প্ৰকাশিত তাৰিখঃ ২০ মে’, ২০২৪
ফটোকেইখন বৰদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ। পশ্চিম কামৰূপ বন সংমণ্ডল আৰু লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বৰদুৱাৰ সংৰক্ষিত বনাঞ্চল। সংৰক্ষিত বনাঞ্চলখনত চলি থকা বনজ সম্পদ ধ্বংস কাৰ্য আজিৰ নহয়। আজি দুই–তিনি বছৰ ধৰি বন ধ্বংস কাৰ্য চলি আছে। অৱশ্যে, বন ধ্বংস নিয়ন্ত্ৰণৰ নামত বনাঞ্চলিক বিষয়াগৰাকীয়ে খৰিকটীয়াক ধৰি বান্ধি জেললৈ প্ৰেৰণ কৰা উদাহৰণ বহুকেইটা থকা বুলি অঞ্চলবাসীয়ে ব্যক্ত কৰে।
ফটোঃ চানডুবি নিউজ
Pix: Chandubi News