প্ৰকাশিত তাৰিখঃ ১৫ আগষ্ট, ২০১৬
চানডুবি নিউজ ব্যুৰ’–
অসমৰ বিধ্বংসী বানে ঘাত মাউৰা কৰিলে ১০ টাকৈ গঁড় পোৱালিক। সম্প্ৰতি এই পোৱালিকেইটাক CWRCত ৰখা হৈছে। গড় পোৱালিকেইটাক লালন–পালনেৰে নতুন জীৱন দিয়াৰ বাট মুকলি ৰাখিছে সকলোৰে বাবে। যদি কোনোবাই ইচ্ছা কৰে তেনেহ’লে নিজ সন্তানৰ দৰে তুলি লৈ লালন–পালনত আগভাগ ল’ব পাৰে। তুলি লোৱা পোৱালিকেইটাৰ বাবে সমস্ত খোৱা খৰচ বহন কৰিব লাগিব। তাৰ ফলত ইচ্ছা কৰিলেই গড় পোৱালিকেইটাক চাব পাৰিব।
ইচ্ছুক ব্যক্তিসকলৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই যোগাযোগৰ সকলো পথ খোলা ৰাখিছে বুলি সংবাদ মাধ্যমক সদৰি কৰিছে।
শিৰোনামৰ ছবিঃ গুগল ইমেজ
Photo Courtsey: Google Image