আৰু ঐক্যৰ মনোভাৱৰ প্ৰতীক বুলি জনায়।’
এই অনুষ্ঠানত বাহিনীটোৰ দ্বিতীয়–কমাণ্ড–অফিচাৰ মুকুন্দ মোহন, ছেকেণ্ড–কমাণ্ড–অফিচাৰ অমিত সিনহা, ডেপুটি কমাণ্ডেণ্ট বিৰাট কুমাৰ সিং, জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ অজয় কুমাৰ আদি কৰি বিষয়া–জোৱান লগতে ছাত্ৰ–ছাত্ৰীসকল উপস্থিত থাকে।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ
