Thursday, March 12, 2026
HomeNEWSৰাণীৰ দীপক কলিতাৰ ধানৰ ভঁৰাল বন্যহস্তীয়ে তহিলং কৰিলে

ৰাণীৰ দীপক কলিতাৰ ধানৰ ভঁৰাল বন্যহস্তীয়ে তহিলং কৰিলে

প্ৰকাশিত তাৰিখঃ ১২ মাৰ্চ, ২০২৬

চানডুবি নিউজ ৰিপ’ৰ্ট –

গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী বৃহত্তৰ ৰাণী অঞ্চলৰ নাৰগাঁৱৰ খেতিয়ক, নাট্যকৰ্মী দীপক কলিতাৰ বাসগৃহত ১০ মাৰ্চৰ পুৱতি নিশা বন্যহস্তীৰ জাক প্ৰৱেশ কৰি ভঁৰালৰ ধান খাই তহিলং কৰে। বন্যহস্তীৰ এই তাণ্ডৱৰ ফলত আতংকিত হৈ পৰে কলিতাৰ পৰিয়াল লগতে ওচৰ-চুবুৰীয়া।

সেই নিশাই স্থানীয় ৰাণীস্থিত বনাঞ্চলিক কাৰ্যালয়ত ফোনযোগে বিষয়টো অৱগত কৰে। যদিও– বনাঞ্চলিক কাৰ্যালয়ৰ পৰা কোনো সহাৰি লাভ নকৰা বুলি দীপক কলিতা লগতে অঞ্চলটোৰ ৰাইজে অভিযোগ উত্থাপন কৰে।

উল্লেখ্য যে বৃহত্তৰ ৰাণী বন্যহস্তীৰ উপদ্ৰুত অঞ্চল। য’ত বছৰটোৰ অধিক সময় কৃষক ৰাইজে বন্যহস্তীৰ সৈতে যুঁজ দিৱলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়। তেনেক্ষেত্ৰত অঞ্চল সমুহ বন্যহস্তীৰ বিচৰণস্থলী হৈ পৰা বুলি জানিও বন বিভাগে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ নকৰাত অঞ্চলবাসী ৰাইজ একপ্ৰকাৰ ক্ষোভিত হৈ পৰে। তদুপৰি বন্যহস্তী খেদাৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা ফটকা, টৰ্চলাইট আদি সাঁ–সজুলি সমূহো অঞ্চলটোৰ কৃষক ৰাইজে লাভ নকৰা বুলি অভিযোগ উত্থাপন কৰে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward