প্ৰকাশিত তাৰিখঃ ৩১ মাৰ্চ, ২০২৬
চানডুবি নিউজ ৰিপৰ্ট –
পূৱ কামৰূপ বন সংমণ্ডলৰ ৰাণী বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত টাঙ্গনপাৰাত কালি অৰ্থাৎ ৩১ মাৰ্চৰ মাজ নিশা দুটা পৰিয়ালৰ ঘৰত বনৰীয়া হাতীয়ে তাণ্ডৱ চলায়। উল্লেখ্য যে নিশা ডেৰ বজাত চাৰিটা বনৰীয়া হাতী গাঁওখনৰ বিধৱা মহিলা মুকু ৰাভাই বাস কৰি থকা ঘৰটোৰ বেৰ ভাঙি লণ্ড–ভণ্ড কৰি দিয়ে। ঘটনাৰ নিশা মুকু ৰাভাই জীয়েকৰ ঘৰত আলহী খাবলৈ গৈছিল। কিন্তু সেই নিশাই হাতীয়ে ঘৰটোৰ দুখনকৈ ইটাৰ বেৰ ভাঙি ডুলিত থকা প্ৰায় ৫মোন ধান আৰু দহ কিলো চাউল খাই উদং কৰাৰ লগতে ঘৰত থকা অন্যান্য আচবাব সমূহো ভাঙি–ছিঙি বাহিৰলৈ দলিয়াই দিয়ে। ধান, চাউল খাই শেষ কৰাৰ পাছত বাৰীৰ কল, তামোল আদি শস্য পাতিৰো অনিষ্ট সাধন কৰে।
ইয়াৰ পাছত হাতীকেইটা গাঁওখনৰ মোহন ৰাভাৰ বাৰীৰ চৌহদত প্ৰৱেশ কৰি প্ৰথমে কল, তামোলৰ গছবোৰ খাই তহিলং কৰে। তাৰ পাছত পাকঘৰৰ ইটাৰ বেৰ এখন সম্পূৰ্ণৰূপে ভাঙি দি ৫০ কিলোৰ চাউলৰ বেগ এটা বাহিৰলৈ উলিয়াই আনি খোৱাৰ লগতে ইফালে–সিফালে ছটিয়াই দিয়ে।
গাঁওবাসীয়ে লগ লাগি হাতীকেইটা বনাঞ্চললৈ খেদি পঠিওৱাৰ চেষ্টা কৰে। কিন্তু হাতীকেইটাই ওলোটাই মানুহক আক্ৰমণ কৰিবলৈহে চেষ্টা চলাই। গাঁওবাসীৰ বহু চেষ্টাৰ বলত সেই নিশাই হাতীকেইটা বনাঞ্চললৈ খেদি পঠিয়াবলৈ সক্ষম হয়।
ইপিনে ২৭ মাৰ্চৰ নিশা গাঁওখনৰ কৰুণা কান্ত ৰাভাৰ চৌহদতো প্ৰৱেশ কৰিছিল বনৰীয়া হাতী। হাতীকেইটাই কৰুণাৰ ঘৰৰ বেৰ শুৰেৰে ঠেলি ভাঙিবলৈ চেষ্টা কৰিছিল। কিন্তু লগে লগে হাই–উৰুমি লগোৱাত হাতীৰ অধিক অনিষ্ট সাধনৰ পৰা হাত সাৰে পৰিয়ালটো।
উল্লেখনীয় যে, ৰাণী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত পুখুৰীপাৰ, খপেগাঁও, চেঁচা, টাঙ্গনপাৰা, ঠেঙ্গাপাৰা, চল্লি, গাৰোপাৰা, কুমাৰবৰী, জয়পুৰ, নালাপাৰা, উদয়পুৰ, বেলগুৰি, মাজপাৰা, পুৰাণশুকুৰবৰীয়া, মাণিকপুৰ, পাটহালধীয়া আদি গাঁৱত বনৰীয়া হাতীৰ দৈনিক বিচৰণত ৰাইজ একপ্ৰকাৰ শংকিত হৈ পৰিছে।
অতি গুৰুত্বপূৰ্ণ কথাটো হ’ল বৰ্তমান টাঙ্গনপাৰা গাঁওখনত এফালে চলি আছে বনৰীয়া হাতীৰ তাণ্ডৱ, আনফালে চলি আছে গৰু চোৰৰ উপদ্ৰৱ। এতিয়া গৰু চোৰৰ উপদ্ৰৱেও গাঁওবাসীৰ নিদ্ৰা হৰি নিছে। কিয়নো চলিত মাৰ্চ মাহৰ প্ৰথম সপ্তাহত গাঁওখনৰ কামিনী কান্ত ৰাভাৰ গোহালিৰ পৰা দুটাকৈ গৰু চোৰে উঠাই লৈ যায়। মাহটোৰ তৃতীয় সপ্তাহত মদন ৰাভাৰ গোহালিৰ পৰাও চোৰে এটি গৰু উঠাই লৈ যায়। আজিৰ পৰা চাৰি–মাহ আগতে গাঁওখনৰ ৰাজেন ৰাভা, জাহেশ্বৰ ৰাভা আৰু ৰঞ্জু ৰাভাৰ গোহালিৰ পৰাও চোৰে গৰু উঠাই লৈ গৈছিল।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ

